ৰাছিয়াৰ পৰা তেল আমদানি হ্ৰাস ভাৰতৰ: ডিচেম্বৰত ক্ৰয়ৰ তালিকাত তৃতীয় স্থানলৈ পিছুৱাই গ’ল দেশ

নতুন দিল্লী: ৰাছিয়াৰ জীৱাশ্ম ইন্ধন ক্ৰয়ৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিৰ কিছু পৰিৱৰ্তন ঘটিছে। শেহতীয়া তথ্য অনুসৰি, ২০২৫ চনৰ ডিচেম্বৰ মাহত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশৰ তালিকাত ভাৰত এতিয়া তৃতীয় স্থানলৈ নামি আহিছে। ভাৰতৰ চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ তেল শোধনাগাৰসমূহে ৰাছিয়াৰ পৰা খাৰুৱা তেল অনাৰ পৰিমাণ লক্ষণীয়ভাৱে হ্ৰাস কৰিছে। ‘চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনাৰ্জী এণ্ড ক্লিন এয়াৰ’ (CREA) ৰ এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। বিশেষজ্ঞসকলৰ মতে, ৰাছিয়াৰ ওপৰত থকা আন্তৰ্জাতিক নিষেধাজ্ঞা, পৰিশোধনকাৰী কোম্পানীসমূহৰ অতিৰিক্ত সাৱধানতা আৰু গোলকীয় শক্তি বজাৰৰ পৰিৱৰ্তিত পৰিস্থিতিয়েই এই হ্ৰাসৰ মূল কাৰণ।

ডিচেম্বৰ মাহত ভাৰতে ৰাছিয়াৰ পৰা মুঠ ২.৩ বিলিয়ন ইউৰো মূল্যৰ ইন্ধন আমদানি কৰিছিল, যিটো নৱেম্বৰ মাহৰ ৩.৩ বিলিয়ন ইউৰোৰ তুলনাত যথেষ্ট কম। এই ১ বিলিয়ন ইউৰোৰ হ্ৰাসৰ ফলত ভাৰত এতিয়া তুৰস্কৰো তললৈ নামি গৈছে, কাৰণ তুৰস্কই ২.৬ বিলিয়ন ইউৰো খৰচ কৰি তালিকাৰ দ্বিতীয় স্থান দখল কৰিছে। আনহাতে, চীন এতিয়াও ৰাছিয়াৰ আটাইতকৈ ডাঙৰ গ্ৰাহক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল,— জি-৭ দেশসমূহে ৰাছিয়াৰ তেলৰ ওপৰত সৰ্বোচ্চ মূল্য সীমা বান্ধি দিয়াৰ পিছত ভাৰতৰ বাবে এইটোৱেই আছিল ৰাছিয়াৰ পৰা কৰা আটাইতকৈ কম তেল আমদানি। ইয়াৰ দ্বাৰা স্পষ্ট হয় যে ভাৰতে এতিয়া তেলৰ বাবে লাহে লাহে বিকল্প উৎসৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিছে।

ভাৰতে ৰাছিয়াৰ পৰা আমদানি কৰা সামগ্ৰীৰ ভিতৰত এতিয়াও খাৰুৱা তেলেই শীৰ্ষত আছে। ডিচেম্বৰ মাহত ভাৰতে ৰাছিয়াৰ পৰা ১.৮ বিলিয়ন ইউৰোৰ খাৰুৱা তেল ক্ৰয় কৰিছিল, যিটো মুঠ আমদানিৰ ৭৮ শতাংশ। ইয়াৰ উপৰিও ৪২৪ নিযুত ইউৰোৰ কয়লা আৰু ৮২ নিযুত ইউৰোৰ অন্যান্য তৈলজাত সামগ্ৰী অনা হৈছিল। কিন্তু আটাইতকৈ মন কৰিবলগীয়া কথাটো হ’ল,— ভাৰতৰ মুঠ খাৰুৱা তেলৰ প্ৰয়োজনৰ যি ৩৫ শতাংশ আগতে ৰাছিয়াই পূৰণ কৰিছিল, ডিচেম্বৰত সেয়া ২৫ শতাংশলৈ নামি আহিছে। ইয়াৰ পৰা স্পষ্টকৈ বুজা গৈছে যে ভাৰতীয় তেল শোধনাগাৰসমূহে এতিয়া কেৱল ৰাছিয়াৰ ওপৰত নিৰ্ভৰ কৰি নাথাকি অন্য দেশৰ পৰাও তেল অনাৰ ওপৰত গুৰুত্ব দিছে ।

ৰাছিয়াৰ পৰা তেল আমদানি হ্ৰাস পোৱাৰ নেপথ্যত আটাইতকৈ ডাঙৰ ভূমিকা লৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে। ব্যক্তিগত খণ্ডৰ এই বৃহৎ কোম্পানীটোৱে ডিচেম্বৰ মাহত নিজৰ জামনগৰ শোধনাগাৰৰ বাবে ৰাছিয়াৰ পৰা অনা তেলৰ পৰিমাণ প্ৰায় আধা কৰি দিয়ে। আচলতে আমেৰিকাৰ নতুন নিষেধাজ্ঞা বলবৎ হোৱাৰ আগেয়ে তেওঁলোকে ৰাছিয়াৰ ৰোছনেফ্ট কোম্পানীৰ পৰা তেল ক্ৰয় কৰিছিল। কেৱল ৰিলায়েন্সেই নহয়, দেশৰ চৰকাৰী তেল কোম্পানীসমূহৰ আমদানিও ১৫ শতাংশ হ্ৰাস পোৱা পৰিলক্ষিত হয়। আমেৰিকাই ৰাছিয়াৰ বৃহৎ তেল কোম্পানী ৰোছনেফ্ট আৰু লুকঅইলৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত এতিয়া ভাৰতীয় শোধনাগাৰসমূহ যথেষ্ট সাৱধান হৈ পৰিছে। যিকোনো ধৰণৰ আইনী বা বিত্তীয় বিপদৰ পৰা বাচিবলৈ বহুতো কোম্পানীয়ে এতিয়া ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰিছে অথবা কমাই দিছে। অৱশ্যে যিবোৰ ৰাছিয়ান কোম্পানীৰ ওপৰত এতিয়াও নিষেধাজ্ঞা লগা নাই, তেওঁলোকৰ পৰা কিছু পৰিমাণে তেল আমদানি চলি আছে।

খাৰুৱা তেলৰ আমদানি কমিলেও ৰাছিয়াৰ তেলৰ পৰা তৈয়াৰী পেট্ৰ’লিয়াম সামগ্ৰীৰ ৰপ্তানি কিন্তু বন্ধ হোৱা নাই। ভাৰত, তুৰস্ক আৰু ব্ৰুনেইৰ দৰে দেশৰ শোধনাগাৰসমূহে ডিচেম্বৰ মাহত নিষেধাজ্ঞা আৰোপ কৰা দেশসমূহলৈ মুঠ ৯৪৩ নিযুত ইউৰোৰ তৈলজাত সামগ্ৰী ৰপ্তানি কৰে। এক হিচাপ অনুসৰি, ইয়াৰ ভিতৰত প্ৰায় ২৭৪ নিযুত ইউৰোৰ সামগ্ৰী আচলতে ৰাছিয়াৰ খাৰুৱা তেলৰ পৰাই প্ৰস্তুত কৰা হৈছিল। মন কৰিবলগীয়া যে ইউৰোপীয় ইউনিয়ন আৰু ব্ৰিটেইনলৈ এই ৰপ্তানি বহুখিনি হ্ৰাস পায় যদিও আমেৰিকা আৰু অষ্ট্ৰেলিয়াত ইয়াৰ চাহিদা বৃদ্ধি পাইছে।

উৎস- সংবাদ সংস্থা 

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x