নতুন দিল্লী: ভাৰ্চুৱেল ডিজিটেল এছেট (VDA) বা ক্ৰিপ্টোকাৰেন্সীৰ জৰিয়তে হ’ব পৰা ধনৰ অবৈধ সৰবৰাহ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপত পুঁজি যোগান বন্ধ কৰিবলৈ ভাৰত চৰকাৰে নিজৰ নিয়ন্ত্ৰণকাৰী নীতিসমূহ অধিক শক্তিশালী কৰি তুলিছে। বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ ‘বিত্তীয় চোৰাংচোৱা গোট’ৰ (Financial Intelligence Unit ) নেতৃত্বত লোৱা এই পদক্ষেপৰ জৰিয়তে বিশেষকৈ যিবোৰ ক্ৰিপ্টোকাৰেন্সী ব্যৱহাৰকাৰীৰ পৰিচয় গোপন ৰখাৰ বাবে ডিজাইন কৰা হৈছে, সেইবোৰৰ ওপৰত অধিক কঠোৰ আৰু আশংকা-ভিত্তিক দৃষ্টি ৰখাৰ ইংগিত দিয়া হৈছে।
ক্ৰিপ্টো প্ৰতিষ্ঠানসমূহৰ বাবে নতুন নীতি-নিৰ্দেশনা:
যোৱা ৮ জানুৱাৰীত ভাৰতীয় বিত্তীয় চোৰাংচোৱা গোটে ভি.ডি.এ. লেনদেনৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ বাবে নিৰ্দেশনাৱলী উন্নীত কৰিছে। এই সংশোধিত নীতি-নিৰ্দেশনাসমূহত ক্ৰিপ্টো সম্পৰ্কীয় কাৰ্যকলাপত নিয়োজিত প্ৰতিষ্ঠানসমূহৰ সাংগঠনিক দায়িত্ব, কাৰ্যক্ষম প্ৰস্তুতি, প্ৰতিবেদন দাখিলৰ মানদণ্ড আৰু কেনেকৈ নিয়মসমূহ পালন কৰিব লাগিব, সেই বিষয়ে স্পষ্ট কৰি দিয়া হৈছে। ইয়াৰ প্ৰধান লক্ষ্য হৈছে ভাৰতৰ ক্ৰিপ্টো তদাৰকী ব্যৱস্থাক ধনৰ অবৈধ সৰবৰাহ বিৰোধী বিশ্বজোৰা মানদণ্ডৰ (Global AML/CFT standards) সৈতে সংগতি ৰখা আৰু দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি থকা ভাবুকিসমূহ দূৰ কৰা।
পৰিচয় গোপন ৰখা টোকেনত নিষেধাজ্ঞা:
নতুন নিৰ্দেশনা অনুসৰি, যিবোৰ ক্ৰিপ্টো টোকেনে ব্যৱহাৰকাৰীৰ পৰিচয় গোপন ৰাখে (Anonymity-enhancing tokens), সেইবোৰক “অগ্ৰহণযোগ্য আৰু উচ্চ আশংকাযুক্ত” বুলি গণ্য কৰা হৈছে। এই টোকেনসমূহৰ জৰিয়তে মানি লণ্ডাৰিং আৰু সন্ত্ৰাসবাদত পুঁজি যোগান ধৰাৰ সম্ভাৱনা অতি বেছি। সেয়েহে, লেনদেনকাৰী প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে এনে কোনো টোকেন বা ভিডিএ-ৰ জৰিয়তে ধন জমা কৰা বা উলিওৱাৰ অনুমতি নিদিব, যিবোৰে লেনদেনৰ উৎস, মালিকীস্বত্ব বা প্ৰকৃত মূল্য লুকুৱাই ৰাখে। একেধৰণৰ নিষেধাজ্ঞা ‘ক্ৰিপ্টো মিক্সাৰ’ আৰু ‘টাম্বলাৰ’ৰ দৰে সেৱাসমূহৰ ক্ষেত্ৰতো প্ৰয়োগ কৰা হৈছে। প্ৰতিষ্ঠানসমূহে এনে সন্দেহজনক কাৰ্যকলাপ ধৰা পেলাবলৈ উন্নত নিৰীক্ষণ সঁজুলি ব্যৱহাৰ কৰিব লাগিব আৰু সেইবোৰ তৎক্ষণাত ব্লক কৰিব লাগিব।
ৱালেট লেনদেনৰ ওপৰত কঠোৰ নজৰ:
নিয়ন্ত্ৰকসকলে ‘ছেলফ্-কাষ্টডী’ বা ‘আনহোষ্টেড্ ৱালেট’সমূহৰ ওপৰত বিশেষ গুৰুত্ব দিছে, কাৰণ এইবোৰ অপব্যৱহাৰ হোৱাৰ সম্ভাৱনা বেছি। চৰকাৰী নিয়ম অনুসৰি, যদি কোনো লেনদেনত অন্ততঃ এটা ৱালেট ‘হোষ্টেড’ হয়, তেন্তে প্ৰতিষ্ঠানসমূহে ইয়াৰ প্ৰেৰক আৰু গ্ৰহণকৰ্তাৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰাটো বাধ্যতামূলক। আনহাতে, ‘পিয়াৰ-টু-পিয়াৰ’ (P2P) আৰু আনহোষ্টেড ৱালেটৰ ক্ষেত্ৰত প্ৰতিষ্ঠানসমূহে নিজা আশংকা মূল্যায়নৰ আধাৰত অতিৰিক্ত নিয়ন্ত্ৰণ বা নিষেধাজ্ঞা আৰোপ কৰিব পাৰিব। ইয়াৰ মূল কাৰণ হৈছে ক্ৰিপ্টো লেনদেনৰ দ্ৰুত গতি, পৰিচয়হীনতা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াক সহজে সলনি কৰিব পৰা সুবিধা।
ডিজিটেল টকাৰ বাবে ৰেহাই আৰু চাইবাৰ অডিট
এই নতুন নিৰ্দেশনাসমূহৰ পৰা ভাৰতৰ কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা অৰ্থাৎ ‘ডিজিটেল টকা’ক (e₹) সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে, কাৰণ ই এক সাৰ্বভৌম চৰকাৰী মুদ্ৰা। আনহাতে, ক্ৰিপ্টো লেনদেনকাৰী প্ৰতিষ্ঠানসমূহৰ বাবে এতিয়া চাইবাৰ নিৰাপত্তা অডিট কৰাটো বাধ্যতামূলক কৰা হৈছে। এই অডিটসমূহ ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দলৰ (CERT-In) তালিকাভুক্ত অডিটৰৰ দ্বাৰা সম্পন্ন কৰিব লাগিব। ইয়াত প্ৰতিষ্ঠানটোৰ শাসন ব্যৱস্থা, নিৰাপত্তা ব্যৱস্থা, ধনৰ অবৈধ সৰবৰাহ বিৰোধী তন্ত্ৰ, ৱালেট সুৰক্ষা আৰু যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে তেওঁলোকৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা হ’ব। ইয়াৰ জৰিয়তে চৰকাৰে ভাৰতত এক অতি স্বচ্ছ আৰু কঠোৰভাৱে নিয়ন্ত্ৰিত ক্ৰিপ্টো পৰিৱেশতন্ত্ৰ গঢ়ি তুলিব বিচাৰিছে।
উৎস- সংবাদ সংস্থা
