তথ্যকোষসাময়িকী

প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি, ২০২০

    অসম চৰকাৰে “প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি, ২০২০” নামৰ এখন আঁচনি মুকলি কৰিছে। এইখন আঁচনিৰ জৰিয়তে এইবাৰ অৰ্থাৎ ২০২০ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগৰ উত্তীৰ্ণ হোৱা ছাত্ৰীসকল লাভান্বিত হ’ব।এই আঁচনি অনুসৰি ৬০ শতাংশ বা ততোধিক নম্বৰেৰে ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলে চৰকাৰৰ তৰফৰ পৰা স্কুটি লাভ কৰিব।এই আঁচনিৰ অধীনত ছাত্ৰীসকলে ইলেকট্ৰনিক নাইবা পেট্ৰ’লচালিত স্কুটি লাভ কৰিব।

প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি,২০২০ৰ কিছু তথ্যঃ

    ◆ আঁচনিৰ নাম-প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি,২০২০

    ◆ আঁচনিৰ দায়িত্বত থকা বিভাগ – উচ্চ শিক্ষা সঞ্চালকালয়,অসম

    ◆ যোগ্যতাৰ মাপকাঠি – উচ্চতৰ মাধ্যমিক চূড়ান্ত(১০+২) পৰীক্ষাত ৬০ 

     শতাংশ বা তাতোকৈ অধিক নম্বৰেৰে উত্তীৰ্ণ হ’ব লাগিব।

    ◆ মুঠ শিক্ষাৰ্থী – ২২,০০০ ( সম্ভৱত)

প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি,২০২০ ৰ যোগ্যতাৰ মাপকাঠিঃ

    ১) কেৱল ছাত্ৰীয়েহে আৱেদন কৰিব পাৰিব।

    ২) সকলো আৱেদনকাৰী ছাত্ৰী উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ(AHSEC) 

    অন্তৰ্গত হ’ব লাগিব।

    ৩) আৱেদনকাৰী ছাত্ৰীসকলে ৬০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰিব 

    লাগিব।

প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি, ২০২০ ৰ আৱেদন ফৰ্মঃ

    সকলো আৱেদনকাৰী ছাত্ৰীয়ে অনলাইন মাধ্যমত আৱেদন কৰিব লাগিব।অফলাইনৰ যোগেদি ইয়াৰ কোনো আৱেদন নহয়। ইয়াৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদে(SEBA)ই এটা অনলাইন পৰ্টেল আৰম্ভ কৰিছে।

প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনিৰ বাবে কেনেকৈ আৱেদন কৰিবঃ

প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি,২০২০ ৰ আৱেদনৰ পৰ্য্যায়-

    ১) আৱেদনকাৰীয়ে seba.online.org ৱেবচাইটলৈ যাব লাগিব। অথবা নিম্নলিখিত লিংকত ক্লিক কৰিব                লাগিব।

আবেদনৰ লিংকঃ Apply Online

    ২) আৱেদনকাৰী ছাত্ৰীসকলে নিজৰ ৰোল নম্বৰটো USER ID হিচাপে লৈ আৰু REGISTRATION নম্বৰটো     পাছৱৰ্ড হিচাপে লৈ ল’গ ইন কৰিব লাগিব।

    ৩) আৱেদনকাৰী ছাত্ৰীয়ে নিজৰ নাম,দেউতাকৰ নাম,জিলা,ক’ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত         উত্তীৰ্ণ হৈছে উল্লেখ কৰিব লাগিব। তাৰ পাছত ছাত্ৰীসকলৰ নিজৰ মুঠ নম্বৰটো ওলাই যাব।

    ৪) দুই প্ৰকাৰৰ স্কুটি থাকিব-ইলেকট্ৰনিক বেটাৰী চালিত আৰু পেট্ৰ’লচালিত। ছাত্ৰীসকলে কোন প্ৰকাৰৰ স্কুটি     লাগে দহদিনৰ ভিতৰত নিশ্চিত কৰিব লাগিব। (নিৰ্দিষ্ট সময়ৰ ভিতৰত স্কুটিৰ প্ৰকাৰ নিৰ্বাচন নকৰিলে                 পেট্ৰ’লচালিত স্কুটি প্রদান কৰা হ’ব)

    ৫) আৱেদনকাৰী ছাত্ৰীয়ে নিজৰ যোগাযোগৰ ঠিকনাৰ লগতে ফোন নম্বৰ আৰু ই-মেইল ঠিকনা(যদি আছে)     দিব লাগিব।

   ৬) শেষত চাবমিত কৰাৰ পাছত এখন Acknowledgement ৰিচিভ ওলাব আৰু সেইখন আৱেদনকাৰীয়ে             ডাউনলোড কৰি ল’ব লাগিব।

প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি, ২০২০ ৰ গুৰুত্বপূৰ্ণ দিনঃ

আৱেদন আৰম্ভণিৰ দিনঃ ২০ আগষ্ট,২০২০

আৱেদনৰ অন্তিম দিনঃ ২৫ আগষ্ট,২০২০

এই আঁচনিৰ প্ৰয়োজনীয়তা সম্পৰ্কে একাষাৰঃ

    বৰ্তমান সময়ত নাৰী সৱলীকৰণ সমাজত খুবেই প্ৰয়োজনীয় হৈ পৰিছে। আৰু এই আদৰ্শই সাৰোগত কৰি বিশ্বৰ আন আন প্ৰান্তৰ লগতে অসম চৰকাৰেও খোজত খোজ মিলাই যাবলৈ নাৰী সৱলীকৰণৰ বাবে কিছু চেষ্টা কৰি গৈ আছে। অসমৰ দৰে সমাজত মূলাগাভৰু,জয়মতী,কনকলতা বৰুৱা,চন্দ্ৰপ্ৰভা শইকীয়ানি,অমলপ্রভা দাস,পুষ্পলতা দাস,ভোগেশ্বৰী ফুকননী,কমলা মিৰি,ইন্দিৰা মিৰি আদিৰ দৰে নাৰীয়ে প্ৰমাণ কৰি গৈছে যে অসমীয়া নাৰীসকল কোনো গুণেই কম নহয়। গান্ধীজীয়েই কৈ গৈছিল, “অসমীয়া নাৰীয়ে তাঁতশালত সপোন ৰছিব পাৰে।” তেনেস্থলত অসমৰ নাৰী সকলৰ বাবে জ্ঞান,শক্তিৰ লগতে মেধাৰ ওপৰত ভিত্তি কৰি লোৱা এই “প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি”ৰ দৰে পদক্ষেপে নাৰী সৱলীকৰণত এক বিশেষ ভূমিকা ল’ব। আমাৰ নাৰীশক্তিয়েও পুৰুষৰ সমানেই প্ৰতিটো ক্ষেত্ৰতে আগুৱাই যাবলৈ সক্ষম হ’ব আৰু প্ৰমাণ কৰিব যে এনেধৰণৰ ব্যতিক্ৰমী পদক্ষেপৰ দ্বাৰা নাৰীসকল লাভান্বিত হ’ব।

আবেদনৰ লিংকঃ Apply Online

0 0 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
दिवियाश
3 years ago

An excellent presentation. Clear. Practical. Insightful. Shows a depth of experience. Thank you. Click here to check out sample of Experience Certificate

1
0
Would love your thoughts, please comment.x
()
x