মালয়েছিয়াতো নিষিদ্ধ হ’ল ইলন মাস্কৰ ‘গ্ৰ’ক’: অশ্লীল ছবি সৃষ্টিৰ অভিযোগত চৰকাৰৰ কঠোৰ পদক্ষেপ

কুৱালালামপুৰ: কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ এতিয়া অধিক সক্ৰিয় হৈ উঠিছে দক্ষিণ-পূব এছিয়াৰ দেশসমূহ। ইণ্ডোনেছিয়াৰ পিছতে এইবাৰ মালয়েছিয়াই ইলন মাস্কৰ মালিকানাধীন xAI কোম্পানীৰ চ্যাটবট্ ‘গ্ৰ’ক’ (Grok) ব্যৱহাৰত সাময়িক নিষেধাজ্ঞা আৰোপ কৰিছে। উত্থাপিত অভিযোগ অনুসৰি, এই এআই সঁজুলিবিধ ব্যৱহাৰ কৰি মানুহৰ সন্মতি অবিহনে অতি অশ্লীল আৰু যৌন-উদ্দীপক ছবি সৃষ্টি কৰা হৈছে। উল্লেখ্য যে মাত্ৰ এদিন আগতে ইণ্ডোনেছিয়াই গ্ৰ’কৰ ওপৰত বিশ্বৰ প্ৰথমটো নিষেধাজ্ঞা আৰোপ কৰিছিল আৰু এতিয়া মালয়েছিয়াৰ এই পদক্ষেপে এআই সঁজুলিসমূহৰ ওপৰত থকা চৰকাৰী নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তাক পুনৰ এবাৰ সোঁৱৰাই দিছে।

মালয়েছিয়ান কমিউনিকেচন এণ্ড মাল্টিমিডিয়া কমিচনে (MCMC) দেওবাৰে এক চৰকাৰী ঘোষণাযোগে জানিবলৈ দিয়ে যে গ্ৰ’কক বাৰে বাৰে অত্যন্ত আপত্তিকৰ আৰু অশ্লীল বিষয়বস্তু সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। আটাইতকৈ উদ্বেগজনক কথাটো হ’ল যে এই এআই-ৰ জৰিয়তে মহিলা আৰু আনকি নাবালিকাৰো বিকৃত ছবি তৈয়াৰ কৰাৰ তথ্য পোহৰলৈ আহিছে, যিয়ে গুৰুতৰ আইনী আৰু নৈতিক সংকটৰ সৃষ্টি কৰিছে। শনিবাৰে ইণ্ডোনেছিয়াৰ নিষেধাজ্ঞাৰ পিছতেই মালয়েছিয়া চৰকাৰে নিজৰ নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত এই কঠোৰ সিদ্ধান্ত লয়।

 

সমগ্ৰ বিশ্বতে সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত ইলন মাস্কৰ xAI কোম্পানীয়ে এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে জনায় যে এতিয়াৰে পৰা গ্ৰ’কৰ জৰিয়তে ছবি তৈয়াৰ কৰা বা সম্পাদনা কৰাৰ সুবিধা কেৱল মাচুল দিয়া গ্ৰাহকসকলৰ বাবেহে মুকলি থাকিব। কোম্পানীটোৰ মতে, ‘X’ প্লেটফৰ্মত মানুহৰ অনুমতি অবিহনে যৌন বিকৃত ছবি সৃষ্টিৰ যি ত্ৰুটি আছিল, তাক ৰোধ কৰিবলৈয়ে এই পৰিৱৰ্তন কৰা হৈছে। অৱশ্যে চৰকাৰী নিয়ন্ত্ৰক সংস্থাসমূহৰ মতে, অপব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ এই সামান্য পদক্ষেপসমূহ একেবাৰেই পৰ্যাপ্ত নহয়।

MCMC-য়ে স্পষ্টকৈ কয় যে তেওঁলোকে এই মাহৰ আৰম্ভণিতে X আৰু xAI কৰ্তৃপক্ষক কঠোৰ সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিবলৈ জাননী দিছিল। কিন্তু কোম্পানীসমূহৰ সঁহাৰি আছিল অত্যন্ত দুৰ্বল। তেওঁলোকে কেৱল ব্যৱহাৰকাৰীৰ অভিযোগৰ ওপৰতহে নিৰ্ভৰ কৰিছিল, কিন্তু এআই-ৰ জৰিয়তে সৃষ্টি হ’ব পৰা বিপদসমূহ আগতীয়াকৈ ৰোধ কৰিব পৰা কোনো কাৰ্যকৰী ব্যৱস্থা কৰা নাছিল। চৰকাৰে জনাইছে যে যেতিয়ালৈকে গ্ৰ’কে উপযুক্ত নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে, তেতিয়ালৈকে মালয়েছিয়াত ইয়াৰ ব্যৱহাৰ নিষিদ্ধ হৈ থাকিব।

মুছলমান সংখ্যাগৰিষ্ঠ দেশ মালয়েছিয়াত অনলাইন মাধ্যমৰ জৰিয়তে বিয়পা ক্ষতিকাৰক সমগ্ৰীৰ ওপৰত চৰকাৰে এতিয়া চকু ৰাখিছে। আনকি ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সীমিত কৰাৰ কথাও চিন্তা কৰা হৈছে। উদভাৱন আৰু নিৰাপত্তাৰ মাজত কেনেকৈ সন্তুলন ৰক্ষা কৰিব পাৰি, এতিয়া সেয়াই হৈছে ডাঙৰ প্ৰত্যাহ্বান।

উৎস- সংবাদ সংস্থা

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x