উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আবেদন

 নতুন দিল্লী: ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত সংঘটিত হোৱা সংঘৰ্ষৰ আঁৰত থকা মূল ব্যক্তি হিচাপে অভিযুক্ত হৈ থকা সমাজকৰ্মী উমৰ খালিদ আৰু ছাৰ্জিল ইমামক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। সোমবাৰে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন চমুকৈ ইউ এ পি এৰ অধীনত ৰুজু হোৱা এই গোচৰৰ শুনানিত আদালতে কয় যে, প্ৰাথমিক পর্যায়ৰ তথ্য প্ৰমাণে এই হিংসাত্মক ঘটনাৰ পৰিকল্পনাত তেওঁলোকৰ মুখ্য ভূমিকা থকাৰ কথা আঙুলিয়াই দিছে।

 

 অৱশ্যে ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু এন ভি আঞ্জাৰিয়াৰ বিচাৰপীঠখনে গোচৰটোৰ লগত জড়িত আন পাঁচজন সহ অভিযুক্তক চৰ্ত সাপেক্ষে জামিন প্ৰদান কৰে। বিচাৰপীঠখনে খালিদ আৰু ইমামৰ বিৰুদ্ধে থকা অভিযোগ আৰু ঘটনাটোত অন্য পাঁচগৰাকীৰ ভূমিকাৰ মাজত স্পষ্ট পাৰ্থক্য আছে বুলি কৈছে। আদালতে গুলফিছা ফাতিমা, মীৰান হাইদৰ, ছিফা-উৰ-ৰহমান, মহম্মদ চেলিম খান আৰু ছাদাব আহমেদক জামিন প্ৰদান কৰি তেওঁলোকৰ বিৰুদ্ধে অনা অভিযোগবোৰত তেওঁলোকৰ আচৰণ গৌণ বা সহায়ক প্ৰকৃতিৰ আছিল বুলি মতামত দিয়ে, যাৰ বাবে তেওঁলোকৰ ক্ষেত্ৰত পৃথক ব্যৱস্থা গ্ৰহণৰ যুক্তিযুক্ততা আছে বুলি আদালতে প্ৰকাশ কৰে।

     উচ্চতম ন্যায়ালয়ত এই আপিলসমূহ কৰা হৈছিল যোৱা বছৰৰ ২ ছেপ্টেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে অভিযুক্তসকলৰ জামিন নাকচ কৰা ৰায়ৰ বিৰুদ্ধে । উল্লেখ্য যে, উমৰ খালিদ আৰু তেওঁৰ সংগীবৃন্দ যোৱা পাঁচ বছৰ ধৰি কাৰাগাৰত বন্দী হৈ আছে। গোচৰটোৰ শুনানিত উচ্চতম ন্যায়ালয়ে উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ এই দীঘলীয়া বিচাৰপূৰ্বক জিম্মাই ‘সাংবিধানিক উদ্বেগ’ সৃষ্টি কৰা বুলি স্বীকাৰ কৰি নিম্ন আদালতক বিষয়টোৰ বিচাৰ খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে।

উৎস- সংবাদ সংস্থা

 

5 2 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x