অসম বাজেট ২০২৫-২৬

প্ৰত্যেক বছৰৰ দৰে যোৱা ১০ মাৰ্চত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৫-২৬ বৰ্ষৰ অসম চৰকাৰৰ কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰে। এই বাজেটত নতুন বহু আঁচনিৰ সৃষ্টি তথা পুৰণি বহু আঁচনিৰ ৰূপায়নৰ কথা ঘোষণা কৰা হৈছে। ধৰ্ম, ভাষা, সংস্কৃতি, শিক্ষা, সাহিত্য, মহাকাশ, উদ্যোগ আদিকে ধৰি অধিকাংশ ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰা হৈছে। এই বাজেটত উল্লেখ কৰা মূল ঘোষণাসমূহ ক্ৰমে –

মহাকাশ(Space)

ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ অন্তৰ্গত IN-SPACeৰ সহযোগত অসমে নিজাকৈ এটা কৃত্ৰিম উপগ্ৰহ(Satellite) অসমছেট(ASSAMSAT) স্থাপন কৰিব যাতে সকলোধৰণৰ খা-খবৰ পোনপটীয়াকৈ লাভ কৰিব পাৰে।

যুৱ সবলীকৰণ(Youth Empowerment)

অসম চৰকাৰে অসমৰ স্নাতক উত্তীৰ্ণ যুৱক-যুৱতীসকলক চাকৰি বিচৰাৰ সময়ছোৱাত স্থিতিশীলতা আৰু প্ৰেৰণা প্ৰদান কৰিবলৈ এক আৰ্থিক সাহায্যৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই পদক্ষেপ নিবনুৱা ভাট্টা নহয়, বৰঞ্চ প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ, আৰু উদ্যোগীকৰণৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিবলৈ এক প্ৰেৰণাদায়ক সহায়। ২০২৫ চনৰ পৰা অসমৰ চৰকাৰী বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ যুৱক-যুৱতীসকলে “মুখ্যমন্ত্রী জীৱন প্রেৰণা” আঁচনিৰ অধীনত এবছৰ পর্যন্ত প্রতিমাহে ২৫০০ টকাকৈ লাভ কৰিব। তদুপৰি, ইয়াৰ পৰিৱৰ্তে জিলা আয়ুক্তসকলৰ লগত আলোচনা কৰি এককালীনভাৱে ২৫,০০০ টকাও দিয়া হ’ব পাৰে।

ইয়াৰ লগতে অসমৰ অন্তৰ্গত বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা গৱেষকসকলক লিংগ নিৰ্বিশেষে ২৫,০০০ টকাকৈ এককালীন অনুদান আগবঢ়াব। আৰু লগতে দিব্যংগ গৱেষক শিক্ষাৰ্থীৰ বাবে এই অনুদান ৫০,০০০ টকাৰ হ’ব।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন(এন এছ এফ এ)

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ), ২০১৩ ই গ্ৰাম্য জনসংখ্যাৰ ৮৪% তকৈ অধিক আৰু ৰাজ্যখনৰ চহৰীয়া জনসংখ্যাৰ প্ৰায় ৬০% লোকক সামৰি লয়। চলিত অৰ্থাৎ ২০২৫ চনৰ অক্টোবৰৰ পৰা পৰা এন এফ এছ এৰ সকলো ৰেচন কাৰ্ডধাৰীক ৰাজসাহায্যযুক্ত হাৰত এক কেজি মছুৰ দাইল, এক কেজি চেনি আৰু এক কেজি নিমখ যোগান ধৰা হ’ব। ৫ জনতকৈ অধিক সদস্যৰ পৰিয়ালক অতিৰিক্তকৈ এক কেজি মছুৰ দাইল দিয়া হ’ব।

মছুৰ দাইলৰ বাবে প্ৰতি কেজিত ২৫ টকা, চেনিৰ বাবে প্ৰতি কেজিত ২০ টকা আৰু নিমখৰ বাবে প্ৰতি কেজিত ১০ টকাকৈ ৰাজসাহায্য প্ৰদান কৰা হ’ব। প্ৰতিটো সামগ্ৰীৰ মূল্য সূচকাংকৰ ওপৰত ভিত্তি কৰি ৰাজসাহায্যৰ হাৰ ভিন্ন ভিন্ন হ’ব। চৰকাৰৰ তৰফৰ পৰা আনুষংগিক কমিচন আৰু পৰিবহণৰ খৰচো সুলভ মূল্যৰ দোকানসমূহক প্ৰদান কৰা হ’ব।

২০০ বছৰীয়া অসমৰ চাহ

বৰ্তমান ৰাজ্যৰ প্ৰায় ৬.৮ লাখ চাহ শ্ৰমিকৰ প্ৰতিজনক ৫০০০ টকাকৈ এককালীন বিত্তীয় সাহায্য আগবঢ়োৱা হ’ব।ইয়াৰ ভিতৰত আকস্মিক আৰু স্থায়ী দুয়ো প্ৰকাৰৰ শ্ৰমিক অন্তৰ্ভুক্ত হ’ব।

ৰাজ্যিক কৰ্মচাৰীৰ প্ৰতি

অসম চৰকাৰে ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন আঁচনি (অ’পিএছ) পুনৰুদ্ধাৰ কৰাৰ কথা বিবেচনা কৰিছে। এই ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলৰ NPS একাউণ্টত জমা হোৱা চৰকাৰৰ বৰঙনিসমূহ উভতাই দিব লাগিব।

ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অনুসৰি নতুন পেঞ্চন আঁচনি(NPS) ৰ অন্তৰ্গত কৰ্মচাৰীসকলক একীকৃত পেঞ্চন আঁচনি(UPS) লৈ অহাৰ সুবিধা প্ৰদান কৰিছে। কৰ্মচাৰীসকলৰ নিজস্ব ইচ্ছা অনুসৰি দুয়োটাৰে ভিতৰত এটা নিৰ্বাচন কৰি ল’ব পাৰিব।

আয়ুস্মান অসম-

মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহ, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ হাস্পতালসমূহ আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নগদবিহীন চিকিৎসা সুবিধা প্ৰদান কৰিব।

আশাকৰ্মী, পি এম পোষণৰ ৰান্ধনী, অংগনৱাডী কৰ্মী আৰু সহায়িকাৰ দৰমহা ২০২৫ চনৰ ১ অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ’ব আৰু লগতে তেওঁলোকক এককালীন সাহায্যও প্ৰদান কৰা হ’ব।

ফিক্স পে লাভ কৰা চৰকাৰৰ মাষ্টাৰৰোল আৰু ৱৰ্ক-চাৰ্জদ কৰ্মচাৰীসকলক ৫০% ঘৰ ভাড়া ভাট্টা প্ৰদান কৰিব।

অসমৰ ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলৰ মাজত প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ মুফট(বিনামূলীয়া) বিজুলী যোজনা আঁচনিৰ প্ৰসাৰৰ বাবে নগদ ৰাজসাহায্যৰ ব্যৱস্থা কৰা হৈছে।প্ৰতি কিলোৱাটত ২০০০ টকাকৈ ৰাজসাহায্য প্ৰদান কৰা হ’ব। প্ৰতিজন কৰ্মচাৰীৰ বাবে সৰ্বাধিক ৩ কিলোৱাটলৈকে ৬০০০ টকাৰ ৰাজসাহাৰ্য দিয়া হ’ব। ইয়াৰ দ্বাৰা সৌৰশক্তি স্থাপনৰ বাবে প্ৰথমে অহা প্ৰথমে পোৱাৰ ভিত্তিত ৫০ হাজাৰ ৰাজ্যিক কৰ্মচাৰী উপকৃত হ’ব।

“আপোন ঘৰ” আৰু “আপোন বাহন” এই আঁচনি দুখনৰ সুবিধা চৰকাৰী চাকৰিয়ালৰ উপৰিও ৰাজহুৱা খণ্ডৰ নিয়মীয়া কৰ্মচাৰী আৰু ৬০ বছৰলৈকে ঠিকাভিত্তিক কৰ্মচাৰীকো প্ৰদান কৰা হ’ব।

শূণ্য ব্যয় দুৰ্ঘটনা আৰু মৃত্যু বীমাৰ সুবিধা চৰকাৰী চাকৰিয়ালৰ উপৰিও ৰাজহুৱা খণ্ডৰ নিয়মীয়া কৰ্মচাৰী আৰু ৬০ বছৰলৈকে ঠিকাভিত্তিক কৰ্মচাৰীকো প্ৰদান কৰা হ’ব।

কিতাপৰ বৰ্ষ

সৃষ্টিশীল, বিজ্ঞানসন্মত আৰু শৈক্ষিক বিষয়ৰ লিখনিত অৱদান আগবঢ়োৱা ১০০০ জন যুৱ লেখকক ২৫,০০০ কৈ আৰ্থিক অনুদান আগবঢ়োৱা হ’ব।

অসম প্ৰকাশন পৰিষদৰ লগত আলোচনা কৰি গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ প্ৰত্যেক জিলা সদৰৰ বাবে ৫ লাখ আৰু সমজিলা সদৰৰ বাবে ২.৫ লাখ টকাকৈ বিত্তীয় সাহায্য আগবঢ়োৱা হ’ব।

অসম চৰকাৰৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীক কিতাপ ক্ৰয়ৰ বাবে অতিৰিক্ত ১০০০ টকাকৈ প্ৰদান কৰা হ’ব।

চৰকাৰৰ তৰফৰ পৰা এই বাজেটত এটা প্ৰস্তাৱ দিয়ে যে চৰকাৰী অনুষ্ঠানত প্ৰদান কৰা সকলো চৰকাৰী উপহাৰ কিতাপৰ আকাৰত হ’ব লাগে আৰু জ্ঞান আৰু বৌদ্ধিক সমৃদ্ধিৰ সংস্কৃতি গঢ়ি তুলিব লাগে। জন্মদিন, বিয়া আদি ব্যক্তিগত অনুষ্ঠানত কিতাপ উপহাৰ দিয়াৰ সংস্কৃতি গ্ৰহণ কৰি সমগ্ৰ সমাজত পঢ়াক উৎসাহিত কৰিবলৈ অসমবাসীলৈ ৰাজ্য চৰকাৰে প্ৰস্তাৱ দিয়ে।

বিদ্যুত মাচুলৰ হাৰ হ্ৰাস

প্ৰতি মাহত ১২০ ইউনিট পৰ্যন্ত ব্যৱহাৰ কৰা জীৱন ধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস কৰা হ’ব। এই ব্যৱস্থাৰ আৰম্ভণি ২০২৫ ৰ ১ মে’ৰ পৰাই হ’ব। ইয়াৰ দ্বাৰা মুঠ ৬৮ লাখ গ্ৰাহকৰ ভিতৰত ৪৮ লাখ গ্ৰাহকে সকাহ পাব।

ঔদ্যোগিক উদ্যান

ডিব্ৰুগড়, গোলাঘাট, শিলচৰ, জাগীৰোড, পলাশবাৰী, তেজপুৰ আৰু নলবাৰীত ভূমিৰ উপলব্ধতাৰ ভিত্তিত শীৰ্ষ মানৰ উদ্যোগিক সুবিধাৰে ঔদ্যোগিক উদ্যান গঢ়ি তোলা হ’ব। ইয়াৰ লগতে এছিয়ান ডেভেলপমেণ্ট বেংক (ADB)ৰ সহায়ত জাগীৰোড আৰু পলাশবাৰীত বৃহৎ নতুন টাউনশ্বিপ প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে।

বনমিত্ৰ অভিযান

আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ছাফাৰীৰ বাবে ব্যৱহাৰ কৰা পুৰণি জিপচীবোৰৰ ঠাইত নতুন বাহন বিশেষকৈ ইলেক্ট্ৰিক বাহন যোগান ধৰা হ’ব।
হাতী-মানুহৰ সংঘাত থকা অসমৰ ৫ খন জিলা ক্ৰমে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা আৰু শোণিতপুৰত এই সংঘাত দূৰীকৰণৰ বাবে গজমিত্ৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে। ইয়াৰোপৰি নেপিয়াৰ ঘাঁহৰ বাণিজ্যিক উৎপাদনৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।

অসমীয়া ভাষাৰ ক্ষেত্ৰত সংস্কাৰ

অসম চৰকাৰে “অসমীয়া মানুহৰ ইতিহাস” প্ৰকাশৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব। ২০২৫ চনৰ এপ্ৰিল মাহৰ পৰা অন্ততঃ অষ্টম শ্ৰেণীৰ স্তৰলৈকে সকলো বিদ্যালয়তে “অসম ইতিহাস” বিষয়টো বাধ্যতামূলক কৰা হ’ব। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাজ্যিক ব’ৰ্ড আৰু চিবিএছইৰ অধীনত দুয়োটাতে সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰা হ’ব আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ত অসমীয়া/বড়ো বাধ্যতামূলক কৰা হ’ব।

অসমৰ দুয়োখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত, শিলচৰ আৰু তেজপুৰত লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোহাঞি বৰুৱাৰ নামত অসমীয়া বিভাগ মুকলি কৰা হ’ব।

২০২৫ চনৰ ১৪ এপ্ৰিলৰ পৰা অসম চৰকাৰৰ প্ৰতিটো নিৰ্দেশ আৰু জাননী ইংৰাজীৰ লগতে অসমীয়া ভাষাতো প্ৰকাশ কৰা হ’ব।

কৰ্কট ৰোগৰ চিকিৎসা

কৰ্কট ৰোগী, বিশেষকৈ শিশুৰ অত্যাধুনিক কৰ্কট চিকিৎসাৰ সুবিধা নিশ্চিত কৰিবলৈ গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত প্ৰ’টন থেৰাপী কেন্দ্ৰ স্থাপন কৰা হ’ব। এইটোৱেই হ’ব পূব ভাৰতৰ প্ৰথম আৰু ভাৰতৰ তৃতীয়টো এনে সুবিধা, যিয়ে অঞ্চলটোৰ বাবে উন্নত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিব।

শক্তি হাব

নবীকৰণযোগ্য শক্তিৰ উৎসৰ ওপৰত গুৰুত্ব দি কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক অসমৰ স্বচ্ছ শক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ দিয়া হৈছে। অঞ্চলটোৰ প্ৰাকৃতিক দৃশ্যপট আৰু ৪২টা জৈৱ বৈচিত্ৰ্যই পৰিৱেশ পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে কৰ্মসংস্থাপন সৃষ্টিৰ সুবিধাও প্ৰদান কৰিব।

ভূটান-বড়োলেণ্ড-বংগোপসাগৰ – B3 কৰিডৰ

ভূটান আৰু ভাৰতৰ মাজত লজিষ্টিক সংযোগ বৃদ্ধিৰ বাবে ভূটান-বড়োলেণ্ড-বে অৱ বেংগল- B 3 কৰিডৰ উন্নয়নৰ কথা ঘোষণা কৰা হৈছে যাৰ দ্বাৰা যোগীঘোপা আৰু ফুলবাৰীৰ সৈতে এক নিৰৱচ্ছিন্ন সূচল সংযোগ স্থাপন হ’ব। ইয়াৰ দ্বাৰা অঞ্চলটোত বাণিজ্য আৰু পৰিবহণৰ সুবিধা হ’ব, অঞ্চলটোৰ অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ লগতে সম্পৰ্কও শক্তিশালী হ’ব। যোগীঘোপাত বিশেষ অৰ্থনৈতিক মণ্ডল গঢ়ি তোলা হ’ব।

ধৰ্ম আৰু সংস্কৃতি

এইবছৰ অসমৰ ২৫,০০০টা নামঘৰ তথা ধৰ্মীয় উপাসনা থলীত ৩ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। দুটা কিস্তিত এই ধন প্ৰদান কৰা হ’ব। লগতে সত্ৰৰ উদাসীন ভকতসকলক মাহে ১,৫০০ টকাকৈ প্ৰদান কৰাৰ ঘোষণা কৰা হৈছে।

২০২৫-২৬ চনৰ ৰাজ্যিক বাজেটত এইবিলাকৰ উপৰিও আন বিভিন্ন ঘোষণা আগবঢ়োৱা হৈছে। এই বাজেট এচামে জনকল্যানমুখী আৰু এচামে নিৰ্বাচনমুখী আখ্যা দিছে। এতিয়া এই বাজেটখনে অসমক কোন দিশত আগুৱাই নিয়ে সেইয়াহে লক্ষণীয় হ’ব।

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x
Scroll to Top