তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

ভাৰতৰ কাৰ্যপালিকা : ভাৰতীয় সংবিধান(৫-ক)

(কাৰ্যপালিকা ভাৰতীয় সংবিধানৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ। কাৰ্যপালিকা সন্দৰ্ভত ভাৰতীয় সংবিধানৰ পঞ্চম খণ্ড সাৰথিৰ পাঠকলৈ আগবঢ়ালো। বিশ্বৰ সৰ্ববৃহত গণতান্ত্ৰিক দেশ হিচাপে ভাৰতবৰ্ষৰ কাৰ্যপালিকাৰ ক্ষমতা আৰু কাৰ্যাৱলী সন্দৰ্ভত কিছু কথা জানো আহক।) 

পঞ্চম ভাগ

সংঘ বা কেন্দ্ৰ

প্ৰথম অধ্যায়

কাৰ্যপালিকা – ৰাষ্ট্রপতি আৰু উপ-ৰাষ্ট্রপতি 

অনুচ্ছেদ ৫২: ভাৰতৰ ৰাষ্ট্ৰপতি – 

ভাৰতৰ এজন ৰাষ্ট্রপতি থাকিব। 

অনুচ্ছেদ ৫৩: সংঘৰ কাৰ্যপালিকা ক্ষমতা- 

(১) সংঘৰ কাৰ্যপালিকা ক্ষমতা ৰাষ্ট্ৰপতিৰ ওপৰত ন্যস্ত হ’ব আৰু এই সংবিধান অনুসাৰে তেওঁৰ দ্বাৰা পােনপটীয়াকৈ বা তেওঁৰ অধীনস্থ পদাধিকাৰীসকলৰ জৰিয়তে এই ক্ষমতা প্রয়ােগ হ’ব। 

(২) পূর্বৱর্তী উপবন্ধৰ ব্যাপকতাৰ ওপৰত কোনাে প্রতিকূল প্রভাৱ নপৰাকৈ সংঘৰ প্ৰতিৰক্ষা বাহিনীৰ সর্বোচ্চ সমাদেশ ৰাষ্ট্ৰপতিৰ ওপৰত ন্যস্ত হ’ব আৰু তাৰ প্ৰয়ােগ বিধিৰ দ্বাৰাই বিনিয়মিত হ’ব। 

(৩) এই অনুচ্ছেদত থকা কোনাে কথাই – 

(ক) কোনাে বর্তমান বিধিৰ দ্বাৰা কোনাে ৰাজ্যৰ চৰকাৰৰ ওপৰত বা আন প্ৰাধিকাৰীৰ ওপৰত অর্পিত কৰা কোনাে কাৰ্যাৱলী ৰাষ্ট্রপতিলৈ হস্তান্তৰিত কৰিছে বুলি গণ্য কৰা নহ’ব; অথবা 

(খ) ৰাষ্ট্ৰপতিৰ বাহিৰে আন প্ৰাধিকাৰীৰ ওপৰত বিধিৰ দ্বাৰা কাৰ্যাৱলী অর্পণ কৰাৰ পৰা সংসদ নিবাৰণ কৰিব নােৱাৰিব। 

অনুচ্ছেদ ৫৪: ৰাষ্ট্ৰপতিৰ নিৰ্বাচন- 

ৰাষ্ট্রপতি – 

(ক) সংসদৰ উভয় সদনৰ নির্বাচিত সদস্যসকল, আৰু

(খ) ৰাজ্যসমূহৰ বিধান সভাৰ নির্বাচিত সদস্যসকলক লৈ গঠিত এক নির্বাচক গণৰ ( ইলেক্টৰেল কলেজৰ) সদস্য সকলৰ দ্বাৰা নির্বাচিত হ’ব । 

[স্পষ্টীকৰণ- এই অনুচ্ছেদ (ক) আৰু অনুচ্ছেদ ৫৫ ত, ‘ৰাজ্য’ই দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰ আৰু পণ্ডিচেৰী সংঘ ৰাজ্যক্ষেত্র অন্তর্ভুক্ত কৰে।] 

অনুচ্ছেদ ৫৫: ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি-

(১) যিমানদূৰ সম্ভৱ হয়, ৰাষ্ট্রপতিৰ নির্বাচনত বিভিন্ন ৰাজ্যৰ প্রতিনিধিত্বৰ নিৰিখৰ সমতা থাকিব। 

(২) ৰাজ্যবােৰৰ পৰস্পৰৰ মাজত এনে সমতা আৰু সমূহ ৰাজ্যৰ আৰু সংঘৰ মাজত সমতুল্যতা লাভ কৰাৰ প্ৰয়ােজনৰ নিমিত্তে এনে নির্বাচনত সংসদৰ আৰু প্রত্যেক ৰাজ্যৰ বিধান সভাৰ প্ৰতিজন নির্বাচিত সদস্যই দিয়াৰ অধিকাৰী হােৱা ভােটৰ সংখ্যা তলত দিয়া প্ৰকাৰে নিৰ্ধাৰিত হ’ব –

(ক) এখন ৰাজ্যৰ জনসংখ্যাক তাৰ বিধান সভাৰ নির্বাচিত সদস্য সকলৰ মুঠ সংখ্যাৰ দ্বাৰা ভাগ কৰি পােৱা ভাগফলত এক হাজাৰৰ যিমান গুণিতক থাকে, সেই ৰাজ্যৰ বিধান সভাৰ প্রত্যেক নির্বাচিত সদসই সিমান সংখ্যক ভােট পাব; 

(খ) উক্ত এক হাজাৰৰ গুণিতক লােৱাৰ পিচত যদি ভাগশেষ পাঁচশতকৈ কম নহয় তেন্তে (ক) উপখণ্ডত উল্লিখিত প্রত্যেক সদস্যৰ ভােট আৰু এটা বাঢ়িব; 

(গ) উপখণ্ড (ক) আৰু (খ) ৰ অধীনত ৰাজ্যবােৰৰ বিধান সভাৰ সদস্যসকলৰ বাবে নিয়ত কৰা মুঠ ভােট সংখ্যাক সংসদৰ উভয় সদনৰ নির্বাচিত সদস্য সকলৰ মুঠ সংখ্যাৰে ভাগ কৰিলে যি ভাগফল পােৱা যাব, সংসদৰ যিকোনােটো সদনৰ প্ৰতিজন নির্বাচিত সদস্যয়াে সিমান সংখ্যক ভােট পাব, 

এক দ্বিতীয়াংশৰ অধিক হােৱা ভগ্নাংশবােৰ এক বুলি গণনা কৰিব লাগিব আৰু আনবােৰ ভগ্নাংশ উপেক্ষিত হ’ব। 

(৩) ৰাষ্ট্রপতি নির্বাচন আনুপাতিক প্রতিনিধিত্ব পদ্ধতি অনুসাৰে একল সংক্রমণীয় ভােটৰ দ্বাৰা হ’ব আৰু এনে নির্বাচনত ভােটদান গােপন বেলটৰ দ্বাৰা হ’ব। 

[স্পষ্টীকৰণ-এই অনুচ্ছেদত ‘জনসংখ্যা’ পদে এনে অন্তিম পূর্বৱর্তী জনগণনাত অভিনিশ্চিত জনসংখ্যাক বুজাব যাৰ প্রাসঙ্গিক সংখ্যাসমূহ প্রকাশিত হৈছে :

পৰন্তু, এই স্পষ্টীকৰণত প্রাসঙ্গিক সংখ্যাসমূহ প্রকাশিত হােৱা অন্তিম পূর্বৱর্তী জনগণনাৰ প্ৰতি থকা নির্দেশে, ২০০০ চনৰ পিচত অনুষ্ঠিত প্রথম জনগণনাৰ প্রাসঙ্গিক সংখ্যা সমূহ প্রকাশিত নােহোৱা পর্যন্ত, ১৯৭১ চনৰ জনগণনাৰ প্ৰতি কৰা নির্দেশ বুলি অর্থ কৰা হ’ব।]

অনুচ্ছেদ ৫৬: ৰাষ্ট্ৰপতিৰ পদাৱধি- 

(১) ৰাষ্ট্রপতিয়ে তেওঁৰ পদ গ্রহণ কৰা তাৰিখৰ পৰা পাঁচ বছৰ কাল পদ ধাৰণ কৰিব। 

পৰন্তু, 

(ক) ৰাষ্ট্ৰপতিয়ে স্বহস্ত লিখনীৰ দ্বাৰা উপৰাষ্ট্রপতিক সম্বােধন কৰি তেওঁৰ পদ ত্যাগ কৰিব পাৰে; 

(খ) সংবিধান অতিক্ৰমণৰ কাৰণত অনুচ্ছেদ ৬১ ত উপবন্ধিত ৰীতিৰে মহাভিযােগৰ দ্বাৰা ৰাষ্ট্রপতিক পদৰ পৰা অপসাৰিত কৰিব পৰা যাব; 

(গ) ৰাষ্ট্রপতিয়ে পদকালৰ অৱসান হােৱা সত্ত্বেও তেওঁৰ উত্তৰাধিকাৰীয়ে পদ গ্রহণ নকৰা পৰ্য্যন্ত পদ ধাৰণ কৰিয়েই থাকিব। 

(২) খণ্ড (১)ৰ পৰন্তুকৰ খণ্ড (ক)ৰ অধীনত উপৰাষ্ট্রপতিক সম্বােধিত কোনাে পদত্যাগৰ কথা তেওঁ লােক সভাৰ অধ্যক্ষক অবিলম্বে জ্ঞাত কৰিব। 

অনুচ্ছেদ ৫৭- পুনৰ নিৰ্বাচনৰ বাবে পাত্ৰতা- 

ৰাষ্ট্ৰপতি ৰূপে পদ ধাৰণ কৰি থকা বা আগতে ধাৰণ কৰা, কোনাে ব্যক্তি এই সংবিধানৰ অন্যান্য উপবন্ধাৱলীৰ সাপেক্ষে সেই পদৰ কাৰণে পুনৰ নিৰ্বাচনৰ বাবে পাত্র হ’ব। 

অনুচ্ছেদ ৫৮ : ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচনৰ বাবে অৰ্হতাসমূহ-

(১) কোনাে ব্যক্তি ৰাষ্ট্ৰপতিৰূপে নির্বাচনৰ পাত্র নহ’ব, যদিহে তেওঁ –

(ক) ভাৰতৰ নাগৰিক নহয়, 

(খ) পঁয়ত্রিশ বছৰ বয়স পূর্ণ হােৱা নাই, আৰু 

(গ) লােক সভাৰ সদস্য ৰূপে নির্বাচনৰ কাৰণে অৰ্হতা সম্পন্ন নহয়। 

(২) ভাৰত চৰকাৰৰ বা কোনাে ৰাজ্য চৰকাৰৰ অধীনত অথবা উক্ত তেনে চৰকাৰ সমূহৰ কোনােটোৰ নিয়ন্ত্রণাধীন কোনাে স্থানীয় বা অন্যান্য প্রাধিকাৰীৰ অধীনত লাভৰ পদ ধাৰণ কৰি থকা কোনাে ব্যক্তি ৰাষ্ট্রপতি ৰূপে নির্বাচনৰ কাৰণে পাত্র নহ’ব। 

[স্পষ্টীকৰণ- এই অনুচ্ছেদৰ প্ৰয়ােজনৰ বাবে কোনাে ব্যক্তি কেৱল সংঘৰ ৰাষ্ট্রপতি বা উপ-ৰাষ্ট্রপতি কিম্বা কোনাে ৰাজ্যৰ ৰাজ্যপাল অথবা সংঘৰ বা কোনাে ৰাজ্যৰ মন্ত্রী হােৱাৰ হেতুকেই তেওঁ কোনাে লাভৰ পদ ধাৰণ কৰিছে বুলি গণ্য কৰা নহ’ব।]

অনুচ্ছেদ ৫৯: ৰাষ্ট্ৰপতি পদৰ চৰ্তসমূহ- 

(১) ৰাষ্ট্রপতি সংসদৰ কোনােটো সদনৰ কিম্বা কোনাে ৰাজ্যৰ বিধান মণ্ডলৰ কোনােটো সদনৰ সদস্য হ’ব নােৱাৰিব আৰু সংসদৰ কোনােটো সদনৰ কিম্বা কোনাে ৰাজ্য বিধান মণ্ডলৰ কোনােটো সদনৰ সদস্য যদি ৰাষ্ট্রপতি নির্বাচিত হয়, তেন্তে যি তাৰিখত তেওঁ ৰাষ্ট্রপতি ৰূপে নিজ পদ গ্রহণ কৰে সেই তাৰিখৰ পৰা সেই সদনত তেওঁৰ আসন ৰিক্ত কৰি দিছে বুলি গণ্য কৰা হ’ব। 

(২) ৰাষ্ট্ৰপতিয়ে আন কোনাে লাভৰ পদ ধাৰণ নকৰিব। 

(৩) ৰাষ্ট্রপতি ভাৰা নিদিয়াকৈ তেওঁৰ পদাবাস সমূহ ব্যৱহাৰ কৰাৰ আধিকাৰী হ’ব আৰু সংসদে বিধিৰ দ্বাৰা যথা নির্ধাৰিত কৰা উপলব্ধি, ভাত্তা আৰু বিশেষাধিকাৰ পোৱাৰো অধিকাৰী হ’ব আৰু সেই নিমিত্তে তেনেদৰে উপবন্ধ প্রস্তুত নকৰা পর্যন্ত দ্বিতীয় অনুসূচীত যথা বিনির্দিষ্ট উপলব্ধি, ভাত্তা আৰু বিশেষাধিকাৰৰ অধিকাৰী হ’ব। 

(৪) ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ ভিতৰত তেওঁৰ উপলব্ধি আৰু ভাত্তা হ্রাস নহ’ব। 

অনুচ্ছেদ ৬০- প্রত্যেক ৰাষ্ট্রপতিয়ে আৰু ৰাষ্ট্রপতি হিচাপে কাৰ্যকাৰী কিম্বা ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ নির্বহনকাৰী প্রত্যেক ব্যক্তিয়ে নিজ পদাৰােহণ কৰাৰ পূর্বে ভাৰতৰ মুখ্য ন্যায়াধীশ, অথবা তেওঁৰ অনুপস্থিতিত উচ্চতম ন্যায়ালয়ৰ সেইসময়ত থকা জ্যেষ্ঠতম ন্যায়াধীশ জনৰ উপস্থিতিত তলত দিয়া প্ৰ-পত্ৰত শপত ল’ব বা প্রতিজ্ঞান কৰিব আৰু তাত নিজৰ নাম চহী কৰিব, অর্থাৎ-

“মই অমুকে, (ঈশ্বৰৰ নামত শপত লওঁ)/ (নিষ্ঠা সহকাৰে প্রতিজ্ঞান কৰাে) যে মই শ্রদ্ধাপূর্বক ভাৰতৰ ৰাষ্ট্রপতি পদৰ কাৰ্য পালন ( বা ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ নির্বহন) কৰিম আৰু মােৰ পূর্ণ সামর্থ্যৰে সংবিধান আৰু বিধিৰ পৰিৰক্ষণ, সংৰক্ষণ আৰু প্ৰতিৰক্ষণ কৰিম আৰু ভাৰতৰ লােকসাধাৰণৰ সেৱা আৰু কল্যাণৰ অৰ্থে আত্মনিয়ােগ কৰিম।”

অনুচ্ছেদ ৬১: ৰাষ্ট্ৰপতিৰ ওপৰত মহাঅভিযোগ অনাৰ প্ৰক্ৰিয়া-

(১) সংবিধান অতিক্ৰমণ কৰাৰ কাৰণে যেতিয়া ৰাষ্ট্ৰপতিৰ ওপৰত মহাভিযােগ কৰিবলগীয়া হয়, তেতিয়া সংসদৰ যিকোনােটো সদনত সেই অভিযােগ কৰিব পাৰিব। 

(২) যদিহে-

(ক) সদনৰ মুঠ সদস্য সংখ্যাৰ নুন্যতম এক চতুর্থাংশই চহী কৰি অন্ততঃ চৈধ্য দিনৰ পূর্বে সংকল্প উপস্থাপন কৰাৰ অভিপ্রায় জনাই দিয়া লিখিত সূচনাৰ পিচত উপস্থাপিত কোনাে সংকল্পত এনে দোষাৰােপ কৰাৰ প্রস্তাৱ সন্নিবিষ্ট নাথাকে, আৰু 

(খ) সদনৰ মুঠ সদস্য সংখ্যাৰ নুন্যতম দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা তেনে সংকল্প পাৰিত নহয়, 

তেনেহ’লে এনে কোনাে দোষাৰােপণ কৰিব নােৱাৰিব।

(৩) যেতিয়া সংসদৰ যিকোনোটো সদনে এনে ধৰণে দোষাৰােপণ কৰে তেতিয়া আনটো সদনে দোষাৰোপটো অনুসন্ধান কৰিব কিম্বা কৰােৱাৰ আৰু এনে অনুসন্ধানত উপস্থিত থকাৰ বাবে আৰু প্ৰতিনিধিত্ব কৰােৱাৰ বাবে ৰাষ্ট্ৰপতিৰ অধিকাৰ থাকিব। 

(৪) যদি অনুসন্ধানৰ ফলস্বৰূপে দোষাৰােপণৰ অনুসন্ধান কৰা বা কৰােৱা সদনটোৰ মুঠ সদস্য সংখ্যাৰ নুন্যতম দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে হােৱা দোষাৰােপণ প্রমাণিত হ’ল বুলি ঘােষণা কৰি সংকল্প পাৰিত হয়, তেন্তে এনে সংকল্পৰ ফলত যি তাৰিখে সংকল্পটো এনেদৰে পাৰিত হয় সেই তাৰিখৰ পৰা ৰাষ্ট্রপতি তেওঁৰ পদৰ পৰা অপসাৰিত হ’ব। 

অনুচ্ছেদ ৬২: ৰাষ্ট্ৰপতি পদৰ ৰিক্ততা পূৰণ কৰিবলৈ  নিৰ্বাচন পতাৰ সময় আৰু আকস্মিক ৰিক্ততা পূৰ্ণ কৰিবৰ কাৰণে নিৰ্বাচিত ব্যক্তিৰ কাৰ্য-কলাপ-

(১) ৰাষ্ট্ৰপতিৰ পদকাল অৱসানৰ হেতুকে হােৱা ৰিক্ততা পূর্ণ কৰিবলৈ এনে অৱসানৰ পূর্বে নির্বাচন সমাপ্ত কৰিব লাগিব। 

(২) মৃত্যু, পদত্যাগ বা পদৰ পৰা অপসাৰণ বা আন প্ৰকাৰে হােৱা ৰাষ্ট্রপতি পদৰ ৰিক্ততা পূর্ণ কৰিবৰ কাৰণে ৰিক্ত হােবা তাৰিখৰ পিচত যথা সম্ভৱ শীঘ্ৰে আৰু সেই তাৰিখৰ পৰা কোনাে প্রকাৰে ছমাহৰ পিচলৈ নােযােৱাকৈ নির্বাচন পাতিব লাগিব; আৰু ৰিক্ততা পূর্ণ কৰিবলৈ নির্বাচিত ব্যক্তিজন অনুচ্ছেদ ৫৬ ৰ উপৱন্ধাৱলীৰ সাপেক্ষে, নিজ পদ গ্ৰহণ কৰা তাৰিখৰ পৰা পাঁচ বছৰৰ পূৰ্ণ কালৰ বাবে পদ ধাৰণ কৰাৰ অধিকাৰী  হ’ব। 

অনুচ্ছেদ ৬৩: ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ভাৰতৰ এজন উপ-ৰাষ্ট্রপতি থাকিব। 

অনুচ্ছেদ ৬৪: উপ-ৰাষ্ট্ৰপতি ৰাজ্যসভাৰ পদত সভাপতি হ’ব-  

উপ-ৰাষ্ট্রপতি ৰাজ্য সভাৰ পদত সভাপতি হ’ব আৰু তেওঁ অন্য কোনাে লাভৰ পদ ধাৰণ নকৰিব। 

পৰন্তু, যি কালছােৱাত উপ-ৰাষ্ট্রপতিয়ে অনুচ্ছেদ ৬৫ ৰ অধীনত ৰাষ্ট্রপতি স্বৰূপে কাৰ্য কৰে কিম্বা ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ নির্বহন কৰে, সেই কালছােৱাত তেওঁ ৰাজ্য সভাৰ সভাপতি পদৰ কর্তব্য সমূহ সম্পন্ন নকৰিব আৰু অনুচ্ছেদ ১৭ৰ অধীনত ৰাজ্য সভাৰ সভাপতিৰ প্রাপ্য কোনাে বেতন বা ভাত্তা পোৱাৰ অধিকাৰী নহ’ব। 

অনুচ্ছেদ ৬৫: ৰাষ্ট্ৰপতি পদৰ আকস্মিক ৰিক্ততাত কিম্বা তেওঁৰ অনুপস্থিতিত উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ৰূপে কাৰ্য চলোৱা কিম্বা তেওঁৰ কাৰ্যভাৰ নিৰ্বহন কৰা- 

(১) মৃত্যু, পদত্যাগ বা পদৰ পৰা অপসাৰণ বা আন প্ৰকাৰে ৰাষ্ট্রপতি পদ ৰিক্ত হ’লে, ৰিক্ততা পূর্ণ কৰিবলৈ এই অধ্যায়ৰ উপবন্ধ সমূহৰ অনুসাৰে নির্বাচিত হােৱা বা নতুন ৰাষ্ট্রপতিয়ে নিজ পদ গ্ৰহণ কৰা তাৰিখ পর্যন্ত উপ-ৰাষ্ট্রপতিয়ে ৰাষ্ট্ৰপতিৰূপে কাৰ্য চলাব। 

(২) অনুপস্থিতি, অসুস্থতা বা আন কোনাে কাৰণত যেতিয়া ৰাষ্ট্ৰপতিয়ে তেওঁৰ কাৰ্যাৱলী নির্বহন কৰিবলৈ অসমর্থ হয় তেতিয়া তেওঁ কৰ্তব্যৰ পুনৰ গ্ৰহণ কৰাৰ তাৰিখ পর্যন্ত, উপ-ৰাষ্ট্রপতিয়ে ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ নির্বহন কৰিব। 

(৩) ৰাষ্ট্ৰপতিৰূপে কাৰ্য চলােৱা কিম্বা ৰাষ্ট্রপতিৰ কাৰ্যভাৰ নির্বহন কৰা কালছােৱাত আৰু সেই কালছােৱাৰ সম্বন্ধত উপ-ৰাষ্ট্রপতিয়ে ৰাষ্ট্ৰপতিৰ সকলাে ক্ষমতা আৰু উন্মুক্তি পাব আৰু সংসদে বিধিৰ দ্বাৰা নিৰ্ধাৰিত কৰা উপলব্ধি, ভাত্তা আৰু বিশেষাধিকাৰ, আৰু সেই বিষয়ে এনে ধৰণে উপবন্ধ নকৰা পর্যন্ত দ্বিতীয় অনুসূচীত বিনির্দিষ্ট উপলব্ধি, ভাত্তা আৰু বিশেষাধিকাৰ পােৱাৰ অধিকাৰী হ’ব।

অনুচ্ছেদ ৬৬: উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন- 

(১) সংসদৰ উভয় সদনৰ সদস্য সকলেৰে গঠিত নির্বাচক-গণৰ সদস্য সকলে আনুপাতিক প্রতিনিধিত্ব পদ্ধতি অনুসাৰে একল সংক্রমণীয় ভােটৰ দ্বাৰা উপ-ৰাষ্ট্রপতি নির্বাচিত কৰিব আৰু এনে নির্বাচনত ভােটদান গােপন বেলটৰ দ্বাৰা হ’ব। 

(২) উপ-ৰাষ্ট্রপতি সংসদৰ কোনাে সদনৰ কিম্বা কোনাে ৰাজ্যৰ বিধান মণ্ডলৰ কোনাে সদনৰ সদস্য হ’ব নােৱাৰিব আৰু যদি সংসদৰ কোনােটো সদনৰ কিম্বা কোনাে ৰাজ্যৰ বিধান মণ্ডলৰ কোনাে সদনৰ সদস্য উপ-ৰাষ্ট্রপতি নির্বাচিত হয়, তেনেহলে যি তাৰিখত তেওঁ উপ-ৰাষ্ট্রপতি ৰূপে নিজ পদ গ্রহণ কৰে সেই তাৰিখৰ পৰা সেই সদনত তেওঁৰ আসন ৰিক্ত কৰি দিছে বুলি গণ্য হ’ব। 

(৩) কোনাে ব্যক্তি উপ-ৰাষ্ট্রপতি ৰূপে নির্বাচনৰ পাত্ৰ নহ’ব যদিহে তেওঁ– 

(ক) ভাৰতৰ নাগৰিক নহয় ; 

(খ) পয়ত্রিশ বছৰ বয়স পূর্ণ হােৱা নাই; আৰু

(গ) ৰাজ্য সভাৰ সদস্য ৰূপে নির্বাচনৰ কাৰণে অৰ্হতা সম্পন্ন নহয়।

(৪) ভাৰত চৰকাৰ বা কোনাে ৰাজ্য চৰকাৰৰ অধীনত অথবা উক্ত চৰকাৰ বিলাকৰ কোনােটোৰ নিয়ন্ত্রণাধীন কোনাে স্থানীয় বা অন্যান্য প্রাধিকাৰীৰ অধীনত লাভৰ পদ ধাৰণ কৰি থকা কোনাে ব্যক্তি উপ-ৰাষ্ট্রপতি ৰূপে নির্বাচনৰ কাৰণে পাত্র নহ’ব।       

স্পষ্টীকৰণ- এই অনুচ্ছেদৰ প্রয়ােজনৰ বাবে কোনাে ব্যক্তি কেৱল সংঘৰ ৰাষ্ট্ৰপতি বা উপ-ৰাষ্ট্রপতি কিম্বা কোনাে ৰাজ্যৰ ৰাজ্যপাল অথবা সংঘৰ বা কোনাে ৰাজ্যৰ মন্ত্রী হােৱাৰ হেতুকেই তেওঁ কোনাে লাভৰ পদ ধাৰণ কৰিছে বুলি গণ্য কৰা নহ’ব। 

অনুচ্ছেদ৬৭: উপ-ৰাষ্ট্ৰপতিৰ পদাৱধি-

উপ-ৰাষ্ট্রপতিয়ে তেওঁৰ পদ গ্ৰহণ কৰা তাৰিখৰ পৰা পাঁচ বছৰ কাল পদ ধাৰণ কৰিব:

 পৰন্তু,-

(ক) ৰাষ্ট্রপতিলৈ সম্বােধিত স্বহস্ত লিখনৰ দ্বাৰা উপৰাষ্ট্রপতিয়ে তেওঁৰ পদ ত্যাগ কৰিব পাৰে;

(খ) ৰাজ্য সভাৰ তৎকালীন সমূহ সদস্যৰ অধিকাংশৰ দ্বাৰা পাৰিত আৰু লােক সভাৰ দ্বাৰা স্বীকৃত এটি সংকল্পৰ দ্বাৰাই উপ-ৰাষ্ট্রপতিক তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব পৰা যাব; কিন্তু সেই সংকল্প উপস্থাপিত কৰাৰ অভিপ্রায় জনাই অন্ততঃ চৈধ্য দিন পূর্বে সূচনা নিদিলে এই খণ্ডৰ প্ৰয়ােজনৰ বাবে কোনাে সংকল্প উপস্থাপিত কৰিব নােৱাৰিব।

(গ) উপ-ৰাষ্ট্রপতিয়ে পদকালৰ অৱসান হােৱা সত্ত্বেও তেওঁৰ উত্তৰাধিকাৰীজনে তেওঁৰ পদ গ্রহণ নকৰা পর্যন্ত পদ ধাৰণ কৰিয়েই থাকিব।

অনুচ্ছেদ ৬৮: উপৰাষ্ট্ৰপতি পদৰ ৰিক্ততা পূৰ্ণ কৰিবলৈ নিৰ্বাচন পতাৰ সময় আৰু আকস্মিক ৰিক্ততা পূৰ্ণ কৰিবলৈ নিৰ্বাচিত ব্যক্তিৰ পদাৱধি-  

(১) উপ-ৰাষ্ট্ৰপতিৰ পদকাল অৱসানৰ হেতুকে হােৱা ৰিক্ততা পূর্ণ কৰিবলৈ এনে অৱসানৰ পূর্বে নির্বাচন সমাপ্ত কৰিব লাগিব। 

(২) মৃত্যু, পদত্যাগ বা পদৰ পৰা অপসাৰণ বা আন প্ৰকাৰে হােৱা উপ-ৰাষ্ট্রপতি পদৰ ৰিক্ততা পূর্ণ কৰিবৰ কাৰণে ৰিক্ত হােৱাৰ পিচত যথাসম্ভৱ শীঘ্ৰে নির্বাচন পাতিব লাগিব আৰু ৰিক্ততা পূর্ণ কৰিবলৈ নির্বাচিত ব্যক্তিজন অনুচ্ছেদ ৬৭ ৰ উপবন্ধাৱলীৰ সাপেক্ষে নিজ পদ গ্ৰহণ কৰা তাৰিখৰ পৰা পাচঁ বছৰৰ পূর্ণ কালৰ নিমিত্তে পদ ধাৰণ কৰিবলৈ হকদাৰ হ’ব। 

অনুচ্ছেদ ৬৯: উপ-ৰাষ্ট্ৰপতিৰ দ্বাৰা শপত গ্ৰহণ বা প্ৰতিজ্ঞান– 

প্রত্যেক উপ-ৰাষ্ট্ৰপতিয়ে নিজ পদ গ্ৰহণ কৰাৰ পূর্বে ৰাষ্ট্রপতি বা সেই মর্মে তেওঁৰ দ্বাৰা নিযুক্ত আন কোনাে ব্যক্তিৰ আগত তলত দিয়া প্ৰ-পত্ৰত শপত ল’ব বা প্রতিজ্ঞান কৰিব আৰু তাত নিজৰ নাম চহী কৰিব অর্থাৎ,

মই অমুকে, ঈশ্বৰৰ নামত শপত লওঁ বা নিষ্ঠা সহকাৰে প্রতিজ্ঞান কৰাে যে, বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্রতি মই প্রকৃত শ্রদ্ধা আৰু নিষ্ঠা বহন কৰিম আৰু যি পদ মই গ্ৰহণ কৰিবলৈ ওলাইছাে সেই পদৰ কৰ্তব্য শ্ৰদ্ধাৰে নিৰ্বহন কৰিম।

অনুচ্ছেদ ৭০: অন্যান্য আকস্মিকতাত ৰাষ্ট্ৰপতিৰ কাৰ্যসমূহৰ নিৰ্বহন-

এই অধ্যায়ত উপবন্ধিত নােহোৱা কোনাে আকস্মিকতাত ৰাষ্ট্রপতি  কাৰ্যাৱলীসমূহ নির্বহনৰ অৰ্থে সংসদে যেনে সমীচীন বিবেচনা কৰে তেনে উপবন্ধ প্রস্তুত কৰিব পাৰিব।

অনুচ্ছেদ ৭১: ৰাষ্ট্ৰপতি বা উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন সম্বন্ধীয় বা জড়িত বিষয়-

(১) ৰাষ্ট্ৰপতিৰ বা উপ-ৰাষ্ট্রপতি নির্বাচনৰ পৰা উদ্ভৱ হোৱা কিম্বা তাৰ লগত জড়িত থকা সকলাে সন্দেহ আৰু বিবাদ উচ্চতম ন্যায়ালয়ে তদন্ত কৰিব আৰু বিনিশ্চিত কৰিব আৰু উচ্চতম ন্যায়ালয়ৰ বিনিশ্চয়েই চূড়ান্ত হ’ব। 

(২) যদি ৰাষ্ট্রপতি বা উপ-ৰাষ্ট্রপতি ৰূপে কোনাে ব্যক্তিৰ নির্বাচন উচ্চতম ন্যায়ালয়ে বাতিল হােৱা বুলি ঘােষণা কৰে তেনেহ’লে ৰাষ্ট্রপতিৰ বা স্থান বিশেষে উপ-ৰাষ্ট্ৰপতিৰ পদৰ ক্ষমতা আৰু কৰ্তব্যৰ প্ৰয়ােগ আৰু পালন কৰােতে উচ্চতম ন্যায়ালয়ৰ বিনিশ্চয়ৰ তাৰিখত বা তাৰ পূর্বে তেনে ব্যক্তিয়ে কৰা কাৰ্যসমূহ সেই ঘােষণাৰ হেতুকে অবিধিমান্য নহ’ব । 

(৩) এই সংবিধানৰ উপবন্ধাৱলীৰ সাপেক্ষে সংসদে বিধিৰ দ্বাৰা ৰাষ্ট্ৰপতিৰ বা উপ-ৰাষ্ট্রপতি নির্বাচন সম্বন্ধীয় বা তাৰ লগত জড়িত যিকোনাে বিষয় বিনিয়মিত কৰিব পাৰে ।

(৪) ৰাষ্ট্রপতি বা উপ-ৰাষ্ট্রপতি ৰূপে কোনাে ব্যক্তিৰ নিৰ্বাচনৰ বিৰুদ্ধে এনে আধাৰৰ ওপৰত আপত্তি কৰিব নােৱাৰিব যে, তেওঁক নির্বাচিত কৰা নির্বাচকগণৰ সদস্যসকলৰ ভিতৰত, যিকোনাে কাৰণতেই হওঁক লাগিলে, কোনাে ৰিক্ততা বিদ্যমান আছে।

অনুচ্ছেদ ৭২: কেতবোৰ গোচৰত ক্ষমা আদি প্ৰদান কৰিবলৈ আৰু দণ্ডাদেশ নিলম্বন, হ্ৰাস বা লঘু কৰিবলৈ ৰাষ্ট্ৰপতিৰ ক্ষমতা– 

(১) কোনাে অপৰাধৰ বাবে দোষী সাব্যস্ত হােৱা কোনাে ব্যক্তিৰ দণ্ডৰ ক্ষমা, প্রবিলম্বন, বিৰাম বা হ্রাস কৰিবলৈ কিম্বা দণ্ডাদেশ নিলম্বন, হ্রাস বা লঘু কৰিবলৈ নিম্নোক্ত ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ ক্ষমতা থাকিব– 

(ক) যিবােৰ ক্ষেত্ৰত দণ্ড বা দণ্ডাদেশ সেনা ন্যায়ালয়ৰ দ্বাৰা দিয়া হয় সেই সকলােবােৰ ক্ষেত্ৰত ; 

(খ) যিবােৰ ক্ষেত্ৰত দণ্ড বা দণ্ডাদেশ এনে বিষয় সম্বন্ধীয় কোনাে বিধিৰ বিৰুদ্ধে কৰা অপৰাধৰ কাৰণে দিয়া হয় যি বিষয়ৰ ওপৰত সংঘৰ কাৰ্যপালিকা ক্ষমতা বিস্তৃত থাকে, সেই সকলােবােৰ ক্ষেত্ৰত।

(গ) যিবােৰ ক্ষেত্ৰত দণ্ডাদেশ মৃত্যুদণ্ড হয়, সেই সকলােবােৰ ক্ষেত্ৰত;

(২) খণ্ড (১) ৰ উপখণ্ড (ক)ৰ কোনাে কথাই সেনা ন্যায়ালয়ৰ দ্বাৰা বিহিত দণ্ডাদেশৰ নিলম্বন, হ্রাসকৰণ বা লঘুকৰণৰ নিমিত্তে সংঘৰ সশস্ত্র বাহিনীৰ কোনাে পদাধিকাৰীৰ ওপৰত বিধিৰ দ্বাৰা অর্পিত ক্ষমতাত প্ৰভাৱ পেলাব নােৱাৰিব । 

(৩) খণ্ড(১) ৰ উপখণ্ড (গ)ৰ কোনাে কথাই সেইসময়ত বলবৎ থকা কোনাে বিধিৰ অধীনত কোনাে ৰাজ্যৰ ৰাজ্যপালৰ দ্বাৰা প্ৰয়ােগ কৰিব লগীয়া মৃত্যু দণ্ডাদেশৰ নিলম্বন, হ্রাসকৰণ বা লঘুকৰণ ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলাব নােৱাৰিব।  

অনুচ্ছেদ ৭৩ : সংঘৰ কাৰ্যপালিকা ক্ষমতা বিস্তৃতি-

(১) এই সংবিধানৰ উপবন্ধাৱলীৰ অধীনত সংঘৰ কাৰ্যপালিকা ক্ষমতা–

(ক) যিবিলাক বিষয়ৰ সম্বন্ধত সংসদৰ বিধি প্রস্তুত কৰিবৰ ক্ষমতা আছে, সেই বিষয় বিলাক পর্যন্ত; আৰু

(খ) কোনাে সন্ধি বা চুক্তিৰ বলত যিবিলাক অধিকাৰ, প্ৰাধিকাৰ আৰ ক্ষেত্ৰাধিকাৰ ভাৰত চৰকাৰৰ দ্বাৰা প্রযােজ্য হয়, তেনেবিলাক অধিকাৰ, প্ৰাধিকাৰ আৰু ক্ষেত্ৰাধিকাৰ পৰ্য্যন্ত, বিস্তাৰিত হ’ব 

পৰন্তু, এই সংবিধানত কিম্বা সংসদে কৰা কোনাে বিধিত স্পষ্টকৈ উপবন্ধিত হােৱাৰ বাহিৰে আন একো প্ৰকাৰে উপখণ্ড (ক)ত উল্লিখিত কাৰ্যপালিকা ক্ষমতা কোনাে ৰাজ্যত সেই ৰাজ্যৰ বিধান মণ্ডলৰো যিবােৰ বিষয়ৰ সম্বন্ধত বিধি প্রস্তুত কৰিবৰ ক্ষমতা আছে, সেই বিষয় বিলাকত বিস্তাৰিত নহ’ব। 

(২) সংসদৰ দ্বাৰা অন্য প্রকাৰে উপবন্ধিত নােহােৱা পর্যন্ত এই অনুচ্ছেদত যিকোনাে কথা থকা সত্ত্বেও ৰাজ্যই আৰু ৰাজ্যৰ কোনাে পদাধিকাৰী বা প্রাধিকাৰীয়ে যিবিলাক বিষয়ৰ সম্বন্ধত সংসদৰ সেই ৰাজ্যৰ নিমিত্তে বিধি প্রস্তুত কৰাৰ ক্ষমতা থাকে তেনে বিষয়ৰ সম্বন্ধত, সেই ৰাজ্যই বা তাৰ পদাধিকাৰী বা প্রাধিকাৰীয়ে এই সংবিধান প্ৰাৰম্ভণিৰ অব্যবহিত পূর্বে প্রয়ােগ কৰিব পৰা তেনে কাৰ্যপালিকা ক্ষমতা বা কাৰ্যাৱলী অবিচ্ছিন্ন ভাৱে প্রয়োগ কৰিয়েই থাকিব পাৰিব।

মন্ত্রী – পৰিষদ 

অনুচ্ছেদ ৭৪: ৰাষ্ট্ৰপতিক সহায়তা কৰিবলৈ আৰু মন্ত্ৰণা দিবলৈ মন্ত্ৰী-পৰিষদ-

(১) ৰাষ্ট্রপতিক তেওঁৰ কাৰ্যাৱলী সম্পাদনত সহায়তা কৰিবলৈ আৰু মন্ত্রণা দিবলৈ প্রধানমন্ত্ৰীক মুখ্য কৰি এক মন্ত্রী-পৰিষদ থাকিব আৰু ৰাষ্ট্রপতিয়ে তেওঁৰ কাৰ্যাৱলীসমূহ পালন কৰােতে তেনে মন্ত্রণা অনুসাৰে কার্য্য কৰিবঃ  

পৰন্তু, ৰাষ্ট্ৰপতিয়ে মন্ত্রী-পৰিষদক তেনে মন্ত্রণা সাধাৰণ ভাৱে বা অন্যথা পুনঃ বিবেচনা কৰিবলৈ দিব পাৰে, আৰু এনে পুনর্বিবেচনাৰ পিচত দিয়া মন্ত্রণা অনুসাৰে ৰাষ্ট্রপতিয়ে কার্য কৰিব।

(২) মন্ত্রীসকলে ৰাষ্ট্রপতিক কিবা মন্ত্রণা দিলেনে নাই দিয়া আৰু যদি দিলে তেন্তে কি মন্ত্ৰণা দিলে, সেই প্রশ্নৰ কোনো ন্যায়ালয়তে তদন্ত কৰিব নােৱাৰিব।

অনুচ্ছেদ ৭৫: মন্ত্ৰীবৰ্গ সম্বন্ধীয় অন্যান্য উপবন্ধাৱলী- 

(১) প্রধানমন্ত্রী ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত হ’ব আৰু অন্যান্য মন্ত্রীসকল প্রধানমন্ত্রীৰ মন্ত্রণানুসাৰে ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত হ’ব।

(২) মন্ত্রীসকলে ৰাষ্ট্ৰপতিৰ প্ৰসাদ পর্যন্ত পদ ধাৰণ কৰিব। 

(৩) মন্ত্রী-পৰিষদ সমূহীয়াভাৱে লােকসভাৰ ওচৰত উত্তৰদায়ী হ’ব। 

(৪) কোনাে মন্ত্ৰীয়ে নিজ পদ গ্ৰহণ কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে তৃতীয় অনুসূচীত এই প্রয়ােজনৰ বাবে দিয়া প্র-পত্র অনুসাৰে তেওঁক তেওঁৰ পদৰ আৰু গােপনীয়তাৰ শপত গ্ৰহণ কৰাৰ। 

(৫) কোনাে মন্ত্রী একে লেঠাৰিয়ে ছমাহ কালৰ কাৰণে সংসদৰ কোনােটো সদনৰ সদস্য নহ’লে, সেই কালছােৱাৰ অৱসান হ’লে তেওঁ মন্ত্ৰী হৈ নেথাকিব। 

(৬) সময়ে সময়ে সংসদে বিধিব দ্বাৰা যেনে নির্ধাৰিত কৰে, মন্ত্ৰী সকলৰ বেতন আৰু ভাত্তা তেনে হ’ব আৰু সংসদে তেনে নির্ধাৰিত নকৰা পৰ্যন্ত দ্বিতীয় অনুসূচীত যেনে বিনিৰ্দিষ্ট আছে তেনে হ’ব। 

ভাৰতৰ মহান্যায়বাদী

অনুচ্ছেদ ৭৬: ভাৰতৰ মহান্যায়বাদী-

(১) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হােৱাৰ অৰ্হতা সম্পন্ন এজন ব্যক্তিক ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মহান্যায়বাদী নিযুক্ত কৰিব। 

(২) ৰাষ্ট্রপতিয়ে সময়ে সময়ে নির্দেশিত কৰা বা ন্যস্ত কৰা বিধি সম্বন্ধীয় বিষয়ত ভাৰত চৰকাৰক মন্ত্রণা দিয়া আৰু বিধিগত লক্ষণ থকা আন তেনে কর্তব্য পালন কৰা আৰু এই সংবিধান অথবা আন কোনাে সেইসময়ত বলবৎ থকা বিধিৰ দ্বাৰা বা অধীনত তেওঁৰ ওপৰত অর্পণ কৰা কাৰ্যাৱলীৰ নিৰ্বহন কৰা মহান্যায়বাদীৰ কৰ্তব্য হ’ব।

(৩) নিজ কর্তব্য পালনৰ নিমিত্তে ভাৰতৰ ৰাজ্যক্ষেত্ৰত থকা সকলাে ন্যায়ালতে মহান্যায়বাদীৰ শুনােৱাৰ অধিকাৰ থাকিব। 

(৪) মহান্যায়বাদীয়ে ৰাষ্ট্ৰপতিৰ প্ৰসাদ পর্যন্ত পদ ধাৰণ কৰিব আৰু ৰাষ্ট্ৰপতিয়ে যিদৰে নিৰ্ধাৰিত কৰে সেইদৰে পাৰিশ্ৰমিক পাব। 

চৰকাৰী কাৰ্য পৰিচালনা 

অনুচ্ছেদ ৭৭ :ভাৰত চৰকাৰৰ কাৰ্যৰ পৰিচালনা-

(১) ভাৰত চৰকাৰৰ সকলাে বিলাক কাৰ্যপালিকা কাৰ্যবাহী ৰাষ্ট্ৰপতিৰ নামত হােৱা বুলি অভিব্যক্ত হ’ব। 

(২) ৰাষ্ট্ৰপতিৰ নামত দিয়া আৰু নিস্পাদিত হােৱা আদেশ আৰু অন্যান্য লেখ্য সমূহ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰস্তুত কৰা নিয়মাৱলীত বিনিৰ্দিষ্ট ৰীতিৰে প্ৰমাণীকৃত হ’ব আৰু এনে প্ৰকাৰে প্রমাণীকৃত আদেশ বা লেখাৰ মান্যতা সম্পর্কে এই হেতুৰ ওপৰত আপত্তি তুলিব নােবাৰিব যে তেনে আদেশ বা লেখ্য ৰাষ্ট্ৰপতিৰ দ্বাৰা প্রস্তুত বা নিষ্পাদিত হােৱা নাই। 

(৩) ভাৰত চৰকাৰৰ কাৰ্য্য অধিক সুবিধাজনক ভাৱে সম্পাদন কৰাৰ অৰ্থে আৰু উক্ত কাৰ্য মন্ত্রীসকলৰ মাজত ভগাই দিয়াৰ কাৰণে ৰাষ্ট্রপতিয়ে নিয়মাৱলী প্ৰস্তুত কৰিব। 

অনুচ্ছেদ ৭৮: ৰাষ্ট্ৰপতিক সংবাদ জ্ঞাত কৰা আদি বিষয়ত প্ৰধানমন্ত্ৰীৰ কৰ্তব্য–

প্রধান মন্ত্ৰীৰ কৰ্তব্য হ’ব – 

(ক) সংঘৰ কাৰ্য প্রশাসন সম্বন্ধীয় মন্ত্রী-পৰিষদৰ সকলাে বিনিশ্চয় আৰু বিধি প্রণয়নৰ প্রস্তাৱ ৰাষ্ট্রপতিক জনােৱা;

(খ) ৰাষ্ট্রপতিয়ে জানিব খােজা সংঘৰ কাৰ্য প্রশাসন সম্বন্ধীয় আৰু বিধি প্রণয়নৰ প্রস্তাৱ সম্বন্ধীয় তেনে কোনাে সংবাদ ৰাষ্ট্রপতিক যােগােৱা; আৰু 

(গ) কোনাে এজন মন্ত্ৰীয়ে বিনিশ্চয় কৰা, কিন্তু মন্ত্রী পৰিষদে বিচাৰ নকৰা, কোনাে বিষয় ৰাষ্ট্ৰপতিয়ে আৱশ্যক বুলি ভাবিলে মন্ত্রী-পৰিষদৰ বিচাৰার্থে দাখিল কৰা।

আৰু পঢ়ক- আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন

0 0 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক- ভাৰতীয় সংবিধানত কাৰ্যপালিকা  […]

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

1
0
Would love your thoughts, please comment.x
()
x