(এৰিক এৰিকছন (Erik Erikson)আছিল এজন প্ৰখ্যাত মনোবিজ্ঞানী আৰু মনোসামাজিক বিকাশ তত্বৰ প্ৰবক্তা । এৰিক এৰিকছনৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কে সাৰথিৰ পাঠকলৈ আমাৰ এই লেখা)
১৯০২ চনৰ ১৫ জুন তাৰিখে দক্ষিণ জাৰ্মানীত এৰিক এৰিকছনৰ জন্ম হয়। এৰিক এৰিকছনক তেওঁৰ মাক আৰু মাকৰ দ্বিতীয় পতিয়ে ডাঙৰ-দীঘল কৰিছিল। এৰিক এৰিকছনৰ জীৱনৰ এটা ডাঙৰ দুখ আছিল যে তেওঁ নিজৰ প্ৰকৃত দেউতাক কোন আছিল, সেই বিষয়ে কোনো নিশ্চিত কথা জনা নাছিল। এৰিকছনে তেওঁৰ জীৱনত কি কামৰ বাবেনো যোগ্য সেয়া সন্ধান কৰিবৰ বাবে ডেকা বয়সতে ঘৰৰ পৰা ওলাই গৈছিল আৰু এজন কবি আৰু ভ্ৰাম্যমান শিল্পী হিচাপে জীৱন নিৰ্বাহ কৰিছিল।
প্ৰায় ৭ বছৰ কাল এনেদৰে উটি-ভাহি ফুৰাৰ পাছত তেওঁ ঘৰলৈ ঘূৰি আহে। ঘূৰি অহাৰ সময়তে তেওঁ আছিল একেবাৰেই ক্লান্ত, বিভ্ৰান্ত আৰু হতাশ। তেওঁ আনকি ছবি অঁকা আৰু ৰং কৰাৰ ক্ষমতাও হেৰুৱাই পেলাইছিল। সেই সময়তে এটা আকস্মিক ঘটনাই তেওঁৰ জীৱন সলায় পেলাইছিল- তেওঁৰ বন্ধু পিটাৰ ব্লছৰ পাৰ তেওঁ এখন চিঠি লাভ কৰিলে। চিঠিখনত লিখা আছিল যে ভিয়েনাৰ এখন নতুন স্কুলত তেওঁ শিক্ষক হিচাপে যোগদান কৰিব লাগে। সেই স্কুলখনৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক আছিল আন্না ফ্ৰয়েড (ছিগমুণ্ড ফ্ৰয়েডৰ কন্যা), তেওঁ এৰিকছনৰ এগৰাকী নিয়োগকৰ্তা হোৱাৰ উপৰিও তেওঁ হৈ পৰিছিল এৰিকছনৰ মনোবিশ্লেষকো।
আন্না ফ্ৰয়েডৰ ওচৰত মনোবৈশ্লষিক চিকিত্সা গ্ৰহণ কৰি থকাৰ সময়তে এৰিকছনে কৈছিল, তেওঁৰ জৈৱিক পিতৃৰ পৰিচয় সন্ধান কৰাটোৱে হৈছে তেওঁৰ জীৱনৰ আটাইতকৈ জটিল সমস্যা। আন্না ফ্ৰয়েড তেওঁৰ এই সমস্যাটোৰ প্ৰতি বৰ বিশেষ সহানুভূতিশীল নাছিল আৰু এৰিকছনক তেওঁৰ দেউতাকৰ বিষয়ে কল্পনা কৰাটো বন্ধ কৰা ভাল বুলি পৰামৰ্শ দিছিল। এৰিকছনে যদিও মনোবিশ্লেষক গৰাকীৰ আনবোৰ পৰামৰ্শ পালন কৰি চলিছিল, তেওঁ কিন্তু এই পৰামৰ্শটো মানি ল’ব নোৱাৰিলে আৰু দেউতাকৰ পৰিচয় সন্ধান অব্যাহত ৰাখিলে।
ভিয়েনাত থকা সময়তে এৰিকছনে জন ছাৰ্ছন নামৰ এগৰাকী মহিলাক লগ পায় আৰু আন্না ফ্ৰয়েডৰ পৰামৰ্শমতে তেওঁকেই এৰিকছনে বিয়া কৰায়। কানাডাত জন্ম লোৱা ছাৰ্ছন আছিল এগৰাকী নৃত্যশিল্পী আৰু শিক্ষয়িত্ৰী আৰু তেঁৱো এৰিকছনৰ দৰেই আন্না ফ্ৰয়েডৰ ওচৰত মনোবৈশ্লষিক চিকিত্সা গ্ৰহণ কৰি আছিল। ইংৰাজী ভাষাত থকা বিশেষ দখলৰ বাবে তেওঁ এৰিকছনৰ গ্ৰন্থসমূহৰ এগৰাকী সহলেখিকা হিচাপে পৰিচিত হৈ পৰিছিল।
এৰিকছনৰ চাৰিটা সন্তান আছিল- ইয়াৰে ভিতৰত কাই, জন আৰু নীল আছিল পুত্ৰ সন্তান আৰু ছ্যু আছিল কন্যা সন্তান।
এৰিক এৰিকছনৰ জীৱনৰ এটা বৈশিষ্ট আছিল যে, তেওঁ খুব সঘনাই তেওঁৰ চাকৰি আৰু বাসস্থান সলাই ফুৰিছিল, যাক তেওঁৰ আত্মপৰিচয় সন্ধানৰ এক পদ্ধতি আছিল বুলি তেওঁৰ জীৱনীকাৰ সকলে উল্লেখ কৰি গৈছে। আনুষ্ঠানিক শিক্ষাগত অৰ্হতাৰ অভাৱৰ বাবে তেওঁৰ কোনো বিশেষ পেছাগত পৰিচয় নাছিল। তেওঁৰ পৰিচয় আছিল বহুধাবিভক্ত — কেতিয়াবা শিল্পী, কেতিয়াবা মনোবিজ্ঞানী, কেতিয়াবা মনোবিশ্লেষক, কেতিয়াবা অধ্যাপক, কেতিয়াবা সাংস্কৃতিক নৃতত্ত্ববিদ, কেতিয়াবা অস্তিত্ববাদী , কেতিয়াবা আকৌ ৰাজহুৱা বুদ্ধিজীৱী।
১৯৩৩ চনত ইউৰোপত ফেছিবাদৰ উদয় হয় আৰু এজন ইহুদী হোৱাৰ বাবে ভিয়েনাৰ পৰিস্থিতি তেওঁৰ বাবে প্ৰতিকূল হৈ পৰে। সেয়ে তেওঁ পৰিয়ালসহিতে ডেনিছ নাগৰিকত্বৰ আশাত ভিয়েনাৰ পৰা ডেনমাৰ্কলৈ ঢাপলি মেলিলে। কিন্তু ডেনমাৰ্কৰ বিষয়াবৰ্গই তেওঁৰ অনুৰোধ ৰক্ষা নকৰিলে। সেয়ে তেওঁ তত্ক্ষণাত কপেনহেগেইন পৰিত্যাগ কৰে আৰু অৱশেষত আমেৰিকা যুক্তৰাষ্ট্ৰত আশ্ৰয় গ্ৰহণ কৰে।
আমেৰিকালৈ গৈ তেওঁ তেওঁৰ নামটো হমবাৰ্গৰ পৰা এৰিকছনলৈ সলনি কৰিছিল। এই কাৰ্যৰ দ্বাৰা তেওঁ তেওঁৰ ইহুদী পৰিচয় ত্যাগ কৰিছিল বুলি কোৱা হয় যদিও তেওঁ এই অভিযোগ খণ্ডন কৰি কৈছিল যে, তেওঁ তেওঁৰ লেখনি সমূহত তেওঁৰ নামতো এৰিক হমবাৰ্গ এৰিকছন বুলিয়েই লিখে।
আমেৰিকালৈ যোৱাৰ পাছতো কিন্তু এৰিকছনে তেওঁৰ বাসস্থান সলনি কৰি থকা স্বভাৱটো সলনি কৰা নাছিল। আমেৰিকালৈ গৈ তেওঁ প্ৰথম বষ্টন অঞ্চলত বসতি স্থাপন কৰে আৰু তাত তেওঁ নিজৰ মনোবৈশ্লষিক অনুশীলন আৰম্ভ কৰে। কোনো ধৰণৰ কলেজ ডিগ্ৰী অথবা চিকিত্সাবিজ্ঞানৰ অৰ্হতা নথকাকৈয়ে তেওঁ মেছাছুছেটচ জেনেৰেল হস্পিটেল, হাৰ্ভাৰ্ড মেডিকেল স্কুল আৰু হাৰ্ভাৰ্ড চাইক’লজিকেল ক্লিনিক আদিৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানত তেওঁ গৱেষকৰ পদৱী গ্ৰহণ কৰিছিল।
এৰিকছনৰ আছিল এজন লেখক হোৱাৰ তীব্ৰ বাসনা। কিন্তু বষ্টন আৰু কেমব্ৰীজৰ ব্যস্ত সময়সূচীৰ বাবে এয়া সম্ভৱ হৈ উঠা নাছিল। সেয়ে ১৯৩৬ চনত তেওঁ য়েল বিশ্ববিদ্যালয়ত এটা পদবী গ্ৰহণ কৰে। ইয়াতো মাত্ৰ আঢ়ৈ বছৰ থাকি তেওঁ কেলিফৰ্নিয়াৰ বাৰ্কলেত থকা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়লৈ গুছি যায়। এই সময়ছোৱাতে তেওঁ দুটাকৈ আমেৰিকান আদিবাসী জাতিৰ মাজত থাকি তেওঁলোকৰ বিষয়ে অধ্যয়ন কৰিছিল। এই অভিজ্ঞতা আৰু অধ্যয়নে তেওঁক এগৰাকী সাংস্কৃতিক নৃতত্ত্ববিদ হিচাপে গঢ় দিছিল।
এৰিক এৰিকছনৰ মনোসামাজিক বিকাশ তত্ব
কেলিফৰ্নিয়াত থকা সময়ছোৱাতে এৰিকছনে ধীৰে ধীৰে এটা ব্যক্তিত্বৰ তত্ত্ব গঢ়ি তুলিছিল। এই তত্ত্বটো ছিগমুণ্ড ফ্ৰয়েডৰ তত্ত্বতকৈ কিছু পৃথক আছিল যদিও ই তাৰ বিপৰীতধৰ্মী নাছিল। ১৯৫০ চনত তেওঁৰ বিশ্ববিখ্যাত গ্ৰন্থ ‘চাইল্ডহুড এণ্ড চছাইটি’ প্ৰকাশ পায় আৰু ইয়াতেই তেওঁৰ মনোবৈ়জ্ঞানিক তত্ত্বটোৰ প্ৰথম আভাস পোৱা যায়। এৰিকছনৰ এই তত্ত্বটোক উত্তৰ ফ্ৰয়েডীয় তত্ত্বসমূহৰ ভিতৰত এক অন্যতম শ্ৰেষ্ঠ তত্ত্ব বুলি চিহ্নিত হৈছে। এৰিকছন তত্ত্বৰ দুটা মূল বিষয়বস্তু হৈছে- মনোসামাজিক বিকাশ আৰু পৰিচয়ৰ সংকট। মনোবিজ্ঞানৰ জগতত ‘চাইল্ডহুড এণ্ড চছাইটি’ এখন ধ্ৰুপদী গ্ৰন্থ আৰু এই গ্ৰন্থখনৰ জড়িয়তেই এৰিকছনে এজন চিন্তাবিদ হিচাপে বিশ্বজনীন খ্যাতি লাভ কৰিছিল।
১৯৪৯ চনত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই শিক্ষকসকলৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতি অনুগত্য প্ৰকাশ কৰি এখন শপতপত্ৰত চহী কৰিবলৈ বুলি দাবী জনায়। সেই সময়ত এই দাবী অস্বাভাৱিকক নাছিল কিয়নো সেইসময়ত আমেৰিকান চিনেটৰ যোচেফ মেকাৰ্থিয়ে বহু আমেৰিকানৰ মনলৈ এই বিশ্বাস আনিবলৈ সক্ষম হৈছিল যে, কমিউনিষ্ট আৰু কমিউনিষ্ট সমৰ্থকসকলে আমেৰিকাৰ চৰকাৰ উত্সাত কৰিবলৈ সাজু হৈছে। এৰিকছন কমিউনিষ্ট নাছিল যদিও ব্যক্তিগত নীতিৰ ভিত্তিত তেওঁ এই শপতপত্ৰত স্বাক্ষৰ কৰিবলৈ অমান্তি হয়।
যদিও এৰিক এৰিকছনক কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ বিশেষাধিকাৰ সমিতিয়ে তেওঁৰ পদত বাহাল থাকিব পাৰিব বুলি কৈছিল তথাপিও তেওঁ সেই চাকৰি পৰিত্যাগ কৰি মেছাছুছেটচলৈ গুচি আহে। মেছাছুছেটচলৈ আহি তেওঁ ষ্টকব্ৰীজত অৱস্থিত অষ্টেন ৰিগছ নামৰ মনোবিশ্লেষণৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠানটোৰ চিকিত্সা কেন্দ্ৰত থেৰাপিষ্ট হিচাপে কাম কৰিবলৈ লয়। ১৯৬০ চনত তেওঁ পুনৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়লৈ ঘুৰি আহে আৰু পৰৱৰ্তী ১০ বছৰ কাল মানৱ বিকাশ বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে।
অৱসৰৰ পাছতো এৰিকছনে লেখা-মেলা, বক্তৃতা দিয়া আৰু কিছু সংখ্যক ৰোগীৰ সৈতে সাক্ষাত কৰাৰ দৰে কামবোৰ কৰি নিজৰ সক্ৰিয় জীৱন অব্যাহত ৰাখিছিল। আৰু এই সময়তো তেওঁ কেইবাঠাইটো নিজৰ বাসস্থান সলাইছিল। তেওঁ একাদিক্ৰমে মেৰিন কাউণ্টি, কেলিফৰ্ণিয়া, কেম্ব্ৰিজ, মেছাছুছেটচ, কেপ কডত বাস কৰিছিল। এই সকলোখিনি পৰিৱৰ্তনৰ মাজতো তেওঁ নিজৰ পিতৃৰ পৰিচয় বিচাৰি ফুৰিবলৈ এৰা নাছিল। ১৯৯৪ চনৰ ১২ মে’ত ৯১ বছৰ বয়সত এৰিক এৰিকছনৰ মৃত্যু হয়।
এৰিক এৰিকছনৰ গ্ৰন্থৰাজি-
1) Childhood and Society (1950)
2) Young Man Luther: A Study in Psychoanalysis and History (1958)
3) Insight and Responsibility (1966)
4) Identity: Youth and Crisis (1968)
5) Gandhi’s Truth: On the Origins of Militant Nonviolence (1969)
6) Life History and The Historical Moment (1975)
7) Toys and Reasons: Stages in the Reutilization of Experience (1977)
9) Vital Involvement in Old Age (1986)