পুনৰবাৰ গ্ৰীণলেণ্ড দাবী কৰি ট্ৰাম্পে ক’লে- আমেৰিকাৰ নিৰাপত্তাৰ বাবে ই অপৰিহাৰ্য

ৱাছিংটন -আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বুধবাৰে ডেনমার্কৰ স্বায়ত্ত্বশাসিত দ্বীপ গ্ৰীণলেণ্ডৰ ওপৰত নিয়ন্ত্ৰণ লোৱাৰ বাবে নিজৰ ভাবুকি পুনৰবাৰ দোহাৰে। তেওঁ ঘোষণা কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে গ্ৰীণলেণ্ড ‘অতি গুৰুত্বপূৰ্ণ’।

 

 ট্ৰাম্পে তেওঁৰ ছ’ছিয়েল মিডিয়া একাউণ্টৰ এটা পোষ্টত লিখে, “আমি গঢ়ি তোলা ‘গোল্ডেন ডোম’ বা সুৰক্ষা কৱচৰ বাবে ই অতি জৰুৰী। এইটো লাভ কৰিবলৈ আমেৰিকাই নাটোৰ নেতৃত্ব লোৱা উচিত।” তেওঁ এই মন্তব্য আমেৰিকাই প্ৰস্তাৱ কৰা বহুমুখী মিছাইল প্ৰতিৰক্ষা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিছিল।

 

ট্ৰাম্পে লগতে সকীয়াই দিয়ে,— “যদি আমি গ্ৰীণলেণ্ডৰ দায়িত্ব নলওঁ, তেন্তে ৰাছিয়া বা চীনে সেইটো কৰিব, আৰু সেয়া হ’বলৈ দিয়া নহ’ব। সামৰিক দৃষ্টিকোণৰ পৰা, আমেৰিকাৰ বিশাল শক্তি অবিহনে নাটো এক কাৰ্যকৰী শক্তি বা প্ৰতিৰোধক হ’ব নোৱাৰে। নাটো অধিক শক্তিশালী আৰু কাৰ্যকৰী হ’ব যেতিয়া গ্ৰীণলেণ্ড আমেৰিকাৰ হাতত থাকিব।”

 

তেওঁৰ বক্তব্য আছিল— “ইয়াতকৈ কম একোৱেই গ্ৰহণযোগ্য নহয়।” ট্ৰাম্পৰ এই একে মন্তব্যৰ পুনৰাবৃত্তিয়ে ইউৰোপীয় শক্তিসমূহৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে, কিয়নো ডেনমার্ক উত্তৰ আটলান্তিক সন্ধি সংস্থাৰ (NATO) অন্যতম প্ৰতিষ্ঠাপক সদস্য।

 

বৰ্তমান গ্ৰীণলেণ্ডৰ প্ৰধানমন্ত্ৰী ম্যুট বি এগেডে (Múte B. Egede) আৰু বৈদেশিক মন্ত্ৰী ভিভিয়ান মটজফেল্ডে ডেনমার্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডৰিক্সেনৰ সৈতে আলোচনা কৰিবলৈ কোপেনহেগেনত উপস্থিত হৈছে।

 

আনহাতে, ডেনমার্কৰ বৈদেশিক মন্ত্ৰী লাৰ্ছ ল’কে ৰাছমুচেন আৰু তেওঁৰ গ্ৰীণলেণ্ডৰ সমকক্ষ ভিভিয়ান মটজফেল্ডে বুধবাৰে আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ আৰু উপ-ৰাষ্ট্ৰপতি ভেন্সৰ সৈতে আলোচনাৰ বাবে ৱাশ্বিংটনত উপস্থিত হয়।

 

মঙলবাৰে গ্ৰীণলেণ্ডৰ প্ৰধানমন্ত্ৰী জেনছ ফ্ৰেডৰিক নিলচেনে তেওঁৰ ডেনমার্কৰ প্ৰধানমন্ত্ৰীৰ সৈতে এক যুটীয়া সংবাদমেলত ঘোষণা কৰিছিল যে যদি গ্ৰীণলেণ্ডক নিৰ্বাচন কৰাৰ সুযোগ দিয়া হয়, তেন্তে তেওঁলোকে আমেৰিকাৰ পৰিৱৰ্তে ডেনমার্ককহে বাছি ল’ব।

 

গ্ৰীণলেণ্ডৰ অৱস্থান উত্তৰ আমেৰিকা আৰু আৰ্কটিকৰ মাজত হোৱাৰ বাবে ই আগতীয়া সতৰ্কবাণী প্ৰণালী আৰু মিছাইল আক্ৰমণৰ নিৰীক্ষণৰ ক্ষেত্ৰত কৌশলগতভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ। এই দ্বীপটোত যথেষ্ট পৰিমাণৰ প্ৰাকৃতিক সম্পদো পোৱা যায়। অনুমান কৰা হৈছে যে গ্ৰীণলেণ্ডত ৩ কোটি টন বিৰল খনিজ পদাৰ্থ আছে, যিটো ক্ষেত্ৰত বৰ্তমান চীনৰ আধিপত্য বিদ্যমান।

উৎস- সংবাদ সংস্থা

 

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x