স্বামী বিবেকানন্দ – জীৱন আৰু দৰ্শন

স্বামী বিবেকানন্দৰ জন্ম হৈছিল ১৮৬৩ চনৰ ১২ জানুৱাৰী তাৰিখে ভাৰতৰ কলিকতা মহানগৰীত। তেওঁ আছিল এগৰাকী হিন্দু সন্ন্যাসী, আধ্যাত্মিক গুৰু, ধৰ্ম প্ৰচাৰক আৰু ভাৰতীয় সমাজৰ সংস্কাৰক। তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডত বেদান্ত দৰ্শনৰ প্ৰচাৰৰ ক্ষেত্ৰত এক শক্তিশালী ভূমিকা পালন কৰিছিল। চিকাগোত অনুষ্ঠিত হোৱা বিশ্ব ধৰ্ম সভাত দিয়া এক ঐতিহাসিক ভাষণৰ জৰিয়তে বিবেকানন্দই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰিছিল। তেখেতে মানৱতাবাদ আৰু সমাজসেৱাক মানুহৰ সৰ্বোচ্চ গুণ হিচাপে গণ্য কৰিছিল। হিন্দু ৰহস্যবাদী আৰু আধ্যাত্মিক সাধক ৰামকৃষ্ণৰ প্ৰধান শিষ্য হিচাপে তেওঁ দুটা আধ্যাত্মিক সংগঠন ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ ভেটি গঢ়িছিল। তেখেতক স্বামী বুলি সম্বোধন কৰা হৈছিল, যিটো আছিল সন্ন্যাসীসকলক দিয়া এক উপাধি।

জন্ম আৰু প্ৰাৰম্ভিক জীৱন

বিবেকানন্দ অৰ্থাৎ নৰেন্দ্ৰনাথ দত্তৰ জন্ম হৈছিল বংগৰ কায়স্থ জাতিৰ এটা উচ্চ মধ্যবিত্ত পৰিয়ালত। তেওঁৰ পিতৃ বিশ্বনাথ দত্ত আছিল কলিকতা উচ্চ ন্যায়ালয়ৰ অধিবক্তা, যি এগৰাকী সুসংস্কৃত আৰু যুক্তিবাদী পুৰুষ আছিল। বিবেকানন্দৰ মাতৃ ভূৱনেশ্বৰী দেৱী আছিল এগৰাকী গৃহিণী আৰু অত্যন্ত ধৰ্মপৰায়ণ মহিলা।

নৰেন্দ্ৰনাথ তেওঁৰ আঠগৰাকী ভাই ভনীৰ মাজৰ এজন আছিল আৰু সৰুতে আপোন মানুহবোৰে তেওঁক মৰমতে নৰেন বা বিলে বুলি মাতিছিল। বিবেকানন্দৰ জীৱনীকাৰসমূহে তেওঁৰ লৰালিকালক এইদৰে চিত্ৰিত কৰিছে- তেওঁ আছিল দুষ্ট, উদ্যমেৰে ভৰপূৰ, সাহসী আৰু অসাধাৰণ স্মৃতিশক্তিৰ অধিকাৰী। প্রাথমিক শিক্ষা শেষ কৰাৰ পিছত ওঠৰশ এসত্তৰ চনত বিবেকানন্দই মেট্ৰ’পলিটান ইনষ্টিটিউটত নাম নামভৰ্তি কৰে। স্কুলীয়া সময়ছোৱাত তেওঁ বিভিন্ন ধৰণৰ খেল ধেমালিৰ সৈতেও জড়িত আছিল আৰু মল্লযুঁজ, বক্সিং আদিৰ দৰে কেইবাটাও খেলত আগভাগ লৈছিল। ১৮৭৯ চনত তেওঁ কলিকতাৰ প্ৰেছিডেঞ্চি কলেজত নামভৰ্তি কৰে।

আধ্যাত্মিক দীক্ষা

কথিত আছে যে, নৰেন্দ্ৰ নাথে সৰুকালতে কিছুমান আধ্যাত্মিক অভিজ্ঞতা লাভ কৰিছিল আৰু যাৰ ফলত তেওঁ ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে ক্ৰমান্বয়ে অধিক কৌতুহলী হৈ পৰিছিল। ১৮৮১ চনত তেওঁ হিন্দু সাধক তথা কালী দেৱীৰ ভক্ত ৰামকৃষ্ণক লগ পায়, যিজন ব্যক্তি পাছলৈ বিবেকানন্দৰ আধ্যাত্মিক যাত্ৰাৰ প্ৰথ প্ৰদৰ্শক হৈ পৰে। প্ৰথম অৱস্থাত বিবেকানন্দ আছিল সেইসময়ৰ বংগৰ অতি জনপ্ৰিয় অনুষ্ঠান ব্ৰাহ্ম সমাজৰ সদস্য।

পশ্চিমীয়া যুক্তি আৰু যুক্তিবাদৰ সংস্পৰ্শলৈ অহা নৰেন্দ্ৰ নাথ ৰামকৃষ্ণৰ ধৰ্মীয় আচাৰ ব্যৱহাৰ আৰু ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ আত্মসমৰ্পণৰ ধাৰণাটোৰ প্ৰতি সন্দেহবাদী আছিল। কিন্তু সময়ৰ লগে লগে তেওঁ ৰামকৃষ্ণক নিজৰ গুৰু হিচাপে গ্ৰহণ কৰে আৰু এই সাধকগৰাকীৰ সান্নিধ্যত থাকিবলৈ লয়, য’ত তেওঁ ঐশ্বৰিকতাৰ বিষয়ে শিকে আৰু নিজৰ আধ্যাত্মিক জগতখন গঢ়ি তোলে। তেওঁৰ মৃত্যুৰ কিছু সময়ৰ আগতে ৰামকৃষ্ণই নৰেন্দ্ৰনাথক তেওঁৰ আধ্যাত্মিক উত্তৰাধিকাৰী হিচাপে বাছনি কৰিছিল আৰু ১৮৮৬ চনত তেওঁ নৰেন্দ্ৰনাথ আৰু অন্যান্য শিষ্যসকলক সন্য়াস ধৰ্মত দীক্ষিত কৰি গৈছিল।

সন্ন্যাসী হিচাপে জীৱন

ভাৰত ভ্ৰমণ আৰু চিকাগোৰ বিশ্ব ধৰ্ম সভালৈ যাত্ৰা

১৮৯০ চন মানৰ পৰা নৰেন্দ্ৰনাথে ‘বিভিদিষানন্দ’ আৰু ‘সচ্ছিদানন্দ’ নাম লৈ পৰিব্ৰাজক সন্য়াসী হিচাপে সমগ্ৰ ভাৰত ভ্রমণ কৰিবলৈ ওলাইছিল। পৰৱৰ্তী কেইবছৰমান সময় তেওঁ ভাৰতৰ কেইবাখনো চহৰ আৰু ৰাজ্য ভ্ৰমণ কৰে বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰে আৰু হিন্দু ধৰ্মীয় তথা সামাজিক অৱস্থা অতি ওচৰৰ পৰা পৰ্যবেক্ষণ কৰে।

বিবেকানন্দ নাম গ্ৰহণ

তথ্য অনুসৰি, ১৮৯৩ চনৰ চিকাগো বিশ্ব ধর্ম মহাসভালৈ যোৱাৰ আগতে নৰেন্দ্ৰনাথৰ এজন অনুগামী তথা শুভাকাংক্ষী ৰাজস্থানৰ ক্ষেত্ৰীৰ ৰজা অজিত সিঙে তেওঁক বিবেকানন্দ নামটো লোৱাৰ প্ৰস্তাৱ দিছিল। এই নামটো দুটা সংস্কৃত শব্দৰ সংমিশ্ৰণ- বিবেক আৰু আনন্দ।

ভাৰত ভ্ৰমণৰ সময়ছোৱাত তেওঁৰ শিষ্য আৰু শুভাকাংক্ষীসকলৰ দ্বাৰা উৎসাহিত হৈ তেওঁ আমেৰিকাৰ চিকাগ’ত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ধৰ্ম মহাসভাত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। যিখন আছিল বিভিন্ন ধৰ্ম আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিসকল একত্ৰিত হোৱাৰ এক মঞ্চ। এই শ্বিকাগো যাত্ৰাৰ বাবে তেওঁৰ শুভাকাংক্ষীসকলৰ মাজত পুঁজি সংগ্ৰহ কৰা হৈছিল, যাৰ ফলত তেওঁ হিন্দু ধৰ্মৰ প্ৰতিনিধি হিচাপে সেই অনুষ্ঠানত উপস্থিত হ’বগৈ পাৰিছিল।

বহু বাধা অতিক্ৰম কৰি তেওঁ চিকাগোৰ এই বিশ্ব ধৰ্মসভাত এজন মুখ্য বক্তা হিচাপে পৰিগণিত হৈছিলগৈ। তেওঁৰ আৱেগভৰা ধৰ্মতাত্ত্বিক ভাষণবোৰ সকলোৱে আদৰি লৈছিল আৰু ইংৰাজী বাতৰি কাকতবোৰে তেওঁক ‘ঐশ্বৰিক অধিকাৰপ্ৰাপ্ত বক্তা’ আৰু ‘ধৰ্ম মহাসভাৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিত্ব’ ইত্যাদি অভিধাৰে উচ্চ প্ৰশংসা কৰিছিল। সংসদত তেওঁৰ শেষ ভাষণত কৈছিল- “যদি কোনোবাই নিজৰ ধৰ্মক একচেতিয়া ভাৱে বৰ্তি থকাৰ আৰু আনৰ ধৰ্মক ধ্বংসৰ সপোন দেখিছে তেন্তে মই তেওঁক অন্তৰৰ পৰা পুতৌ কৰোঁ আৰু আঙুলিয়াই দিওঁ যে, প্ৰতিৰোধ সত্বেও প্ৰতিটো ধৰ্মৰ পতাকাত শীঘ্ৰেই লিখা হ’ব- “সহায় কৰা, বিবাদ নহয়”, ” গ্ৰহণ কৰা, ধ্বংস নহয়”, “সমন্বয় আৰু শান্তিক আদৰি লোৱা, মতভেদ নহয়।”

এই অনুষ্ঠানটো বিবেকানন্দৰ বাবে এটা ‘টাৰ্ণিং পইণ্ট’ আছিল। মহাসভাৰ সমাপ্তিৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে। ইয়াৰ পাছত তেওঁ লণ্ডনলৈও যায়, য’ত তেওঁ বেদান্ত দৰ্শনৰ প্ৰচাৰ কৰে আৰু অনুগামী তথা গুণমুগ্ধৰ এটি শক্তিশালী সম্প্ৰদায় গঢ়ি তোলে।

ৰামকৃষ্ণ মিছন আৰু বেলুৰ মঠৰ প্ৰতিষ্ঠা

১৮৯৭ চনত পশ্চিমীয়া শিষ্যৰ এটা সৰু দলৰ সৈতে ভাৰতলৈ উভতি অহাৰ পিছত বিবেকানন্দই ৰামকৃষ্ণৰ সন্য়াসী অনুগামীসকল আৰু অন্যান্য শিষ্যসকলৰ মানৱীয় আৰু ধৰ্মীয় কাম কাজ শৃংখলিত আৰু সু সংগঠিত কৰিবলৈ ‘ৰামকৃষ্ণ মিছন এছ’চিয়েচন’ প্ৰতিষ্ঠা কৰে যিটো আছিল ৰামকৃষ্ণ মিছনৰ পূৰ্বৰূপ।

ইয়াৰ কিছুদিন পিছতেই কলিকতাৰ ওচৰৰ গংগা নদীৰ পাৰত থকা পশ্চিমবংগৰ হাওৰা জিলাৰ বেলুৰত ‘ৰামকৃষ্ণ মঠ’ গঢ় লৈ উঠে। এই মঠটো তৰুণ সন্য়াসীসকলৰ প্ৰশিক্ষণৰ স্থান হৈ পৰে আৰু বিবেকানন্দ এই প্ৰক্ৰিয়াটোত ব্যক্তিগতভাৱে জড়িত হৈ পৰে।

বিবেকানন্দৰ দৰ্শন আৰু শিক্ষাসমূহ

বেদান্ত দৰ্শনৰ পোষকতা কৰি বিবেকানন্দই তেওঁৰ অসংখ্য প্ৰৱচনৰ জৰিয়তে হিন্দু ধৰ্ম আৰু আধ্যাত্মিকতাৰ মূল নীতিসমূহ ব্যাখ্যা কৰিছিল। তেওঁৰ আলোচনাবোৰত যোগ, ভক্তি, আত্মা আৰু মায়াৰ ধাৰণাৰ লগতে ভগৱদ গীতা, ৰামায়ণ আৰু মহাভাৰতৰ দৰে বিভিন্ন বিষয় অন্তৰ্ভুক্ত আছিল।

বেদান্ত দৰ্শনৰ মানৱীয় দিশটোক গুৰুত্ব দি বিবেকানন্দই বিশ্বজনীন একতা, আত্মোন্নতি আৰু অন্ধবিশ্বাস তথা গোৰামীৰ পৰা সম্পূৰ্ণ বিৰত থকাৰ ধাৰণাক সমৰ্থন কৰিছিল। মনৰ লগতে শাৰীৰিক প্ৰশিক্ষণৰ এজন শক্তিশালী সমৰ্থক হিচাপে তেওঁ এবাৰ তেওঁৰ এজন তৰুণ অনুগামীক কৈছিল- গীতা পাঠ কৰাতকৈ ফুটবল খেলিলে ঈশ্বৰৰ অধিক ওচৰ চাপিব পাৰি। তেওঁ বেদান্তৰ উচ্চতম আদৰ্শবোৰক আধুনিক জনসাধাৰণৰ বাবে প্ৰাসংগিক কৰি তুলিছিল আৰু হিন্দু চিন্তাধাৰাত শক্তি যোগাই আধ্যাত্মিক নৱজাগৰণ অনাৰ প্ৰচেষ্টা চলাইছিল।

বিবেকানন্দৰ শিক্ষাৰ মূল কথা আছিল যে মানৱ জাতিৰ বিশেষকৈ দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত লোকৰ হৃতৰ বাবে শ্ৰম কৰাই হৈছে সৰ্বোচ্চ প্ৰচেষ্টা আৰু ঈশ্বৰক উপলব্ধি কৰাৰ এক শক্তিশালী মাধ্যম। এই বিশ্বজনীন দৃষ্টিকোণ তেওঁৰ পৰিব্ৰাজ্যক সন্ন্যাসী হিচাপে লাভ কৰা অভিজ্ঞতাৰ পৰা আহিছিল যেতিয়া তেওঁ ভাৰতৰ জনসাধাৰণৰ দুৰ্দশা নিজ চকুৰে দেখিছিল। গোটেই জীৱনজুৰি মানৱ সেৱাৰ এই ধাৰণাটোকেই তেওঁ সৰ্বোচ্চ আদৰ্শ হিচাপে মানি চলিছিল, যিটো আদৰ্শ ৰামকৃষ্ণ সন্য়াসী সংঘ আৰু তেওঁৰ অনুগামীসকলে আজিও বৰ্তাই ৰাখিছে।

মৃত্যু

১৯০০ চনত বিবেকানন্দই তেওঁৰ দ্বিতীয় বিদেশ ভ্ৰমণৰ সামৰি ভাৰতলৈ উভতি আহে। সেই সময়ত তেওঁৰ স্বাস্থ্যৰ অৱস্থা একেবাৰে বেয়াৰ ফাললৈ ঢাল খাইছিল আৰু ইয়াৰ দুবছৰৰ পাছতেই ১৯০২ চনৰ ৪ জুলাইত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ঊনচল্লিছ বছৰ কিন্তু তেওঁ তেওঁৰ কাম, দৰ্শন আৰু শিষ্যসকলৰ জৰিয়তে বিশ্বত এক চিৰস্থায়ী চাপ ৰাখি থৈ গৈছে। তেওঁৰ শিক্ষা আৰু বক্তৃতাসমূহ আজিও ভাৰত আৰু বিশ্বজুৰি বহুলভাৱে অধ্যয়ন কৰা হয় আৰু শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। ১৯৮৫ চনৰ পৰা ভাৰতত তেওঁৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰি অহা হৈছে।

বিবেকানন্দই তেওঁৰ জীৱনকালত স্থাপন কৰা সংগঠনসমূহ বছৰৰ পিছত বছৰ ধৰি সম্প্ৰসাৰিত হৈ আহিছে। ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ এতিয়া বিশ্বজুৰি দুশতকৈ অধিক কেন্দ্ৰ আছে আৰু ভাৰতৰ বাহিৰৰ বিশখনতকৈ অধিক দেশত ইয়াৰ উপস্থিতি আছে ১৮৯৪ আৰু ১৯০০ চনত বিবেকানন্দই ক্ৰমে নিউয়ৰ্ক চহৰ আৰু ছান ফ্ৰান্সিস্কোত দুখন বেদান্ত ছ’চাইটি প্ৰতিষ্ঠা কৰিছিল। তেতিয়াৰে পৰা এই ছ’চাইটিবোৰে নিজৰ নেটৱৰ্ক যথেষ্ট বহল কৰি আহিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমান এনে বহুতো কেন্দ্ৰ গঢ় লৈ উঠা দেখা গৈছে।

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x