দ্য হেগ (নেদাৰলেণ্ড): ম্যানমাৰৰ ৰ’হিংগীয়া মুছলমান সংখ্যালঘুসকলৰ বিৰুদ্ধে সঁচাকৈয়ে গণহত্যা চলোৱা হৈছিল নে কি? এই গুৰুতৰ প্ৰশ্নৰ উত্তৰ বিচাৰি সোমবাৰে দ্য হেগৰ পিচ পেলেচত থকা আন্তৰ্জাতিক ন্যায়িক আদালতত (ICJ) তিনি সপ্তাহজোৰা এক ঐতিহাসিক শুনানি আৰম্ভ হৈছে। সমগ্ৰ বিশ্বৰ তীক্ষ্ণ দৃষ্টিৰ মাজত আৰম্ভ হোৱা এই শুনানি প্ৰক্ৰিয়াটো যোৱা কেইবছৰমানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক আইনী গোচৰসমূহৰ এক নিৰ্ণায়ক পৰ্যায় হিচাপে বিবেচিত হৈছে।
এই সমগ্ৰ গোচৰটোৰ মূলতে আছে ২০১৭ চনত ম্যানমাৰৰ সামৰিক বাহিনীয়ে চলোৱা এক ভয়ংকৰ অভিযান। সেই সময়ত ম্যানমাৰৰ সেনাৰ নৃশংসতাৰ বলি হৈ লাখ লাখ ৰ’হিংগীয়া মুছলমানে নিজৰ ঘৰ-মাটি এৰি চুবুৰীয়া বাংলাদেশলৈ পলায়ন কৰিবলৈ বাধ্য হৈছিল। সেই সময়ত বাচি থকা লোকসকলে সেনাৰ দ্বাৰা চলোৱা ব্যাপক ঘৰ-দুৱাৰ দাহ, গণ ধৰ্ষণ আৰু নিৰ্বিচাৰ হত্যাকাণ্ডৰ লোমহৰ্ষক বৰ্ণনা দিছিল। বৰ্তমানো প্ৰায় ১.১৭ নিযুত ৰ’হিংগীয়া বাংলাদেশেৰ কক্স বজাৰৰ জনাকীর্ণ শৰণাৰ্থী শিবিৰসমূহত অতি অমানৱীয় পৰিস্থিতিৰ মাজত দিন কটাইছে। তেওঁলোকৰ ভৱিষ্যতক এতিয়াও এক অনিশ্চয়তাই আৱৰি ৰাখিছে ।
২০১৯ চনত পশ্চিম আফ্ৰিকাৰ সৰু দেশ দ্য গাম্বিয়াই ম্যানমাৰৰ বিৰুদ্ধে এই আইনী যুঁজখন আৰম্ভ কৰিছিল। তেওঁলোকে অভিযোগ কৰিছিল যে ম্যানমাৰে ১৯৪৮ চনৰ গণহত্যা সন্মিলনৰ নিয়মসমূহ চৰমভাৱে উলংঘা কৰিছে। উল্লেখ্য যে এই সন্মিলনৰ নিয়মানুসৰি, যিকোনো সদস্য ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ আনি আদালতৰ কাষ চাপিব পাৰে। গাম্বিয়াৰ মতে, ম্যানমাৰৰ সেনাৰ সেই পদক্ষেপ কেৱল এক অভিযান নাছিল, বৰঞ্চ ই আছিল ৰ’হিংগীয়া সম্প্ৰদায়টোক সম্পূৰ্ণ বা আংশিকভাৱে ধ্বংস কৰাৰ এক পৰিকল্পিত ষড়যন্ত্ৰ।
ইফালে, ম্যানমাৰে এই গোচৰৰ বিৰুদ্ধে কেইবাটাও আপত্তি কৰিছিল যদিও আন্তৰ্জাতিক ন্যায়িক আদালতে সেইবোৰ নাকচ কৰি শুনানিক আগবঢ়াই নিবলৈ সিদ্ধান্ত লৈছে। ২০২০ চনত আদালতে ম্যানমাৰক অন্তৱৰ্তীকালীন নিৰ্দেশ দি কৈছিল যে তেওঁলোকে যাতে এনে কোনো কাম নকৰে যিয়ে ৰ’হিংগীয়াসকলক ধ্বংস কৰিব পাৰে। এতিয়াৰ এই শুনানিত মূল অভিযোগসমূহৰ ওপৰত তন্নতন্নকৈ আলোচনা কৰা হ’ব।
বিশেষজ্ঞসকলৰ মতে, এই গোচৰৰ ফলাফলে বিশ্বৰ অন্যান্য অনুৰূপ ঘটনাবোৰৰ ওপৰত প্ৰভাৱ পেলাব। বিশেষকৈ গাজাক লৈ ইজৰাইলৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই চলোৱা গোচৰৰ বাবে ই এক দৃষ্টান্ত হ’ব পাৰে। যদিও আন্তৰ্জাতিক ন্যায়িক আদালতৰ ওচৰত নিৰ্দেশ বলবৎ কৰিবলৈ নিজা কোনো সেনা বা পুলিচ নাই, তথাপিও যদি গাম্বিয়াৰ পক্ষত ৰায় আহে, তেন্তে ম্যানমাৰৰ ওপৰত সমগ্ৰ বিশ্বৰ পৰা তীব্ৰ ৰাজনৈতিক আৰু কূটনৈতিক চাপ বৃদ্ধি পাব। ইফালে, আন এক আন্তৰ্জাতিক অপৰাধ আদালতে (ICC) ম্যানমাৰৰ সেনা নেতৃত্বৰ বিৰুদ্ধে পৃথকে তদন্ত চলাই আছে, যিয়ে ৰ’হিংগীয়া লোকসকলক ন্যায় দিয়াৰ দিশত বিশ্ববাসীৰ একগোট হোৱা প্ৰচেষ্টাক প্ৰমাণ কৰিছে।
উৎস- সংবাদ সংস্থা

