ৰাজস্থানৰ প্ৰথম জৈৱিক পঞ্চায়ত বামনৱাছ কিংকৰ

জয়পুৰ: ৰাজস্থানৰ কৃষিখণ্ডত এক নতুন বিপ্লৱৰ সূচনা হৈছে। ৰাজ্যখনৰ কোটপুতলী-বেহৰোৰ জিলাৰ বামনৱাছ কংকৰ গাঁও পঞ্চায়তে এতিয়া সম্পূৰ্ণ ‘জৈৱিক পঞ্চায়ত’ৰ মৰ্যাদা লাভ কৰিছে। সাতখন সৰু গাঁও মিলি গঠন হোৱা এই পঞ্চায়তটোৱে ৰাসায়নিক সাৰ আৰু কীটনাশকক সম্পূৰ্ণৰূপে বিদায় দিছে। ২০২৬ চনৰ ২ জানুৱাৰীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত পঞ্চায়তটোৰ কৃষকসকলে (যাৰ ভিতৰত অধিকাংশই মহিলা) শপত ল‍য় যে তেওঁলোকে নিজৰ ১৫০০ হেক্টৰ মাটিত আৰু কেতিয়াও ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে। কেৱল কৃষি ভূমিয়েই নহয়, ইয়াৰ ৬০০০ তকৈও অধিক পশুধনকো জৈৱিক পদ্ধতিৰে পালনৰ বাবে পঞ্জীয়ন কৰা হৈছে।

পৰিৱেশৰ সুৰক্ষা আৰু মানুহৰ স্বাস্থ্যৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপত ‘কোফেড’ (COFED) নামৰ এক স্বেচ্ছাসেৱী সংস্থাই সহায় কৰিছে। মাটিৰ উৰ্বৰতা কমি অহা আৰু স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পোৱা দেখি গাওঁবাসীয়ে নিজেই এই পৰিৱৰ্তনৰ সিদ্ধান্ত লৈছিল। ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে চৰকাৰী নিৰ্দেশনাতকৈ জনসাধাৰণৰ সদিচ্ছা থাকিলেহে সমাজত প্ৰকৃত পৰিৱৰ্তন সম্ভৱ।

বামনৱাছ কংকৰ গাঁৱলৈ অহা এই পৰিৱৰ্তন কোনো চৰকাৰী হেঁচাত নহয়, বৰঞ্চ গাওঁবাসীৰ নিজা উপলব্ধিৰ পৰাহে আহিছে। এসময়ত খেতিৰ বাবে প্ৰচুৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি কৃষকসকলে দেখিলে যে দিনক দিনে মাটিৰ উৰ্বৰতা শেষ হৈ আহিছে। কেৱল সিমানেই নহয়, পানীৰ স্তৰো বহু তললৈ নামি গৈছে আৰু পৰিয়ালৰ লোকসকলৰ মাজত বিভিন্ন বেমাৰ-আজাৰ বাঢ়িবলৈ ধৰিছে। লগতে ৰাসায়নিক সাৰৰ বৰ্ধিত দামে কৃষকসকলৰ পকেটো উদং কৰিছিল।

এই সকলোবোৰ সমস্যাৰ বিষয়ে গাওঁবাসী একগোট হৈ আলোচনা কৰিলে আৰু এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে। সৰপঞ্চ গণেশ জাটে জনোৱা মতে, তেওঁলোকে কেৱল বেছি উৎপাদন কৰি লাভ কৰাৰ মোহ এৰি দি ভৱিষ্যত প্ৰজন্মৰ বাবে মাটিডৰা কেনেকৈ বচাই ৰাখিব পাৰি, তাৰ ওপৰত জোৰ দিলে। তেওঁলোকে বুজি পালে যে কৃষিৰ লগতে পশুপালন আৰু পৰিৱেশ সুৰক্ষা— এই তিনিওটা বস্তু এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। সেইবাবেই তেওঁলোকে এতিয়া জৈৱিক সাৰ প্ৰস্তুত কৰি খেতি কৰাৰ লগতে গৰু-ম’হৰ পৰিচৰ্যাৰ ক্ষেত্ৰতো প্ৰাকৃতিক পদ্ধতিক আপোন কৰি লৈছে।

ইয়াৰ কৃষকসকলে এতিয়া কেৱল গোবৰ বা কেঁচু সাৰ ব্যৱহাৰ কৰাই নহয়, বৰঞ্চ বৈজ্ঞানিক পদ্ধতিৰেও খেতি কৰিছে। তেওঁলোকে একেডৰা মাটিতে বাৰে বাৰে একেটা শস্য কৰাৰ সলনি শস্য সলাই সলাই (Crop rotation) খেতি কৰে, যাতে মাটিৰ গুণাগুণ অটুট থাকে। পোক-পৰুৱা মাৰিবলৈ বিষাক্ত ঔষধৰ সলনি তেওঁলোকে বিশেষ ধৰণৰ জৈৱিক ফান্দ্ ব্যৱহাৰ কৰে। কেৱল খেতিয়েই নহয়, গাঁওখনৰ পশুধনকো সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত যত্ন লোৱা হয়, যাৰ ফলত ইয়াৰ গাখীৰ আৰু ঘিউ এতিয়া অধিক স্বাস্থ্যসন্মত হৈ পৰিছে।

এই বৃহৎ কামটোত গাঁওবাসীক সঠিক বাট দেখুৱাইছে ‘কোফাৰমিন ফেডাৰেচন’ নামৰ সংস্থাটোৱে। তেওঁলোকে কৃষকসকলক শিকাইছে কেনেকৈ জৈৱিক খেতি কৰি তাৰ চৰকাৰী স্বীকৃতি বা চাৰ্টিফিকেট লাভ কৰিব পাৰি। সাতখন সৰু গাঁৱৰ প্ৰতিটো পৰিয়ালৰ মাটি আৰু গৰু-ম’হৰ তথ্য এতিয়া কম্পিউটাৰত পঞ্জীয়ন কৰা হৈছে। বৰ্তমান এইবোৰৰ চৰকাৰী প্ৰমাণীকৰণৰ কাম চলি আছে, যিয়ে এই গাঁৱৰ উৎপাদিত সামগ্ৰীক বিশ্বৰ বজাৰত এক সুকীয়া চিনাকি দিব। এতিয়াৰে পৰা এই গাঁৱৰ কৃষকসকলে কেৱল খেতিয়ক হিচাপেই নহয়, বৰঞ্চ এজন ‘জৈৱিক উদ্যমী’ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব।

বামনৱাছ কংকৰ গাঁৱৰ কৃষকসকল এতিয়া কেৱল খেতিয়ক হৈ থকা নাই, তেওঁলোকে সমগ্ৰ ৰাজস্থানৰ বাবে এক আদৰ্শ হৈ পৰিছে। কৃষকসকলে নিজে অনুভৱ কৰিছে যে জৈৱিক পদ্ধতিৰে খেতি কৰাৰ ফলত পথাৰৰ মাটিডৰা এতিয়া অধিক জীৱন্ত হৈ পৰিছে। পোক-পৰুৱা নিয়ন্ত্ৰণ কৰিবলৈ দামী ৰাসায়নিক ঔষধ কিনাৰ পৰা তেওঁলোকে মুক্তি পাইছে, যাৰ ফলত খেতিৰ খৰচো বহুখিনি কমিছে। যোৱা ২ জানুৱাৰীত সমগ্ৰ গাঁওবাসী একগোট হৈ ৰাসায়নিক খেতি কেতিয়াও নকৰোঁ বুলি যি শপত লৈছিল, সেয়া আছিল তেওঁলোকৰ এক ঐতিহাসিক বিজয়।

‘কোফেড’ৰ (COFED) প্ৰতিষ্ঠাপক জীতেন্দ্ৰ সেৱাৱট এই সফলতাক লৈ অত্যন্ত উৎসাহিত। তেওঁৰ মতে, চৰকাৰে ওপৰৰ পৰা নিৰ্দেশ দিলেই কাম নহয়; যেতিয়া কৃষকসকলে নিজেই নিজৰ গাঁওখনক ভাল কৰাৰ দায়িত্ব লয়, তেতিয়াহে এনেকুৱা সফলতা আহে। এই এটা পঞ্চায়তৰ সফলতাই এতিয়া ৰাজ্যৰ অন্য ঠাইলৈও আশাৰ বতৰা কঢ়িয়াই আনিছে। কোফেডৰ লক্ষ্য হ’ল এই বছৰটো শেষ হোৱাৰ ভিতৰত ৰাজস্থানৰ মুঠ ৩০০ খন পঞ্চায়তক সম্পূৰ্ণৰূপে বিষমুক্ত আৰু জৈৱিক কৰি তোলা। অৰ্থাৎ, অতি কম দিনৰ ভিতৰত ৰাজস্থানৰ এক বৃহৎ অঞ্চলৰ পথাৰলৈ পৰম্পৰাগত আৰু স্বাস্থ্যসন্মত কৃষি পদ্ধতি উভতি আহিব।

 

উৎস- সংবাদ সংস্থা 

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x