পৰ্যালোচনাসাময়িকী

স্বাগতম ২০২১ আৰু কিছু ভাল খবৰ

২০২০ বৰ্ষৰ এটা মুখে মুখে প্ৰচলিত কথা আছিল যে- এই বছৰটোৱেই বেয়া। এই বছৰটোৱে কেৱল আমাৰ পৰা এটা এটাকৈ সকলো কাঢ়িহে নিছে। স্বাভাৱিকতে সকলোৰে মনত এটা প্ৰত্যাক্ষা- আহিব লগা ২০২১ বৰ্ষটো ভাল হ’ব। গতিকে সোনকালেই আহক। আৰু অৱশেষত আহি পালেহি ২০২১। এই নৱবৰ্ষৰ প্ৰাকক্ষণত আমাৰ ‘সাৰথি’ পৰিয়ালৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জনালো। নতুন বছৰটোত সকলোৱে যেন নিজ কৰ্মোদ্যমেৰে আগবাঢ়ি যায় আৰু জীৱনবোৰ যেন সুখ-আনন্দৰে উপচি পৰে তাৰেই কামনা কৰিলো। 

এষাৰ কথা আছে জীৱনৰ আটাইতকৈ বেয়া সময়টোৱেও মানুহক কিবা নহয় কিবা এটা ভাল বস্তু দি যায়। আৰু এই ভাল খিনিক আদৰি লব পৰাটোৱেই হৈছে মানৱীয় গুণ। এই ২০২০ বৰ্ষটোৱেও আমাক আমাৰ অজানিতেই বহুত কিবাকিবি দি গ’ল। আহকচোন এবাৰ সেইবোৰলৈও চকু ফুৰাই চাওঁ-

১) ক’ভিড ভেকচিনৰ আৱিষ্কাৰ- যদিও ২০২০ বৰ্ষটোৰ কৰোণা ভাইৰাছ সৃষ্ট ক’ভিড-১৯ য়ে বিশ্ববাসীক বাৰুকৈয়ে জ্বলা-কলা খুৱাই গ’ল। অৱশেষত কিন্তু বছৰটোৰ শেষৰ ফালে চিকিৎসাবিজ্ঞানীসকলে এই ভাইৰাছৰ লগত যুঁজিবলৈ কেইবাটাও ভেকচিন আৱিষ্কাৰ কৰি মানৱ দেহত সফল প্ৰয়োগো কৰিলে। ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশে গণটিকাকৰণৰ ব্যাপক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছে। আৰু এই ক্ষেত্ৰত আমাৰ দেশ ভাৰতবৰ্ষও পিছ পৰি থকা নাই। 

২) পৰিৱেশ সজাগতা আৰু প্ৰদূষণ হ্ৰাস- ২০২০ বৰ্ষটোত এটা দীৰ্ঘসময়জুৰি বিশ্বৰ প্ৰায়ভাগ দেশতেই লকডাউন বাহাল ৰখাৰ বাবে কল-কাৰখানা আৰু যান-বাহানৰ পৰা নিৰ্গত প্ৰদূষণো বন্ধ হৈ আছিল। এই প্ৰদূষণ হ্ৰাসে পৃথিৱীৰ বায়ুমণ্ডললৈ বহু পৰিমাণে সজীৱতা কঢ়িয়াই আনিলে। ই মানৱ সমাজলৈ এটা আশাৰ বতৰা কঢ়িয়াই আনিলে যে ভৱিষ্যতৰ দিনটো যদি আমি আমাৰ মানৱীয় উচ্চাকাংক্ষাক পৰিহাৰ কৰি কিছু পৰিমাণে হ’লেও প্ৰদূষণক নিয়ন্ত্ৰণলৈ আনিব পাৰো তেনেহ’লে আমাৰ পৃথিৱীৰ আয়ুস নিশ্চয়কৈ আৰু অধিক বৃদ্ধি পাব।

৩) বিশ্ব ভাতৃত্ববোধৰ নৱ উন্মেষ- কৰোণা ভাইৰাছৰ উৎপত্তি স্থানক লৈ যদিও ২০২০ বৰ্ষটোত যদিও যথেষ্ট বাক-বিতণ্ডা চলি আছিল তথাপিও এই বৰ্ষটোৰ এটা ধনাত্মক কথা আছিল যে,এই বৰ্ষটোত বিশ্বৰ আগশাৰীৰ আৰু ক্ষমতাবান দেশসমূহে পাৰস্পৰিক যুঁজ-বাগৰৰ সলনি ক্ষুদ্ৰাতিক্ষুদ্ৰ কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজাতহে অধিক সময় অতিবাহিত কৰিলে। হয়তো মানৱজাতিয়ে অনুভৱ কৰিবলৈ বাধ্য হ’ল মানুহৰ শত্ৰু মানুহ নহয়। মানুহৰ শত্ৰু হৈছে এতিয়ালৈকে অজেয় প্ৰকৃতিৰ ৰোগ ব্যাধিবোৰহে। যদিহে মানুহৰ বোধ শক্তি আৰু উন্নতৰ হয় তেতিয়াহ’লে হয়তো ভৱিষ্যত দিনত পৃথিৱীত বিশ্বভাতৃত্ববোধৰ বান্ধোন আৰু অধিক সবল হব। 

৪) ২০২০ বৰ্ষটো সমগ্ৰ বিশ্বৰ ক্ৰীড়াক্ষেত্ৰৰ লগতে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবেও সুখকৰ নাছিল যদিও অসমৰ ক্ৰীড়াক্ষেত্ৰত এক সুখৰ খবৰ দি যায় অসমৰ মহিলা বক্সাৰ লাভলিনা বৰগোঁহায়ে। লাভলিনাই প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে। লগতে তেওঁ ২০২০ বৰ্ষতো ষষ্ঠগৰাকী অসমীয়া হিচাপে অৰ্জুন বঁটা লাভ কৰিবলৈও সক্ষম হয়। 

৫) দেশীয় অৰ্থনীতি আৰু জীৱিকাৰ প্ৰতি নতুন দৃষ্টিভংগী-কৰোণা ভাইৰাছে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিয়ে আমাৰ দেশ ভাৰতবৰ্ষক বহুতো কথা নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰালে। ভাৰতীয় ৰাষ্ট্ৰনেতাসকলে অনুভৱ কৰিবলৈ বাধ্য হ’ল অৰ্থনৈতিক আত্মনিৰ্ভৰতা যে এখন দেশৰ বাবে কিমান প্ৰয়োজনীয়! সেয়ে ভাৰত চৰকাৰে আত্মনিৰ্ভৰত ভাৰতৰ দৰে আঁচনিৰ অৱতাৰণা কৰি দেশৰ অৰ্থনীতিক অনন্য ৰূপ দিয়াৰ কথা চিন্তা কৰিলে। থলুৱা উৎপাদন এখন দেশৰ অৰ্থনীতিৰ বাবে কিমান প্ৰয়োজন সেয়াও আমি ২০২০ বৰ্ষতেই নতুনকৈ অনুভৱ কৰিলো‌। সেৱা আৰু উদ্যোগখণ্ডত দেখা দিয়া সংস্থাপনহীনতাই আমাৰ দেশৰ লগতে ৰাজ্যৰ যুৱকসকলকো কৃষি খণ্ডৰ লগতে ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰখনত স্বনিয়োজনৰ বাট মুকলি কৰাৰ কথা চিন্তা কৰিবলৈ বাধ্য কৰাইছে। 

৬) তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত অসমীয়া ভাষাৰ উন্নতি- অসমৰ বাবে ২০২০ বৰ্ষটোৰ এটা আশাব্যঞ্জক দিশ বুলিবলৈ গ’লে ক’ব পাৰি যে, এটা বছৰটোতে আমাৰ চিৰচেনেহী অসমীয়া ভাষাটোৱে ইন্টাৰনেটৰ জগতখনত বহু কেইটা স্বীকৃতি লাভ কৰিলে। বিশ্বৰ আগশাৰীৰ তথ্য-প্ৰযুক্তিৰ কোম্পানী মাইক্ৰছফ্টে অসমীয়া ভাষাটোক তেওঁলোকৰ ‘মাইক্ৰছফ্ট ট্ৰান্সলেটৰ’ত দ্বাদশতম ভাৰতীয় ভাষা হিচাপে যোৱা ছেপ্টেম্বৰ মাহত অন্তৰ্ভুক্ত কৰিলে। যদিও এই অনুবাদক যন্ত্ৰটোৰ বহুখিনি উন্নতি সাধিবলৈ আছে তথাপিও আমি আজিৰ তাৰিখত একো একোটা বৃহৎ আকাৰৰ প্ৰবন্ধ নিমিষতে ইংৰাজীকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব পাৰো। (ইচ্ছুক পাঠকে এই লিংটোত https://www.bing.com/translator গৈ চেষ্টা কৰি চাব পাৰে। )

ইয়াৰ উপৰি বিশ্বৰ আন এটা আগশাৰীৰ তথ্য- প্ৰযুক্তিৰ কোম্পানী গুগলেও তেওঁলোকৰ ছাৰ্চ ইঞ্জিন আৰু তেওঁলোকৰ অন্যান্য সেৱাসমূহত অসমীয়া ভাষা প্ৰয়োগ কৰিব পৰাৰ সুবিধা এই বৰ্ষৰ মাজভাগৰে পৰা কৰি দিছে। ইয়াৰ বাবে আপোনাৰ গুগল একাউণ্টৰ ভাষা ছেটিংছটো সলাই অসমীয়ালৈ পৰিৱৰ্তন কৰিব লাগিব।  ইয়াৰো উপৰিও গুগলে তেওঁলোকৰ অনুবাদ যন্ত্ৰ ‘গুগল ট্ৰান্সলেটৰ’ত অসমীয়া ভাষাৰ পৰা ইংৰাজীকে আদি কৰি অন্যান্য ভাষালৈ প্ৰবন্ধ-পাতি অনুবাদ কৰিব পৰা সেৱাটোও অনানুষ্ঠানিক ভাবে মুকলি কৰি দিছে। (অন্য ভাষাৰ পৰা অসমীয়ালৈ এতিয়াও এই সুবিধা নাই)

ইমান প্ৰত্যাহ্বানৰ মাজতো যদি ২০২০ বৰ্ষত এইখিনি ভাল খবৰ আহিব পাৰিছে তেনেহ’লে ২০২১ বৰ্ষত বাৰু ভাল খবৰ নহাৰ প্ৰশ্ন ক’ত?

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x