মনোৰঞ্জন

কন্টাজিয়নঃ এক কাল্পনিক মহামাৰীৰ কাহিনী

   সাম্প্ৰতিক সময়ত বিশ্বব্যাপী সংহাৰী ৰূপ লোৱা কৰোণা মহামাৰীৰ কাৰণ ন’ভেল কৰোণা ভাইৰাছ (covid-19) সম্পৰ্কে ব্যাপক চৰ্চা চলিছে সকলোৰে মুখে মুখে। পৃথিৱীৰ মানৱ সভ্যতাক যেন উপলুঙা কৰি ধ্বংসৰ কালমূৰ্তি ধৰিছে এই মহামাৰী কৰোণাই ! এনে এক প্ৰেক্ষাপটতে চৰ্চালৈ আহিছে এখন হলিউডী ছবি- কন্টাজিয়ন (Contagion) । ৱাৰ্ণাৰ ব্ৰাডাৰ্ছৰ বেনাৰত ২০১১ চনতে মুক্তি লাভ কৰা ১০৬ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনৰ কাহিনীভাগৰ লগত বহুলাংশে মিল দেখা পোৱা গৈছে সাম্প্ৰতিক কৰোণা মহামাৰীৰ ধ্বংসযজ্ঞৰ সৈতে। ২০১১ চনৰ ছেপ্তেম্বৰ মাহত বিখ্যাত পৰিচালক ষ্টিভেন ছ’ডাৰবাৰ্গৰ পৰিচালিত হলিউডী মেডিকেল থ্ৰিলাৰ ছবি কন্টাজিয়নে মুক্তি লাভ কৰে। ছবিখনৰ চিত্ৰ-নাট্য স্কট জেড বাৰ্ণস ৰ। ইয়াৰ মূখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে মেট ডেমন, কেট উইন্সলেট, ম্যাৰিয়ন কটিলাৰ্ড, গিনিথ প্যালট্ৰ, জুড ল’ আদি কেইবাগৰাকীও আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা-অভিনেত্ৰীয়ে। উল্লেখনীয় যে ছবিখনত অন্যতম মূখ্য চৰিত্ৰত অভিনয় কৰা অভিনেতা মেট ডেমনো সম্প্ৰতি আক্ৰান্ত হৈছে মহামাৰী কৰোণাত।

কি আছে এই ছবিখনত?

   চীন দেশৰ হংকঙৰ পৰা ব্যৱসায়িক ভ্ৰমণ সামৰি চিকাগোৰ নিজ গৃহলৈ উভতাৰ আগতে বিমান বন্দৰত বহি থকা এগৰাকী মহিলা ‘বেথ’ৰ  টেলিফোনিক বাৰ্তালাপেৰে আগবাঢ়িছে ছবিৰ মূল কাহিনীভাগ। পুৰণি প্ৰেমিকেৰে যৌন মিলনৰ অন্তত স্বগৃহলৈ যাত্ৰা আৰম্ভ কৰে মহিলাগৰাকীয়ে- এই কথা বুজা যায় আৰম্ভণিৰ কিছু দৃশাৱলীৰ বাৰ্তালাপৰ পৰা। আৰু নিজ গৃহত গৈ কঁপি কঁপি মুখেৰে ফেন ওলাই মৃত্যুবৰণ কৰে মহিলাগৰাকীয়ে। সেইদিনাই বেথৰ পুত্ৰ ক্লাৰ্কৰো শাৰিৰীক অসুস্থতা আৰম্ভ হয়। লগে লগে উদ্ভ্ৰান্ত হৈ পৰে বেথৰ স্বামী মিত্স আৰু তেওঁক চিকিত্সালয়তে কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰা হয়। ইতিমধ্যে কাহিনীয়ে পূৰ্ণগতিত দৃশ্যপট সলনি কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহুকেইখন মূখ্য চহৰৰ দৃশ্যাৱলী দাঙি ধৰে। বিশ্বৰ কেইবাখনো দেশত তেতিয়ালৈকে বহুলোকৰ এনে অস্বাভাৱিক মৃত্যু আৰম্ভ হোৱাৰ বাতৰি আহে। সদাব্যস্ত প্ৰতিখন চহৰতে আৰম্ভ হয় এই অচিনাক্ত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সংক্ৰমণ। লগে লগে সজাগ হয় বিশ্ব স্বাস্থ্য সংস্থা আৰু আৰম্ভ হয় এই অচিনাক্ত ৰোগৰ উত্পত্তিৰ কাৰণ, উত্স আৰু পৰীক্ষা-নিৰীক্ষা। বেথৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিৰে সন্ধান উলিওৱা হয় আৰু সকলোকে কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰা হয়। পোহৰলৈ আহে চীনত থাকোতে বেথে কেচিনোত অংশ লোৱা আৰু বিভিন্ন বন্ধুৰে ভোজমেলত অংশ লোৱাৰ কথাও। তাত্ক্ষণিক অনুসন্ধানত বেথৰ সংস্পৰ্শলৈ অহা বহুকেইজনৰ শাৰীৰিক অসুস্থতাৰ কথাও ধৰা পৰে। ইয়াৰ লগে লগে হুৱা-দুৱা লাগে জেনেভাস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যালয়ত। জৰুৰীকালীন বৈঠকৰ আহ্বান কৰা হয় আৰু তাত্ক্ষণিকভাৱে এই অচিনাক্ত ৰোগবিধৰ বিষয়ে গৱেষণাত সকলো স্বাস্থ্য বিজ্ঞানী ব্যস্ত হৈ পৰে। 

   অৱশেষত সকলোৰে মূৰৰ কামোৰণি হৈ উঠা এই অচিনাক্ত ৰোগৰ কাৰণৰূপে চিনাক্ত হয় এটা নতুন ভাইৰাছ- MEV-1 । গৱেষণাত ধৰা পেলোৱা হয় যে বাদুলি আৰু গাহৰিৰ সৈতে জিনীয় পৰিৱৰ্তনৰ ফলত এই ভাইৰাছৰ উত্পত্তি হয়। কিন্তু সেয়া কিদৰে সম্ভৱ হ’ল আৰু মানুহৰ শৰীৰত ই প্ৰৱেশ কিদৰে কৰিলে সেয়া এক ডাঙৰ প্ৰশ্ন ! আৰু এই প্ৰশ্নই ৰুদ্ধশ্বাস উত্তেজনাৰে শেহলৈকে ধৰি ৰাখে ছবিখনৰ দৰ্শকক। এই প্ৰশ্নৰ উত্তৰ পোৱা যায় ছবিখনৰ অন্তত। অচিনাক্ত ৰোগৰ প্ৰথম দিনটোৰ বৰ্ণনা ছবিখনৰ অন্তত দেখুওৱা হয়-কিদৰে বাদুলিৰ মলৰ পৰা গাহৰিৰ দেহলৈ বিয়পে মাৰাত্মক ভাইৰাছ ! আৰু গাহৰি কাটি পৰিস্কাৰকৈ হাত নোধোৱাকৈ চীনা ৰেষ্টোৰেন্টৰ শ্যেফজনে বেথৰ সৈতে কৰমৰ্দন কৰে। যাৰ ফলশ্ৰুতিতেই সমগ্ৰ বিশ্বজুৰি আৰম্ভ হয় MEV-1 ৰ সংহাৰী ৰূপ। অৱশ্যে ছবিখনত মানৱসৃষ্ট ঔষধৰ আৱিস্কাৰ হয় আৰু এই মহামাৰী ভাইৰাছক দমন কৰা হয়। চমুকৈ এয়াই ছবিখনৰ কাহিনীভাগ। 

   কেৱল চাৰিমাহৰ সময়সীমাৰ দৃশ্য়াৱলীৰে ছবিখনৰ কাহিনীভাগ বৰ্ণিত কৰা হৈছে যদিও সীমিত দৃশ্যাৱলীৰেই ছবিখনে দেখুৱাবলৈ সক্ষম হৈছে মহামাৰীৰ বিভীষিকা আৰু মানুহৰ ভয়-শংকাৰে এখন ভয়াবহ ছবি। বেথৰ জীয়ৰী জ’ৰিৰ মানসিক সংঘাতে প্ৰতিনিধিত্ব কৰিছে বিশ্বৰ সকলো মহামাৰীৰ সন্মুখীন হোৱা কিশোৰ-কিশোৰীক। য’ত জ’ৰিক দেখা গৈছে সম্পূৰ্ণৰূপে মাক-দেউতাকৰ পৰা বিচ্ছিন্ন এগৰাকী হতাশগ্ৰস্ত কিশোৰীৰ ৰূপত, যিয়ে ইচ্ছা থাকিও স্কুললৈ যাব পৰা নাই, প্ৰেমিকক ঘৰৰ দুৱাৰদলিৰ পৰা বিদায় দিবলৈ বাধ্য হৈছে। 

উপসংহাৰঃ 

   কল্পকাহিনীৰ MEV-1 ভাইৰাছ বৰ্তমানৰ বাস্তৱিক পৃথিৱীৰ সংহাৰী Covid-19 ভাইৰাছৰ দৰেই মাৰাত্মক আৰু সংহাৰী আছিল। চীনৰ পৰা আৰম্ভ হৈ মানুহৰ দেহলৈ আৰু মানুহৰ পৰা মানুহলৈ সংস্পৰ্শৰ জৰিয়তে বিয়পিছিল। এই ভাইৰাছত আক্ৰান্তৰ দেহত কৰোণা ৰোগীৰ দৰে লক্ষণ দেখা পোৱা গৈছিল, যিটো কথাই আজিৰ বিশ্ববাসীক সঁচাকৈয়ে আচৰিত কৰি তুলিছে। সেয়া যি কি নহওক, কল্পকাহিনীৰ অন্তত মানুহৰ যিদৰে জয় হোৱা দেখা যায়, ঠিক একেদৰেই আমিও কামনা কৰো অতি সোনকালেই মানৱ জাতিৰ বাবে অভিশাপস্বৰূপ এই কৰোণা মহামাৰীৰ বিৰুদ্ধেও মানুহৰ জয় হওক। বিশ্বৰ কোটি কোটি জনতাই মুক্তি পাওক কৰোণাৰ আতংকৰ পৰা।            

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

0
Would love your thoughts, please comment.x
()
x