ৱাছিংটন: ভাৰত আৰু আমেৰিকাৰ মাজত হ’বলগীয়া বহু প্ৰত্যাশিত বাণিজ্য চুক্তিখন কিয় বিফল হ’ল, তাক লৈ এক বিস্ফোৰক তথ্য সদৰী কৰিছে আমেৰিকাৰ বাণিজ্য সচিব হাওৱাৰ্ড লুটনিকে। তেওঁৰ মতে, চুক্তিৰ সকলো চৰ্ত চূড়ান্ত হোৱাৰ পিছতো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ফোন নকৰাৰ বাবেই এই ঐতিহাসিক সুযোগ হেৰুৱালে ভাৰতে। লুটনিকে জনোৱা মতে, ভাৰতীয় মধ্যস্থতাকাৰীসকলে পিছলৈ চুক্তিখন চূড়ান্ত কৰিবলৈ তেওঁৰ ওচৰলৈ ঘূৰি আহিছিল যদিও তেতিয়ালৈকে বহুত পলম হৈ গৈছিল আৰু ৱাশ্বিংটনে পূৰ্বৰ চৰ্তসমূহ সলনি কৰি দিছিল।
৯ জানুৱাৰীত এটা জনপ্ৰিয় পডকাষ্টত দিয়া এক সাক্ষাৎকাৰত লুটনিকে এই গোপন তথ্যসমূহ ৰাজহুৱা কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰত আৰু আমেৰিকা এখন চুক্তিত প্ৰায় উপনীত হৈছিল, কিন্তু শেষ মুহূৰ্তত আমেৰিকাৰ মধ্যস্থতাকাৰীসকলে নিজৰ স্থিতি সলনি কৰিবলৈ বাধ্য হয়।
‘ট্ৰাম্পেই হ’ল আচল ক্লজাৰ’
চুক্তিৰ অন্তৰালৰ কাহিনী বৰ্ণনা কৰি লুটনিকে কয়, “মই চুক্তিৰ সকলো চৰ্ত আলোচনা কৰি সমগ্ৰ বিষয়টো সাজু কৰি তুলিছিলোঁ। কিন্তু এটা কথা পৰিষ্কাৰ হোৱা উচিত যে এইখন আচলতে ট্ৰাম্পৰে চুক্তি। তেওঁহে চুক্তি সম্পন্ন কৰা ব্যক্তি বা ‘ক্লজাৰ’। সেয়েহে মই ভাৰতীয় পক্ষক কৈছিলোঁ যে সকলো যিহেতু সাজু হৈছে, এতিয়া কেৱল প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতিক এটা ফোন কৰিব লাগে। কিন্তু ভাৰতীয় বিষয়াসকলে মোদীক ফোন কৰাবলৈ অস্বস্তি অনুভৱ কৰিছিল আৰু শেষত মোদীয়ে ফোন নকৰিলে।” ।
ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্কৰ তৰোৱাল:
লুটনিকৰ এই মন্তব্য এনে এক সময়ত আহিছে যি সময়ত আমেৰিকাৰ প্ৰভাৱশালী চিনেটৰ লিণ্ডছে গ্ৰাহামে জনাইছে যে ৰাষ্ট্ৰপতি ট্ৰাম্পে ‘ৰাছিয়া নিষেধাজ্ঞা বিল’লৈ সেউজ সংকেত দিছে। এই বিলখনৰ জৰিয়তে ৰাছিয়াৰ তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত ৫০০ শতাংশ পৰ্যন্ত আমদানি শুল্ক আৰোপ কৰাৰ পৰিকল্পনা কৰা হৈছে। উল্লেখ্য যে ভাৰতে ইতিমধ্যে আমেৰিকালৈ কৰা ৰপ্তানিৰ ওপৰত ৫০ শতাংশ শুল্কৰ বোজা সহিবলগীয়া হৈছে, যাৰ ফলত দেশখনৰ বিনিয়োগ আৰু ৰপ্তানি খণ্ডত বিৰূপ প্ৰভাৱ পৰিছে।
‘ট্ৰেইন ষ্টেচনৰ পৰা এৰি দিলে’
বাণিজ্য সচিবগৰাকীয়ে ভাৰতৰ স্থিতিক এটা চি-চ’ (seesaw) খেলৰ সৈতে তুলনা কৰি কয় যে ভাৰতে সময়মতে কামটো কৰিব নোৱাৰিলে। তেওঁ কয়, “ভাৰতে বাৰে বাৰে সুযোগ হেৰুৱালে। ইয়াৰ মাজতে আন দেশবোৰে চুক্তি কৰি থাকিল আৰু ভাৰত শাৰীৰ একেবাৰে পিছলৈ গৈ থাকিল। এতিয়া যেতিয়া তেওঁলোকে ব্ৰিটেইন বা ভিয়েটনামৰ দৰে একেই চুক্তি বিচাৰিছে, তেতিয়া মই কৈছোঁ যে মই সেই চুক্তিবোৰ আগতে আলোচনা কৰিছিলোঁ, এতিয়া নহয়। তেওঁলোকে পুৰণি কথা মনত পেলাই দিলে মই কওঁ— সেইটো তেতিয়াৰ কথা আছিল, এতিয়াৰ নহয়।”
ট্ৰাম্পৰ চুক্তি কৰাৰ ‘চিৰি আৰ্হি’
ট্ৰাম্পৰ কাম কৰাৰ পদ্ধতিৰ বিষয়ে লুটনিকে কয় যে তেওঁ এখন চিৰিৰ (staircase) দৰে কাম কৰে। যিখন দেশ প্ৰথমে আহে, তেওঁ আটাইতকৈ ভাল চুক্তিখন পায়। তেওঁৰ মতে, ব্ৰিটেইনে সেই সুযোগ লৈছিল আৰু খৰতকীয়াকৈ চুক্তি সম্পন্ন কৰিছিল। ট্ৰাম্পে এনেদৰে চৰ্তসমূহ ক্ৰমান্বয়ে কঠিন কৰি গৈ থাকে যাতে দেশসমূহ সোনকালে আলোচনালৈ আহিবলৈ উৎসাহিত হয়। যিসকলে ৰৈ থাকি পৰিস্থিতি চাব বিচাৰে, তেওঁলোকে পিছত অধিক কঠিন চৰ্তৰ সন্মুখীন হ’বলগীয়া হয়।
লুটনিকে সদৰী কৰা মতে, ট্ৰাম্পে ৰাজহুৱাকৈ কেইবাবাৰো ভাৰতৰ নাম লৈছিল আৰু ভাৰতক চুক্তিখন কৰিবলৈ তিনিটা শুকুৰবাৰ সময় দিয়া হৈছিল। তেওঁ কয়, “ৰাষ্ট্ৰপতিয়ে মোক সৰ্বশ্ৰেষ্ঠ ‘টেবল ছেটাৰ’ বুলি কয়। মই সকলো পৰিকল্পনা সাজু কৰিছিলোঁ। কিন্তু সেই সময়সীমা পাৰ হোৱাৰ পিছত আমি ইণ্ডোনেছিয়া, ফিলিপিনছ আৰু ভিয়েটনামৰ দৰে দেশৰ সৈতে চুক্তি কৰিলোঁ। যিহেতু আমি ভাৰতৰ সৈতে হোৱা চুক্তিতকৈ এইবোৰত অধিক হাৰ ধাৰ্য কৰিছিলোঁ, সেয়েহে পিছলৈ ভাৰতে ঘূৰি আহি ‘আমি সাজু’ বুলি কওঁতে মই ক’বলৈ বাধ্য হ’লোঁ— “যিখন ট্ৰেইন তিনি সপ্তাহ আগতেই ষ্টেচন এৰি গ’ল, তাৰ বাবে আপোনালোক এতিয়াহে সাজু নেকি?”
উৎস- সংবাদ সংস্থা

