জেনেভা : তিনিমাহ পূৰ্বে আৰম্ভ হোৱা যুদ্ধবিৰতিৰ মাজতো গাজাত তেজৰ নৈ বৈ আছে। মঙলবাৰে ৰাষ্ট্ৰসংঘই সদৰী কৰা এক তথ্য অনুসৰি, এই শিথিল যুদ্ধবিৰতিৰ সময়ছোৱাত ইজৰাইলৰ বিমান আৰু স্থল বাহিনীৰ আক্ৰমণত কমেও ১০০টি শিশুৰ মৃত্যু হৈছে।
ৰাষ্ট্ৰসংঘৰ শিশু বিষয়ক সংস্থা, ইউনিচেফে জনাইছে যে অক্টোবৰৰ আৰম্ভণিৰ পৰা ইজৰাইল অধিকৃত পেলেষ্টাইন ভূখণ্ডত নিহত হোৱা এই শিশুসকলৰ ভিতৰত কমেও ৬০ জন ল’ৰা আৰু ৪০ জনী ছোৱালী।
ইউনিচেফৰ মুখপাত্ৰ জেমছ এল্ডাৰে জেনেভাত সাংবাদিকৰ আগত এই উদ্বেগজনক তথ্য প্ৰকাশ কৰে। তেওঁ কয়, “যুদ্ধবিৰতিৰ পিছতো গাজাত ১০০তকৈ অধিক শিশু নিহত হৈছে।” গাজা চহৰৰ পৰা দিয়া এক বৰ্ণনাত তেওঁ কয় যে যুদ্ধবিৰতি চলি থকাৰ সময়তো গাজাত প্ৰতিদিনেই কোনোবা নহয় কোনোবা ল’ৰা বা ছোৱালীৰ মৃত্যু হৈছে।
মৃত্যুৰ কাৰণ বৰ্ণনা কৰি তেওঁ কয় যে এই শিশুসকলৰ প্ৰাণ গৈছে বিমান আক্ৰমণ, ড্ৰোন আক্ৰমণ বা টেংকৰ গোলাবৰ্ষণত। আনকি পোনপটীয়া গুলীচালনা আৰু কোৱাড-কপ্টাৰৰ আক্ৰমণতো শিশুসকলৰ মৃত্যু হৈছে।
এল্ডাৰে জোৰ দি কয়, “মৃতকৰ সংখ্যা যে ১০০ বা ততোধিক, তাত কোনো সন্দেহ নাই। প্ৰকৃত সংখ্যা হয়তো ইয়াতকৈও বেছি হ’ব।” তেওঁ লগতে কয়, “যি যুদ্ধবিৰতিয়ে বোমাৰ গতি কমায় সেয়া নিশ্চয় এক অগ্ৰগতি, কিন্তু যি যুদ্ধবিৰতিৰ মাজতো আমি শিশুসকলক কবৰ দিবলগীয়া হয়, সেয়া কেতিয়াও পৰ্যাপ্ত হ’ব নোৱাৰে।”
উৎস- সংবাদ সংস্থা

