পৰ্যালোচনাসাময়িকী

পঞ্চদশ অসম বিধানসভা নিৰ্বাচন, ২০২১

নিৰ্বাচন জনগণৰ অধিকাৰ সাব্যস্তকৰণৰ এক পৰীক্ষা। নিৰ্বাচনৰ যোগেদি জনগণে নিজৰ প্ৰতিনিধি নিজেই নিৰ্বাচন কৰে। যোৱা ২৬ ফেব্ৰুৱাৰীত নতুন দিল্লীত সংবাদমেলৰ আয়োজন কৰি ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাই পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। আজি প্ৰায় এমাহৰ আগতে পঞ্চদশ অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। এইবাৰ অৰ্থাৎ ২০২১ চনৰ পঞ্চদশ অসম বিধানসভাৰ নিৰ্বাচন তিনিটা পৰ্য্যায়ত অনুষ্ঠিত কৰা হয়। তাৰে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ হয় ২৭ মাৰ্চত, দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ হয় ১ এপ্ৰিলত আৰু তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ হয় ৬ এপ্ৰিলত।

অসম বিধানসভাৰ ইতিহাস :

অসম বিধানসভাত সৰ্বমুঠ ১২৬ খন আসন আছে। ১৯৫২ চনত অসম বিধানসভাৰ প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেইসময়ত অসম বিধানসভাৰ সৰ্বমুঠ আসন আছিল ১০৮ খন। ১৯৫৭ চনৰ দ্বিতীয় বিধানসভা নিৰ্বাচনত অসম বিধানসভাৰ আসনৰ সংখ্যা ১০৫ খনলৈ হ্ৰাস পায়। পুনৰ ১৯৬২ চনৰ তৃতীয় বিধানসভাৰ নিৰ্বাচনত অসম বিধানসভাৰ আসনৰ সংখ্যা ১১৪ খনলৈ বৃদ্ধি পায়। আৰু অৱশেষত ১৯৭২ চনৰ পঞ্চম বিধানসভা নিৰ্বাচনত অসম বিধানসভাৰ আসন ১২৬ খনলৈ বৃদ্ধি পায় আৰু বৰ্তমান ২০২১ চনৰ পঞ্চদশ অসম বিধানসভা নিৰ্বাচন পৰ্য্যন্ত অসম বিধানসভাৰ আসন ১২৬ খনেই আছে।

অসম বিধানসভা নিৰ্বাচন,২০২১ৰ প্ৰথম পৰ্য্যায় :

পঞ্চদশ অসম বিধানসভা নিৰ্বাচন, ২০২১ ৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ হয় যোৱা ২৭ মাৰ্চত। এই প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয় উজনি অসমৰ বাৰ(১২)খন জিলাৰ সৰ্বমুঠ সাতচল্লিছ(৪৭)টা সমষ্টিত। এই প্ৰথম পৰ্য্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা অসমৰ  ৪৭ টা সমষ্টি হৈছে – ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপাৰা, চটিয়া, বিশ্বনাথ, বিহালী, গহপুৰ, ধিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বোকাখাট, সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও, যোৰহাট, মাজুলী, তিতাবৰ, মৰিয়নী, টীয়ক, আমগুৰি, নাজিৰা, মাহমৰা, সোনাৰি, থাওৰা,  শিৱসাগৰ, বিহপুৰীয়া, নাওবৈছা, লক্ষীমপুৰ, ঢকুৱাখানা, ধেমাজি, জোনাই, মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলীয়াজান, টিংখং, নাহৰকটীয়া, চাবুৱা, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া।

পঞ্চদশ অসম বিধানসভাৰ প্ৰথম পৰ্য্যায়ৰ ৪৭ টা সমষ্টিৰ নিৰ্বাচনত সৰ্বমুঠ ২৬৪ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায়। প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ ৪৭ টা সমষ্টিৰ সৰ্বমুঠ ভোটাৰ আছিল ৮১ লাখ ৯ হাজাৰ ৮১৫ জন। তাৰ ভিতৰত পুৰুষ ভোটাৰ ৪০ লাখ ৭৭ হাজাৰ ২১০ গৰাকী আৰু মহিলা ভোটাৰ ৪০ লাখ ৩২ হাজাৰ ৪৮১ গৰাকী।

২০২১ চনৰ পঞ্চদশ অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত সৰ্বমুঠ ৬৪ লাখ ৮২ হাজাৰ ৫১২ গৰাকীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। অৰ্থাৎ প্ৰথম পৰ্য্যায়ৰ ভোটদানৰ সৰ্বমুঠ শতকৰা হাৰ আছিল ৭৯.৯৩ শতাংশ।

পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ সৰ্বাধিক ভোটাৰবিশিষ্ট সমষ্টিটো হৈছে জোনাই। জোনাইত সৰ্বমুঠ ভোটাৰ আছে ৩ লাখ ১১ হাজাৰ ৬৬০ জন। প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ সৰ্বনিম্ন ভোটাৰবিশিষ্ট সমষ্টিটো হৈছে থাওৰা। থাওৰাত সৰ্বমুঠ ভোটাৰ আছে ১ লাখ ১৫ হাজাৰ ৩৬৪ গৰাকী। এই থাওৰা বিধানসভা সমষ্টিটোৱেই হৈছে অসমৰ সৰ্বনিম্ন ভোটাৰবিশিষ্ট বিধানসভা সমষ্টি।

অসম বিধানসভা নিৰ্বাচন,২০২১ৰ দ্বিতীয় পৰ্য্যায়:

পঞ্চদশ অসম বিধানসভা নিৰ্বাচন, ২০২১ৰ দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় ১ এপ্ৰিলত। এই দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয় সৰ্বমুঠ ঊনচল্লিছ(৩৯)টা সমষ্টিত। দ্বিতীয় পৰ্য্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিকেইটা হৈছে ৰাতাবাৰী, পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, বদৰপুৰ, হাইলাকান্দি, কাটলিছেৰা, আলগাপুৰ, শিলচৰ, সোনাই, ধলাই, উদাৰবন্দ, লক্ষীপুৰ, বৰখলা, কাটিগড়া, হাফলং, বোকাজান, হাওৰাঘাট, ডিফু, বৈঠলাংছ’, কমলপুৰ, ৰঙিয়া, নলবাৰী, পানেৰী, কলাইগাঁও, ছিপাঝাৰ, মঙ্গলদৈ, দলগাঁও, ওদালগুৰি, মাজবাট, জাগীৰোড, মৰিগাঁও, লাহৰীঘাট, ৰহা, নগাঁও, বৰহমপুৰ, যমুনামুখ, হোজাই আৰু লামডিং।

পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্য্যায়ত সৰ্বমুঠ ৩৪৫ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰে। এই দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ৩৯ টা সমষ্টিত সৰ্বমুঠ ভোটাৰ আছিল ৭৩ লাখ ৪৪ হাজাৰ ৬৩১ জন। তাৰ ভিতৰত পুৰুষ ভোটাৰ আছিল ৩৭ লাখ ৩৪ হাজাৰ ৫৩৭ গৰাকী আৰু মহিলা ভোটাৰ আছিল ৩৬ লাখ ৯ হাজাৰ ৯৫৯ গৰাকী।

২০২১ চনৰ পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্য্যায়ত সৰ্বমুঠ ৫৯ লাখ ৪৬ হাজাৰ ৩৮৮ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। অৰ্থাৎ দ্বিতীয় পৰ্য্যায়ৰ ভোটদানৰ সৰ্বমুঠ শতকৰা হাৰ ৮০.৯৬ শতাংশ।

পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্য্যায়ৰ ভোটদান হোৱা সমষ্টিবোৰৰ ভিতৰত সৰ্বাধিক ভোটাৰবিশিষ্ট সমষ্টিটো হৈছে হোজাই আৰু ইয়াত সৰ্বমুঠ ভোটাৰ আছে ২ লাখ ৬৫ হাজাৰ ৮৮৬ গৰাকী। দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ সৰ্বনিম্ন ভোটাৰবিশিষ্ট সমষ্টিটো হৈছে  হাওৰাঘাট  আৰু ইয়াত সৰ্বমুঠ ভোটাৰ আছে ১ লাখ ৩২ হাজাৰ ৩৩৯ গৰাকী।

অসম বিধানসভা নিৰ্বাচন, ২০২১ৰ তৃতীয় পৰ্য্যায়:

পঞ্চদশ অসম বিধানসভা নিৰ্বাচন, ২০২১ ৰ তৃতীয় তথা অন্তিম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় ৬ এপ্ৰিলত। এই তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয় সৰ্বমুঠ চল্লিছ(৪০) টা বিধানসভা সমষ্টিত। তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা অসমৰ বিধানসভা সমষ্টিকেইটা হৈছে – মানকাছাৰ, দক্ষিণ শালমাৰা, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, পশ্চিম বিলাসীপাৰা, পূৱ বিলাসীপাৰা, গোঁসাইগাঁও, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূৱ, চিদলী, বঙাইগাঁও, বিজনী, উত্তৰ অভয়াপুৰী, দক্ষিণ অভয়াপুৰী, দুধনৈ, পূৱ গোৱালপাৰা, পশ্চিম গোৱালপাৰা, জলেশ্বৰ, সৰভোগ, ভৱানীপুৰ, পাটাছাৰকুছি, বৰপেটা, জনিয়া, বাঘবৰ, সৰুক্ষেত্ৰী, চেঙা, বকো, ছয়গাঁও, পলাশবাৰী, জালুকবাৰী, দিছপুৰ, পশ্চিম গুৱাহাটী, পূৱ গুৱাহাটী, হাজো, তামুলপুৰ, বৰক্ষেত্ৰী, ধৰ্মপুৰ, বৰমা আৰু চাপাগুৰি।

পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পয্যায়ত সৰ্বমুঠ ৩৩৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায়।  এই তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৪০ টা সমষ্টিত সৰ্বমুঠ ভোটাৰ আছিল ৭৯ লাখ ১৯ হাজাৰ ৬৪১ জন। তাৰ ভিতৰত পুৰুষ ভোটাৰ আছিল ৪০ লাখ ১১ হাজাৰ ৫৩৯ গৰাকী আৰু মহিলা ভোটাৰ আছিল ৩৯ লাখ ৭ হাজাৰ ৯৬৩ গৰাকী।

২০২১ চনৰ পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ত সৰ্বমুঠ ৬৭ লাখ ৪৭ হাজাৰ ৮৮৭ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।  অৰ্থাৎ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ সৰ্বমুঠ শতকৰা হাৰ ৮৫.২০ শতাংশ।

পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোটদান হোৱা সমষ্টিবোৰৰ ভিতৰত সৰ্বাধিক ভোটাৰবিশিষ্ট সমষ্টিটো হৈছে দিছপুৰ আৰু এই দিছপুৰ সমষ্টিটোৱেই অসমৰ সৰ্বাধিক ভোটাৰবিশিষ্ট সমষ্টি। দিছপুৰ সমষ্টিত সৰ্বমুঠ ভোটাৰ আছে ৪ লাখ ১১ হাজাৰ ৬৩৬ জন। তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ সৰ্বনিম্ন ভোটাৰবিশিষ্ট সমষ্টিটো হৈছে  ধৰ্মপুৰ  আৰু ইয়াৰ সৰ্বমুঠ ভোটাৰ হৈছে ১ লাখ ৪১ হাজাৰ ৫৯২ গৰাকী।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েৰ ঘোষণা অনুসৰি অসমৰ ১২৬ টা সমষ্টিত সৰ্বমুঠ ভোটাৰ আছে ২ কোটি ৩৩ লাখ ৭৪ হাজাৰ ৮৭ গৰাকী। ইয়াৰ ভিতৰত সৰ্বমুঠ পুৰুষ ভোটাৰ আছে ১ কোটি ১৮ লাখ ২৩ হাজাৰ ২৮৬ গৰাকী আৰু সৰ্বমুঠ মহিলা ভোটাৰ আছে ১ কোটি ১৫ লাখ ৫০ হাজাৰ ৪০৩ গৰাকী। ইয়াৰোপৰি অসমত ৩৯৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে।

২০২১ চনত পঞ্চদশ অসম বিধানসভা নিৰ্বাচনত সৰ্বমুঠ ২ কোটি ৩৩ লাখ ৭৪ হাজাৰ ৮৭ গৰাকী ভোটাৰৰ ভিতৰত ১ কোটি ৯১ লাখ ৭৬ হাজাৰ ৮৪৭ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। অৰ্থাৎ তিনিওটা পৰ্য্যায় মিলাই অসমত সৰ্বমুঠ ৮২.০৪ শতাংশ ভোটদান হয়।

তিনিটা পৰ্য্যায়ৰ নিৰ্বাচনৰ পাছত দেখা যায় যে ২০২১ পঞ্চদশ অসম বিধানসভা নিৰ্বাচনত জলেশ্বৰ সমষ্টিত সৰ্বাধিক ভোটগ্ৰহণ হয় আৰু ইয়াৰ শতকৰা হাৰ আছিল ৯৩.৪৪ শতাংশ। এই নিৰ্বাচনত উত্তৰ কৰিমগঞ্জ সমষ্টিত সৰ্বনিম্ন ভোটদান হয় আৰু ইয়াৰ শতকৰা হাৰ আছিল ৭৩.৮৯ শতাংশ।

অসম বিধানসভা নিৰ্বাচন,২০২১ ৰ প্ৰেক্ষাপট :

তিনিটা পৰ্য্যায়ত ২০২১ৰ অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচন প্ৰথম পৰ্য্যায়ত মূলতঃ উজনি অসমত,দ্বিতীয় পৰ্য্যায়ত মূলতঃ বৰাক উপত্যকা আৰু পাহাৰীয়া অঞ্চলৰ লগতে মধ্য অসমত আৰু তৃতীয় পৰ্য্যায়ত মূলতঃ নামনি অসম আৰু বি টি আৰ এলেকাত অনুষ্ঠিত হৈছিল।

অসম বিধানসভা নিৰ্বাচন,২০২১ ৰ ৰাজনৈতিক প্ৰেক্ষাপট বুলি ক’বলৈ গলে প্ৰথমেই ক’ব লাগিব এইবাৰৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে গঠন হোৱা দুটা পৰস্পৰ বিৰোধী শক্তিশালী জোঁটবন্ধনৰ কথা। তাৰে এটা হৈছে মিত্ৰজোঁট আৰু আনটো হৈছে মহাজোঁট। ভাৰতীয় জনতা পাৰ্টী(বিজেপি)ৰ নেতৃত্বত অসম গণ পৰিষদ(এজিপি) আৰু ইউ পি পি এল দল লগ হৈ মিত্ৰজোঁট গঠন কৰিছে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এ আই ইউ ডি এফ,বি পি এফ,আঞ্চলিক গণমৰ্চা,চি পি আই,চি পি আই(এম)আৰু চি পি আই(এম এল) দল লগ হৈ মহাজোঁট গঠন কৰিছে। এই দুয়োটা জোঁটবন্ধনেই নিজৰ সৰ্বাত্মক শক্তি প্ৰয়োগ কৰি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

অসম বিধানসভাৰ এই নিৰ্বাচনত অসমত আন এটা তৃতীয় মৰ্চাৰ উদ্ভৱ হৈছে। সেইটো হৈছে জাতীয়তাবাদী মৰ্চা অৰ্থাৎ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা। এই দুয়োটা দল গঠন হোৱা বৰ বিশেষ সময় হোৱা নাই। গতিকে নিশ্চয় এই দলকেইটাৰ ভেঁটি তথা অগ্ৰগতি অত্যন্ত চালুকীয়া অৱস্থাত আছে।

অসমত সৰ্বমুঠ বিধানসভাৰ সমষ্টিৰ সংখ্যা ১২৬ টা। ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচনত সমষ্টিসমূহৰ ভাগ-বাটোৱাৰাক লৈ তিনিওটা সন্মিলিত শক্তিৰ মিত্ৰদলসমূহৰ মাজত ক্ষোভৰ উদগীৰণ ঘটিছিল। লগতে দলসমূহৰ ভিতৰতে আভ্যন্তৰীণ সংঘাত গা কৰি উঠিছিল আৰু নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতেই প্ৰাৰ্থীত্ব লাভ নকৰা প্ৰাৰ্থীত্বপ্ৰত্যাশী কিছুমানে নিজ দল ত্যাগ কৰি আন দলত যোগদান কৰিছিল আৰু আন কিছুমানে নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰাৰ্থীত্ব আগবঢ়াইছিল।

প্ৰথমে কওঁ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ কথা। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পৰাই এজিপি আছে যদিও ইউ পি পি এল বিজেপিৰ নতুন সহযোগী। ২০১৬ চনত বিজেপিৰ লগত বিপিএফ আছিল যদিও বিজেপিয়ে বি পি এফক যোৱা বি টি আৰ নিৰ্বাচনত নস্যাৎ কৰে আৰু ইউ পি পি এলৰ লগত মিত্ৰতাপাশত আবদ্ধ হৈ বি টি আৰৰ ক্ষমতা হস্তগত কৰে। আৰু আশানুৰূপভাৱেই এইবাৰ বিধানসভা নিৰ্বাচনতো বিজেপিয়ে বি পি এফক এৰি ইউ পি পি এলক নিজৰ মিত্ৰজোঁটত চামিল কৰে। বিজেপি মিত্ৰজোঁটৰ মাজত কিছুমান আসন ভাগ কৰাক লৈ দলসমূহৰ তৃণমূল পৰ্য্যায়ত ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটিছিল আৰু দলবিলাকৰ অভ্যন্তৰতো প্ৰাৰ্থীত্বপ্ৰত্যাশীৰ মাজত সংঘাতে দেখা দিছিল যদিও পৰৱৰ্তী সময়ত ই শাম কাটে। একপ্ৰকাৰ কবলৈ গলে জাতীয়তাবাদী শক্তি এজিপিয়ে ৰাষ্ট্ৰীয়তাবাদী শক্তি বিজেপিৰ সন্মুখত আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত প্ৰায় হাৰ মানিব লগা হয়। এইবাৰ নিৰ্বাচনত অসম বিধানসভাৰ ১২৬ খন আসনৰ ভিতৰত মিত্ৰজোঁটৰ হৈ বিজেপিয়ে ৯২ খন আসনত, এজিপিয়ে ২৬ খন আসনত আৰু ইউ পি পি এলে ৮ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে।

এতিয়া উল্লেখ কৰিব লাগিব কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ কথা। কংগ্ৰেছে বিগত বৰ্ষৰ পৰাই বিজেপিবিৰোধী দলসমূহক একত্ৰিত কৰি এটা মহাজোঁট গঠনৰ প্ৰয়াস কৰি আহিছিল। আৰু অৱশেষত ২০২১ ৰ জানুৱাৰীত কংগ্ৰেছে এ আই ইউ ডি এফ,আঞ্চলিক গণমৰ্চা,চি পি আই,চি পি আই(এম) আৰু চি পি আই (এম এল)ৰ সৈতে বিৰোধী মহাজোঁট গঠন কৰে। আৰু বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত অৰ্থাৎ পলমকৈ বি পি এফ আৰু আৰ জে ডিও বিৰোধী মহাজোঁটত চামিল হয়। এই দলকেইটাৰ মাজতো কিছুমান সমষ্টি নিৰ্ধাৰণক লৈ দলসমূহৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় আৰু প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাতেও দেখা দিয়ে। অৱশেষত পলমকৈ হলেও মহাজোঁটৰ আসন ভাগ-বাটোৱাৰা সম্পন্ন হয় আৰু অসম বিধানসভাৰ ১২৬ টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ৯৬ টাত,এ আই ইউ ডি এফে ১৪ টাত,বিপিএফে ১২ টাত, চিপিআই (এম)য়ে ২টাত, চিপিআইয়ে ১ টাত, চিপিআই (এমএল)য়ে ১ টাত, আঞ্চলিক গণ মৰ্চাই ১টাত আৰু আৰজেডিয়ে ১ টাত প্ৰতিদ্বন্দ্বিতা কৰিছে ।

এইবাৰৰ অসম বিধানসভা নিৰ্বাচনৰ তৃতীয়টো মৰ্চা অৰ্থাৎ অসমৰ নৱগঠিত জাতীয়তাবাদী দল দুটা অসম জাতীয় পৰিষদ(এজেপি)আৰু ৰাইজৰ দলেও একত্ৰিতভাৱে প্ৰতিদ্বন্দিতা কৰিছে। এই দুয়োটা দলকে কংগ্ৰেছে মহাজোঁটত চামিল হবলৈ আহ্বান জনাইছিল কিন্তু মহাজোঁটত এ আই ইউ ডি এফৰ দৰে সাম্প্ৰদায়িক দল থকা হেতুকে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মহাজোঁটত অন্তৰ্ভুক্ত হবলৈ দিয়া প্ৰস্তাৱ নস্যাৎ কৰে। আৰু দুয়োটা দলে সমিলমিলেৰে নিৰ্বাচনত অৱতীৰ্ণ হম বুলি ঘোষণা কৰিলে। অৱশেষত এজেপিয়ে ৮৫ খন আসনত আৰু ৰাইজৰ দলে ৩৮ খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ’ল। আৰু দেখা গ’ল যে মিত্ৰতাপাশত আবদ্ধ হৈ দুয়োটা দলে নিৰ্বাচন খেলিম বুলি কোৱা কথাষাৰ যেন পাম্প দিয়া বেলুনত পৰিণত হ’ল। কিয়নো দুয়োটা দলে নিৰ্বাচনত একেলগে অৱতীৰ্ণ হ’ম বুলি সদম্ভে ঘোষণা কৰিও কিন্তু কথা ৰাখিব নোৱাৰিলে আৰু প্ৰায় ১৫-২০ টা মান সমষ্টিত দুয়োটা দল সমুখ সমৰত লিপ্ত হ’ল আৰু ইয়াৰ ফলত কা বিৰোধী তথা জাতীয়তাবাদী ভোটসমূহ বিভাজিত হ’ল। আৰু ইয়াৰ লগতে কংগ্ৰেছ দলে প্ৰথমতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰাৰ্থীত্ব আগবঢ়োৱা সমষ্টি দুটা ক্ৰমে শিৱসাগৰ আৰু দুলীয়াজনত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰে বুলি কথা দিছিল কিন্তু পাছত কংগ্ৰেছ দলে দুয়োটা সমষ্টিতে দুজন শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰে। ইয়াৰ লগতে দল দুটাৰ অভ্যন্তৰতো প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাতে গা কৰি উঠা দেখা গ’ল।

অসম বিধানসভা নিৰ্বাচন,২০২১ ৰ ইছ্যু আৰু প্ৰচাৰ :

এইবাৰ ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত শাসক আৰু বিৰোধী দুয়োটা পক্ষৰ বাবে যথেষ্ট ইছ্যু আছিল। কিন্তু শাসক-বিৰোধী দুয়োটা পক্ষই মূল ইছ্যুসমূহৰ পৰা ফালৰি কাটি যোৱাহে পৰিলক্ষিত হ’ল।

এইবাৰৰ নিৰ্বাচনত শাসকীয় বিজেপি পক্ষই যোৱা পাঁচবছৰীয়া কাৰ্য্যকালৰ উন্নয়ন,দুৰ্নীতিমুক্ত অসমৰ প্ৰতিশ্ৰুতি ৰক্ষা,এ পি এছ ইৰ নিকাকৰণৰ প্ৰতিশ্ৰুতি ৰক্ষা,বিভিন্ন আঁচনিৰ প্ৰায় ৯২ লাখ হিতাধিকাৰীৰ সৃষ্টি আদিক ইছ্যু হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। বিজেপি নেতাৰ মুখত তাতোতকৈ অধিক শুনা গৈছিল বদৰুদ্দিন আজমলৰ নাম। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, ৰাজনাথ সিং, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আদি বিজেপিৰ ষ্টাৰ কেম্পেইনাৰে প্ৰধানকৈ বদৰুদ্দিন আজমলক নিৰ্বাচনী ইছ্যু কৰি ল’লে। মহাজোঁট জয়ী হলে বাংলাদেশী মূলৰ বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী তথা কিংমেকাৰ হ’ব বুলি বিজেপিয়ে দিনে নিশাই প্ৰচাৰ চলাই ৰাইজৰ মাজলৈ এই বাৰ্তা নিবলৈ চেষ্টা কৰে আৰু বহুক্ষেত্ৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট এইক্ষেত্ৰত সফল হ’ল।

লগতে বিজেপিয়ে যোৱা ৫ বছৰত ৰাজ্যত কৰা ৰাস্তা-ঘাটৰ ব্যাপক উন্নতি, দলং নিৰ্মাণ, এ পি এছ ইৰ দুৰ্নীতি নিৰ্মূল, দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ শূণ্য সহনশীল নীতি, অৰুনোদয় আঁচনি,স্বয়ম আঁচনি,মেধাৱী ছাত্ৰীক বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান,শিক্ষাৰ্থীক পাঠ্যপুথি কিনিবলৈ সাহাৰ্য্য, ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তি, ৩ লাখ ৩২ হাজাৰ খিলঞ্জীয়া লোকক ভূমিৰ পট্টা প্ৰদান আদিক ইছ্যু হিচাপে লৈ জনতাৰ মাজলৈ সোমাই গ’ল। ইয়াৰ পৰা এটাই লক্ষ্য কৰিব পাৰি যে বিজেপিয়ে আজমল কাৰ্ড খেলি অসমৰ ৰাইজৰ আৱেগৰ জৰিয়তে ৰাইজৰ মাজত সোমাবলৈ চেষ্টা কৰিলে। বিজেপিৰ নেতাসকলে নিজৰ চৰকাৰৰ বিগত পাঁচবছৰৰ কৰ্মৰ মূল্যায়ন কৰাতকৈ আজমলৰ নাম লোৱাতহে বেছি ব্যস্ত হোৱা দেখা গ’ল। লগতে বিজেপিৰ নেতাসকলৰ মুখত শুনা গ’ল প্ৰতিশ্ৰুতিৰ বন্যা। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখনৰ পাছত আনখন জনসভা,পদযাত্ৰা,বাইক ৰেলীৰে বিজেপি দলৰ ইছ্যুসমূহ অসমৰ প্রান্তে প্রান্তে কঢ়িয়াই নিয়ে। লগতে বিজেপিয়ে দহটা সংকল্পৰ জৰিয়তে ৰাইজৰ কাষলৈ যাবলৈ চেষ্টা কৰে।

একেদৰে,কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে মূলত নাগৰিকত্ব সংশোধনী আইন(কা)ৰ বিৰোধিতাৰে নিৰ্বাচনী ইছ্যু হিচাপে আগবাঢ়িব বিচাৰিছিল যদিও কিন্তু তেওঁলোক সফল নহ’ল। যেনেদৰে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, অশোক গেহলট, ভূপেশ বাঘেল, গৌৰৱ গগৈ, ৰিপুন বৰা আদিৰ দৰে নেতাই কাৰ বিৰোধ প্ৰদৰ্শন কৰা গামোচাৰে জনসভাসমূহ সম্বোধন কৰিছিল তেনেদৰে কিন্তু “কা” বিষয়টোক ৰাইজৰ মাজলৈ সঠিকভাৱে নিবলৈ সক্ষম নহ’ল। লগতে  ৰাজ্যত টোলগেট স্থাপন, পেট্ৰ’ল-ডিজেল,ৰন্ধন গেছ আৰু ভিন ভিন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ইছ্যুও কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে উত্থাপন কৰিছিল। ইয়াৰোপৰি বিজেপি চৰকাৰে অসমৰ কিছুমান তৈলক্ষেত্ৰ বিক্ৰী কৰা তথা লীজত দিয়াকো ইছ্যু কৰি চৰকাৰক প্ৰশ্ন উত্থাপন কৰে। লগতে কংগ্ৰেছে “পাঁচটা গেৰাণ্টি”ৰ জৰিয়তে ৰাইজৰ মাজত সোমাবলৈ চেষ্টা কৰে। কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিৰ জৰিয়তে “কা” বাতিল, ৫লাখ চৰকাৰী চাকৰি, মাহে ২০০ ইউনিট বিজুলী বিনামূল্যে, চাহ শ্ৰমিকৰ মজুৰি ৩৬৫ টকা আৰু গৃহিণীলৈ মাহে ২০০০ টকা দিয়াৰ কথা উল্লেখ কৰিছে।

অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰায় ৬ মাহমান পূৰ্বে অসমত ২০১৯ চনত হোৱা “কা” বিৰোধী আন্দোলনক মূল ইছ্যু হিচাপে লৈ দুটা ৰাজনৈতিক দল গঠন হয়। তাৰ এটা সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসত জন্ম হোৱা অসম জাতীয় পৰিষদ আৰু আনটো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঔৰসত জন্ম হোৱা ৰাইজৰ দল। ৰাইজৰ দলে নিজৰ নামত দেশৰ নিৰ্বাচন আয়োগত পঞ্জীয়নেই কৰিব নোৱাৰিলে। এই দুয়োটা দলেই সন্মিলিতভাৱে কা বিৰোধক মূল ইছ্যু হিচাপে লৈ আগবাঢ়িছিল কিন্তু কা বিৰোধী ভোটসমূহ মহাজোঁট আৰু তেওঁলোকৰ মাজত বিভাজিত হোৱাত এই দল দুটা বিশেষ লাভান্বিত নহ’ল আৰু কা বিৰোধী ইছ্যুৰ দ্বাৰা শাসকপক্ষক বিপদত পেলাবলৈ সক্ষম নহ’ল। আৰু লগতে এই দল দুটাই কা বিৰোধী আন্দোলনটোত অংশগ্ৰহণ কৰা সমগ্ৰ অসমবাসী লোকসকলৰ ভোট নিজৰ ফাললৈ আনিবলৈ সক্ষম নহ’ল। যদি তেওঁলোকে পাৰিলেহেঁতেন আজিৰ ৰাজ্যৰ ৰাজনীতিৰ সোঁত বেলেগেই হ’লহেতেন।

অসম বিধানসভা নিৰ্বাচন সম্পৰ্কে এগজিত প’লে কি কয় ?

এবিপি চি ভোটাৰৰ এগজিট প’ল অনুসৰিঃ

বিজেপি+ : ৫৮-৭১খন আসন

কংগ্ৰেছ +: ৫৩-৬৬খন আসন

অন্যান্য: ৫খন আসন

ইণ্ডিয়া টুডে-এক্সিচৰ এগজিট প’ল অনুসৰি-

বিজেপি+ – ৭৫-৮৫

কংগ্ৰেছ+ – ৪০-৫০

অন্যান্য – ১-৪

ৰিপাব্লিক-চিএমএক্সৰ এগজিট প’ল অনুসৰি-

বিজেপি- ৬০-৬৬খন আসন

কংগ্ৰেছ – ২৬-২৮খন আসন

অসম গণ পৰিষদ – ১০-১৪খন আসন

এআইইউডিএফ – ১১-১৩খন আসন

বিপিএফ – ৫-৭খন আসন

ইউপিপিএল –  ৩-৫খন আসন

অন্যান্য – ১-৩খন আসন

বিজনেজ ষ্টেণ্ডাৰ্ডৰ এগজিট প’ল-

বিজেপি+: ৭৫-৮৫খন আসন

কংগ্ৰেছ +: ৪০-৫০খন আসন

অন্যান্যঃ ১-৪খন আসন

দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এগজিট প’ল অনুসৰি-

বিজেপিঃ ৭৫-৮৫খন আসন

কংগ্ৰেছঃ ৪০-৫০খন আসন

অন্যান্যঃ ১-২খন আসন

২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল কি আছিল ?

২০১৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৮৬ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰে ৬০ খন আসন বিজেপিয়ে অকলেই লাভ কৰিছিল। বাকী ১৪ খন লাভ কৰিছিল এজিপিয়ে আৰু ১২ খন লাভ কৰিছিল বি পি এফে।

এই নিৰ্বাচনত কংগ্ৰেছে ২৬ খন আসন লাভ কৰি বিৰোধীৰ আসনত বহিছিল। এ আই ইউ দি এফে লাভ কৰিছিল ১৩ খন আসন আৰু এখন আসন গনশক্তিয়ে লাভ কৰিছিল।

পঞ্চদশ অসম বিধানসভা নিৰ্বাচন,২০২১ সংজ্ঞা বেলেগ বেলেগ দলৰ ৰাজনীতিকৰ মতে বেলেগ বেলেগ। কোনোবাই কৈছে ২০২১ চনৰ নিৰ্বাচন অসমৰ ৰাইজৰ বাবে সভ্যতাৰ যুঁজ। কোনোবাৰ মতে আকৌ এইখন হৈছে ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদৰ যুজঁ। এতিয়া নিৰ্বাচনৰ ফলাফলৰ দিনা অৰ্থাৎ ২ মে’ৰ দিনাহে লক্ষণীয় হ’ব ৰাইজ কাৰ পক্ষত অৱস্থান কৰে।

4 1 vote
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক পঞ্চদশ অসম বিধানসভা নিৰ্বাচন […]

Denise Diaz
5 months ago

I’m often to blogging and i really appreciate your content. The article has actually peaks my interest. I’m going to bookmark your web site and maintain checking for brand spanking new information.

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

2
0
Would love your thoughts, please comment.x
()
x