কাৰাকছ/নিউয়ৰ্ক:
আমেৰিকাৰ এক নিশাৰ সামৰিক অভিযানত গ্ৰেপ্তাৰ হোৱাৰ পিছত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক বৰ্তমান নিউয়ৰ্কৰ এখন কাৰাগাৰত ৰখা হৈছে। আমেৰিকান কংগ্ৰেছৰ অনুমোদন নোহোৱাকৈ চলোৱা এই অভিযানৰ অন্তত মাডুৰোৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ তৰা হৈছে। ইফালে, সংকটৰ সময়ত ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে দেশখনৰ উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছক অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিছে।
শনিবাৰে আমেৰিকাৰ বাহিনীয়ে মাডুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্লোৰেছক এটা সামৰিক ঘাটিত থকা তেওঁলোকৰ বাসগৃহৰ পৰা আটক কৰি লৈ যায়। মাডুৰো চৰকাৰে এই কাৰ্যক “সাম্ৰাজ্যবাদী” আখ্যা দিছে। এই দম্পতীহালৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহ আৰু সন্ত্ৰাসবাদৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে।
মাডুৰোৰ মুক্তিৰ দাবী:
মাডুৰোৰ অনুপস্থিতিত দেশৰ প্ৰশাসনীয় ধাৰাবাহিকতা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে ৰড্ৰিগছক দায়িত্ব অৰ্পণ কৰিছে। দায়িত্ব গ্ৰহণ কৰিয়েই নৱনিযুক্ত অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতিগৰাকীয়ে মাডুৰোক বিনাচৰ্তে মুক্তি দিবলৈ আমেৰিকাক দাবী জনাইছে আৰু তেওঁক দেশৰ ‘প্ৰকৃত নেতা’ বুলি অভিহিত কৰিছে। ৰড্ৰিগছে লগতে স্পষ্ট কৰি দিয়ে যে তেওঁৰ দেশে ইয়াৰ প্ৰাকৃতিক সম্পদসমূহ ৰক্ষা কৰিব।
ট্ৰাম্পৰ হুংকাৰ:
আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে উপ-ৰাষ্ট্ৰপতিগৰাকীক তীব্ৰ সকীয়নি প্ৰদান কৰিছে। দেওবাৰে দ্য আটলাণ্টিক আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয়, “যদি ৰড্ৰিগছে সঠিক কাম নকৰে, তেন্তে তেওঁ মাডুৰোতকৈও অধিক ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব।” ট্ৰাম্পে লগতে ইংগিত দিয়ে যে নেতৃত্বৰ এই শূন্যতাক ব্যৱহাৰ কৰি তেওঁ ভেনিজুৱেলাৰ তেল আন্তঃগাঁথনি ঠিক কৰিব আৰু আন দেশলৈ বিপুল পৰিমাণৰ তেল বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে।
অভিযানৰ সবিশেষ:
এই গ্ৰেপ্তাৰ অভিযানৰ সময়ত হোৱা সংঘৰ্ষত ভেনিজুৱেলাৰ কিছু অসামৰিক লোক আৰু সামৰিক বাহিনীৰ সদস্য নিহত হোৱা বুলি ৰড্ৰিগছে জানিবলৈ দিয়ে, যদিও সঠিক সংখ্যা প্ৰকাশ কৰা নাই। গ্ৰেপ্তাৰৰ পিছত মাডুৰোক হেলিকপ্টাৰেৰে মেনহাটানলৈ অনা হয় আৰু তাৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে আমেৰিকাৰ ‘ড্ৰাগছ এনফ’ৰ্চমেণ্ট এডমিনিষ্ট্ৰেচন’ৰ (DEA) কাৰ্যালয়লৈ লৈ যোৱা হয়। হোৱাইট হাউছে প্ৰকাশ কৰা এটা ভিডিঅ’ত মাডুৰোক DEA এজেণ্টৰ জিম্মাত হাঁহি থকা অৱস্থাত দেখা গৈছিল।
উল্লেখযোগ্য যে, ১৯৯৯ চনত হুগো চাভেজে দুখীয়া জনসাধাৰণৰ উন্নয়ন আৰু সমাজতান্ত্ৰিক বিপ্লৱৰ প্ৰতিশ্ৰুতিৰে শাসনভাৰ লোৱাৰ দিনৰে পৰা বৰ্তমানৰ শাসকীয় দলটো ভেনিজুৱেলাৰ ক্ষমতাত আছে।
ভেনিজুৱেলাক লৈ চিন্তিত ভাৰত
নতুন দিল্লী: ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাডুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিক লৈ ভাৰতেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ পৰা ৰাষ্ট্ৰপতিক লৈ যোৱাৰ এদিন পিছতে নতুন দিল্লীয়ে দেশখনৰ জনসাধাৰণৰ সুৰক্ষা আৰু মংগলৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে। লগতে, অঞ্চলটোত শান্তি বৰ্তাই ৰাখিবলৈ আলোচনাৰ মাজেৰে সমস্যা সমাধানৰ আহ্বান জনাইছে।
উৎস- সংবাদ সংস্থা

