আপোনাৰ জীৱন সলাব পৰা পাঁচখন বলিউডৰ ছবি
চিনেমা হ’ল এনে এক মাধ্যম যি আমাৰ অন্তৰাত্মাত বিলীন হৈ আমাক হহুৱাই, কন্দোৱাই, প্ৰেম অনুভৱ কৰাই আৰু কেতিয়াবা অনুপ্ৰেৰণা দি যায়। এইটো নিশ্চিত যে চিনেমাৰ কেইবাটাও ধৰণৰ ভিতৰত প্ৰেৰণামূলক চিনেমাৰ ধৰণটো সকলোৰে প্ৰিয়। ই স্বাভাৱিক। কিয়নো, সংঘৰ্ষ আৰু সমস্ত বিফলতাক জিনি যেতিয়া চৰিত্ৰটোৱে সফলতাৰ বিজয়ধজ্বা উৰুৱাই, আমাৰ অন্তৰবোৰো যেন বিজয়োল্লাসত কিৰীলিয়াই উঠে।
জীৱনটোত আত্মসন্তুষ্টি আৰু উৎসাহ প্ৰত্যেকৰে কাম্য। আমি ইয়াত এনে পাঁচখন চিনেমাৰ বিষয়ে তুলি ধৰিছো যিয়ে আপোনাক জীৱনৰ প্ৰতিটো ক্ষণতে উৎসাহিত কৰি ৰাখিব।
১) Wake up Sid
Dir : Ayan Mukherji
যৌৱনত ভৰি থোৱাৰ প্ৰাকক্ষণত এজন কলেজীয়া ল’ৰা হিচাপে আমি প্ৰত্যেকেই এটা প্ৰশ্নৰ সন্মুখীন হওঁ — তোমাৰ জীৱনৰ লক্ষ্য কি ? আমাৰ ওচৰত যেন কেতিয়াবা ইয়াৰ সঠিক উত্তৰ নাথাকে। Wake Up Sid ৰ কেন্দ্ৰীয় চৰিত্ৰ Siddharth Mehra ৰ অৱস্থাও ঠিক তেনেকুৱাই , যি কলেজলৈ কেৱল ফূৰ্তি-তামাচা কৰিবলৈ যায়।
এজন ধেমেলীয়া চেঙেলীয়া ল’ৰাৰ পৰা দায়িত্ববান ব্যক্তিলৈ ৰূপান্তৰ হওঁতে চৰিত্ৰটোৰ জীৱনটোক লৈ উপলব্ধি , জীৱন আৰু সম্বন্ধসমূহৰ দায়িত্ববোধ সম্পৰ্কে সচেতনতা। এইখিনিক লৈয়ে নিৰ্মিত ‘Wake up Sid’ এ আমাক ক’ব খোজে – জীৱনটো যাপনেই নহয় , উদযাপনো কৰা।
২) Lakshya
Dir : Farhan Akhtar
জীৱনৰ লক্ষ্যৰ প্ৰতি সন্দিহান আৰু নিজৰ কেৰিয়াৰক লৈ মুঠেই চিন্তিত নোহোৱা ধৰণৰ পৰিস্থিতি এটাৰ লগত আমি সদ্য চিনাকি। সেইবোৰ যি নহওঁক , মূল কথাটো হ’ল সঠিক সময়ত সঠিক খোজ দিব পৰাটো। সকলো পাহৰি নিজৰ সম্ভাৱনীয়তাখিনিক লৈ অসম্ভৱকো সম্ভৱ কৰাবলৈ উঠি-পৰি লাগা। এইখিনি আমি ‘Lakshya’ ৰ পৰা শিকিব পাৰো।
৩) Udaan
Dir: Vikramaditya Motwane
Udaan ৰ ৰূপক হ’ল বৰ্তমান ভাৰতীয় সমাজখনত মহামাৰী হৈ ছানি ধৰা এটা সমস্যা। এজন কৈশোৰে কিদৰে মাক-দেউতাকৰ পচন্দ-অপচন্দ অনুসাৰে নিজৰ সপোনবোৰকো এৰা-ধৰা কৰিবলগীয়া হয় , ইয়াত তাৰেই এক আবেগিক প্ৰতিফলন দেখা পাওঁ। আমি ইয়াৰ পৰা এটা কথা শিকিব পাৰো যে – যদি এতিয়াও সপোনটোৰ জুইকুৰা তোমাৰ কলিজাত জ্বলি আছে , তাৰবাবে আগবাঢ়ি যোৱাটোৱেই হ’ব তোমাৰ বাবে সৰ্বোত্তম।
৪) Bhaag Milkha Bhaag
Dir : Rakeysh Omprakash Mehra
যেতিয়া আমি Bhaag Milkha Bhaag ৰ দৰে ছবিবোৰ চাওঁ , এনে লাগে যেন আমি প্ৰতিদিনে যিবোৰ সমস্যাক লৈ মূৰ ঘমাই থাকো সেইবোৰ চোন সমস্যাই নহয়। মিলখা সিঙৰ জীৱনৰ জীয়া কাহিনীৰে নিৰ্মিত ছবিখনে আমাক কৈ যায় – নৰ’বা ! জীৱনৰ যিকোনো পৰিস্থিতিতে নিজৰ লক্ষ্যপ্ৰাপ্তিৰ দিশে দৌৰা।
৫) Rang de Basanti
Dir : Rakeysh Omprakash Mehra
ডেকা তেজৰ পিৰপিৰণি আৰু দেশৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিৰোধ। কিন্তু , প্ৰকৃতাৰ্থত আমি প্ৰক্ৰিয়াটোৰ ভুলবোৰ শুধৰাবলৈ কৰিছো কি ?
মুক্তিলাভৰ ১৪ বছৰৰ পাছতো প্ৰতিটো চৰিত্ৰই যেন আজিৰ ভাৰ্চুৱেল প্ৰজন্মটো সজীৱ হৈ আছে। সেয়েহে আজিও যেতিয়া ছবিখন টি.ভি. ত চলি থাকে , প্ৰত্যেকবাৰেই চেনেল বদলাই থকা হাতখন ৰিম’টটোৰ পৰা নিজে-নিজেই এৰি আহে। সেইসময়ৰ বহুচৰ্চিত ছবি Don, Vivah , Dhoom আদিৰ ৰঙীণ স্বপ্নবিলাস , অধিনায়কত্ববাদ ৰ বিপৰীতে এই ছবিখনে পৰৱৰ্তী প্ৰজন্মটোৰ বাবে এটা মুকলি আলোচনাৰ আন্দোলন হৈ প্ৰত্যেককে প্ৰশ্ন কৰিছিল – আমি নিজে মূৰ পাতি লৈ ভুলবোৰ শুধৰোৱাৰ প্ৰচেষ্টাত অংশ ল’ম নে সমাজখনৰ প্ৰত্যেকটো ভুলৰ বাবে কেবল প্ৰক্ৰিয়াটোৰ ওপৰতে দুখ জাপি যাম ?
যুগুতাইছে- প্ৰসেনজিত সোণোৱালে
ই মেইল: Psonowal888@gmail.com