চুতুফা – আহোমৰ ষষ্ঠজন স্বৰ্গদেউ
চুতুফা আছিল আহোমৰ ষষ্ঠজন স্বৰ্গদেউ। আহোমৰ পঞ্চমজন স্বৰ্গদেউ চুখ্ৰাংফাৰ সন্তানহীন অৱস্থাতে মৃত্যু হয়। চুখ্ৰাংফাৰ মৃত্যুৰ পাছত তেওঁৰ ডাঙৰ ভায়েক চুতুফা আহোম ৰাজ্যৰ সিংহাসনত আৰোহণ কৰি ৰজা হয়। চুতুফাই আহোম ৰাজ্যৰ সিংহাসনত আৰোহণ কৰা বৰ্ষটোক লৈ বুৰঞ্জীবিদসকলৰ মাজত মতপাৰ্থক্য আছে। কিছুমান বুৰঞ্জীবিদৰ মতে চুতুফাই ১৩৬৪ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ সিংহাসনত আৰোহণ কৰিছিল। আন কিছুমান বুৰঞ্জীবিদৰ মতে চুতুফাই ১৩৬৯ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ সিংহাসনত আৰোহণ কৰিছিল। চুতুফাই ৰাজ্য বিস্তাৰৰ বাবে কিছু নীতি গ্ৰহণ কৰিছিল যদিও সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।
চুতুফাৰ চুতীয়া ৰাজ্য আক্ৰমণ –
চুতুফাৰ ৰাজত্বকালৰ সময়ত চুতীয়াসকল ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত বসবাস কৰিছিল আৰু চুতীয়া ৰজাই তাতে শাসন কৰিছিল। প্ৰথম আহোম স্বৰ্গদেউ চুকাফাই চুতীয়াসকলৰ লগত মিত্ৰতাৰ ডোলেৰে বান্ধ খাই আছিল। কিন্তু সিংহাসনত অধিষ্ঠিত হৈয়েই চুতুফাই ৰাজ্য বিস্তাৰৰ নীতি গ্ৰহণ কৰিলে আৰু চুতুফাই তাক পূৰণ কৰিবলৈ চুতীয়া ৰাজ্য আক্ৰমণ কৰিলে। সেইসময়ত চুতীয়া ৰজা আছিল কৰ্মধ্বজপাল। চুতুফাৰ ৰাজত্বৰ সময়ছোৱাত চেগা-চোৰোকাকৈ আহোম-চুতীয়াৰ মাজৰ সংঘৰ্ষ চলি আছিল।
শেষত,চুতীয়া ৰজা কৰ্মধ্বজপালে আহোম ৰজা চুতুফাৰ সংগঠিত আক্ৰমণত উপায় নাপাই চুতুফাক ছল কৰি এক সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়। আৰু ১৩৭৬ চনত চাপাগুড়িত আহোম ৰজা চুতুফা আৰু চুতীয়া ৰজা কৰ্মধ্বজপালৰ মাজত এক পাৰস্পৰিক বুজাবুজিৰ সন্ধি স্থাপন হয় আৰু আহোম ৰজা চুতুফা আৰু চুতীয়া ৰজা কৰ্মধ্বজপাল সখাত পৰিণত হয়।
চুতুফাৰ দিনৰ বঢ়াগোঁহাই আৰু বৰগোঁহাই –
আহোম স্বৰ্গদেউ চুতুফাৰ ৰাজত্বকালত আহোমৰ বুঢ়াগোঁহাই আছিল চাওফ্ৰংডাম আৰু বুঢ়াগোঁহাই আছিল তাফ্ৰিকিন।
আহোম স্বৰ্গদেউ চুতুফাৰ মৃত্যুৰ পাছত আহোম ৰাজ্যত ৰজা হ’বৰ বাবে সক্ষম কোনো কোঁৱৰ নথকাত পৰৱৰ্তী সময়ছোৱাত ১৩৬৭৬-৮০ খ্ৰীষ্টাব্দলৈ লৈ আহোম ৰাজ্য অৰাজক অৱস্থাত আছিল। সেইসময়ত এই অৰাজক অৱস্থাত আহোম ৰাজ্য নিয়াৰিকৈ শাসন কৰিছিল চাওফ্রংডাম বুঢ়াগোঁহাই আৰু তাফ্ৰিকিন বৰগোঁহায়ে।
চুতুফাৰ মৃত্যু –
প্ৰায় বাৰ(১২) বছৰ আহোম ৰাজ্য শাসন কৰাৰ পাছত ১৩৭৬ খ্ৰীষ্টাব্দত চুতুফা স্বৰ্গদেউ স্বৰ্গী হয়। আৰু তেওঁৰ মৃত্যু খুবেই দুৰ্ভাগ্যজনকভাৱে সংঘটিত হ’ল। চাপাগুড়িত আহোম-চুতীয়াৰ সন্ধিৰ সময়তেই চুতীয়া ৰজা কৰ্মধ্বজপালে ছল কৰি আহোম ৰাজ্যৰ ৰজা চুতুফাক চুতীয়া ৰাজ্যত হোৱা নাওঁখেলৰ প্ৰদৰ্শনীৰ বাবে চফ্ৰাই নৈলৈ আমন্ত্ৰণ জনাইছিল। সেইহেতুকে, চুতুফা ৰজাও চুতীয়া ৰজাক মিত্ৰ বুলি ভাবি কোনো আগ-পিছ নুগুনাকৈ চফ্ৰাই নৈৰ পাৰত সৈন্যসহ উপস্থিত হ’ল। তাতে চুতীয়া ৰজাই আহোম ৰজা চুতুফাক সৈন্য-সামন্ত নোলোৱাকৈ তেওঁৰ নাঁৱত উঠাৰ প্ৰস্তাৱ দিয়ে। চুতুফায়ো হোলা ভাই মোলা হৈ দেহৰক্ষীবিহীনভাৱে বিনাদ্বিধাৰে চুতীয়া ৰজাৰ জালত ভৰি দিয়ে আৰু চুতীয়া ৰজাৰ কৰ্মধ্বজপালৰ লগত একেলগে একেখন নাঁৱতে আগুৱাই যায়। আৰু সেই নাঁৱত উঠি যাওঁতেই চফ্ৰাই নৈৰ মাজতে চুতীয়া ৰজা কৰ্মধ্বজপালে আহোম ৰজা চুতুফাক পানীত ডুবাই নৃশংসভাৱে হানি-খুচি হত্যা কৰে আৰু আহোম সৈন্যও ভয় খাই আহোম ৰাজ্যলৈ উভতি আহে।
এনেদৰেই চুতীয়া ৰাজ্যৰ লগত সংঘৰ্ষতেই আহোম ৰজা চুতুফাৰ কাৰ্যকালৰ অন্ত পৰে। চুতুফাৰ বাৰ(১২) বছৰ ৰাজত্বকালৰ অধিকাংশই চুতীয়া ৰাজ্যৰ লগত প্ৰতিদ্বন্দিতাতেই ব্যস্ত হৈ থাকে। বাকী সেইসময়ত আহোম ৰাজ্যৰ কোনো অঞ্চল হানি হোৱা নাছিল আৰু আহোমৰ সুদক্ষ বিষয়াসকলৰ নেতৃত্বত আভ্যন্তৰীণ প্ৰশাসন শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ ৰূপতেই চলি আছিল।
আৰু পঢ়ক- ভাৰতীয় সংবিধানত কাৰ্যপালিকা
সহায়ক গ্ৰন্থ :
আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা
[…] আৰু পঢ়ক- স্বৰ্গদেউ চুতুফা […]