২০৩৬ চনৰ অলিম্পিক আয়োজনৰ বাবে ভাৰত সম্পূৰ্ণ সাজু: প্ৰধানমন্ত্ৰী মোদী

বাৰাণসী/নতুন দিল্লী, ৪ জানুৱাৰী:

২০৩৬ চনৰ অলিম্পিক গেমছ আয়োজন কৰিবলৈ ভাৰতে এতিয়া পূৰ্ণ শক্তিৰে প্ৰস্তুতি চলাই আছে। দেওবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বাৰাণসীত অনুষ্ঠিত ৭২তম ছিনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা দোহাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশত ডাঙৰ ক্ৰীড়া ইভেন্টসমূহ আয়োজন কৰি খেলুৱৈসকলক অধিক সুযোগ দিয়াৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ উল্লেখ কৰে যে ২০৩০ চনৰ কমনৱেল্থ গেমছ ভাৰতত অনুষ্ঠিত হ’ব আৰু ইয়াৰ সমান্তৰালভাৱে ২০৩৬ চনৰ অলিম্পিকৰ বাবেও দেশ সাজু হৈ উঠিছে।

উদীয়মান খেলুৱৈসকলক উৎসাহিত কৰাৰ ক্ষেত্ৰত ‘খেলো ইণ্ডিয়া’ৰ দৰে আঁচনিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে বুলি উল্লেখ কৰি মোদীয়ে কয়, “খেলো ইণ্ডিয়া অভিযানৰ জৰিয়তে দেশৰ শ শ যুৱকে ৰাষ্ট্ৰীয় পৰ্যায়লৈ উত্তীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিছে।” তেওঁ লগতে কয় যে ‘টাৰ্গেট অলিম্পিক পডিয়াম স্কিম’ (TOPS)-এ ভাৰতৰ ক্ৰীড়া জগতলৈ আমূল পৰিৱৰ্তন আনিছে। যোৱা ১০ বছৰত ভাৰতে ফিফা অনুৰ্ধ-১৭ বিশ্বকাপ, হকী বিশ্বকাপ আৰু দবা অলিম্পিয়াডকে ধৰি ২০খনকৈও অধিক শীৰ্ষস্থানীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা সফলভাৱে আয়োজন কৰিছে, যিয়ে ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ বৰ্ধিত আধিপত্যক সূচায়।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে পূৰ্বতে চৰকাৰ আৰু সমাজ ক্ৰীড়াৰ প্ৰতি উদাসীন আছিল যদিও বিগত দশকত এই মানসিকতাৰ ব্যাপক পৰিৱৰ্তন হৈছে। বৰ্তমানৰ চৰকাৰে ক্ৰীড়া বাজেট বৃদ্ধি কৰাৰ লগতে ক্ৰীড়া নীতিক ‘খেলুৱৈ-কেন্দ্ৰিক’ কৰি তুলিছে। তেওঁ লগতে জানিবলৈ দিয়ে যে ‘ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশাসন আইন’ আৰু ‘খেলো ভাৰত নীতি ২০২৫’-এ ক্ৰীড়া সংস্থাসমূহৰ স্বচ্ছতা নিশ্চিত কৰাৰ লগতে সঠিক প্ৰতিভাক আগুৱাই নিবলৈ সহায় কৰিব।

বাৰাণসী এতিয়া ক্ৰীড়াৰ এক প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰা বুলি সন্তোষ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৪ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই ভলীবল টুৰ্ণামেণ্টত দেশৰ বিভিন্ন প্ৰান্তৰ ৫৮টা দলৰ ১০০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

ভলীবল খেল আৰু দেশৰ বিকাশ যাত্ৰাৰ মাজত সাদৃশ্য টানি প্ৰধানমন্ত্ৰীয়ে কয়, “ভলীবল খেলে আমাক শিকায় যে কোনো জয়েই অকলশৰে অৰ্জন কৰিব নোৱাৰি। ইয়াৰ বাবে প্ৰয়োজন সমন্বয়, বিশ্বাস আৰু দলীয় প্ৰচেষ্টাৰ। আমাৰ দেশখনেও একেধৰণে সকলোৰে সহযোগত আগবাঢ়িছে।”

উত্সঃ সংবাদ সংস্থা

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x