জনসংখ্যাৰ নাটনিৰে জুৰুলা চীন: একেৰাহে চতুৰ্থ বছৰৰ বাবে কমিছে মানুহৰ সংখ্যা

বিশেষ প্ৰতিবেদন- চীনৰ জনসংখ্যা হ্ৰাসৰ যি ধাৰা বিগত কেইবছৰমানৰ পৰা চলি আছিল, ২০২৫ বৰ্ষত সি অধিক গভীৰ হৈ পৰিছে। পৰিয়ালক সহায় কৰিবলৈ চৰকাৰে বিভিন্ন নতুন আঁচনি গ্ৰহণ কৰা সত্ত্বেও দেশখনৰ জনসংখ্যা একেৰাহে চতুৰ্থ বছৰৰ বাবে হ্ৰাস পাইছে, যিয়ে চীনৰ সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাত এক প্ৰচণ্ড চাপৰ সৃষ্টি কৰিছে। সোমবাৰে প্ৰকাশ পোৱা চৰকাৰী তথ্য অনুসৰি, দেশখনৰ জনসংখ্যা ৩০ লাখ হ্ৰাস পাই এতিয়া ১৪০.৪ কোটি হৈছেগৈ। এই হ্ৰাসৰ পাছতো চীন বৰ্তমান বিশ্বৰ দ্বিতীয় জনবহুল দেশ হৈ আছে, য’ত ভাৰতে প্ৰথম স্থান দখল কৰিছে।

জানিব পৰা মতে, দেশখনত নতুন প্ৰজন্মৰ আগমন এতিয়া তেনেই সীমিত হৈ পৰিছে। ২০২৫ চনত চীনত জন্ম হোৱা শিশুৰ সংখ্যা মাত্ৰ ৭.৯২ নিযুতলৈ নামি আহে। যদি আমি যোৱা বছৰৰ সৈতে তুলনা কৰোঁ, তেন্তে দেখা যায় যে শিশু জন্মৰ সংখ্যা ১.৬২ নিযুত বা প্ৰায় ১৭ শতাংশ হ্ৰাস পাইছে। ২০২৪ চনত জন্মৰ হাৰত যি অলপ উন্নতি দেখা গৈছিল, এই পতনৰ ফলত সেই আশাও এতিয়া সম্পূৰ্ণৰূপে মষিমূৰ হৈ গৈছে। আচলতে ২০১৬ চনৰ পৰাই চীনত জন্মৰ হাৰ কমিবলৈ আৰম্ভ কৰিছিল, যিটো ধাৰা এতিয়াও অব্যাহত আছে।

চৰকাৰী পৰিসংখ্যা অনুসৰি, চীনৰ ‘ক্ৰুড বাৰ্থ ৰেট’ (Crude Birth Rate) বা প্ৰতি ১,০০০ জন মানুহৰ বিপৰীতে জন্মৰ হাৰ এতিয়া মাত্ৰ ৫.৬৩ লৈ নামিছে। আধুনিক চীনৰ ইতিহাসত ইয়াৰ আগতে জন্মৰ হাৰ কেতিয়াও ইমান তললৈ যোৱা নাছিল। অৰ্থাৎ, চীনত এতিয়া নতুনকৈ জন্ম লোৱা শিশুৰ সংখ্যা ইতিহাসৰ আটাইতকৈ দুৰ্বল পৰ্যায়ত আছে। দেশখনত বৃদ্ধি পোৱা জীৱন ধাৰণৰ খৰচ আৰু যুৱ প্ৰজন্মৰ মাজত বিয়া বা সন্তান জন্ম দিয়াৰ প্ৰতি অনীহাই চীনক এক জনগাঁথনিক সংকটৰ দিশে ঠেলি দিছে । 

উল্লেখযোগ‍্য যে কোনো এখন দেশৰ জনসংখ্যা স্থিৰ ৰাখিবলৈ হ’লে এগৰাকী মহিলাই গড় হিচাপত ২.১ টা সন্তান জন্ম দিয়াটো প্ৰয়োজন, যাক বিশেষজ্ঞসকলে ‘ৰিপ্লেচমেণ্ট লেভেল’ বুলি কয়। কিন্তু চীনৰ ক্ষেত্ৰত এই ছবিখন একেবাৰে ওলোটা। ২০২০ চনত চৰকাৰে এই হাৰ ১.৩ বুলি কৈছিল যদিও বৰ্তমানৰ পৰিস্থিতি লক্ষ্য কৰিলে দেখা যায় যে এই হাৰ এতিয়া প্ৰায় ১.০। অৰ্থাৎ, এতিয়া চীনত প্ৰতিগৰাকী মহিলাৰ বিপৰীতে মাত্ৰ এটাহে সন্তানৰ জন্ম হৈছে।

এই পৰিসংখ্যাই এটা কথাই প্ৰমাণ কৰে যে চীনত এতিয়া মানুহৰ সংখ্যা বাঢ়িবলৈ এৰি দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰিছে। যদি এনেদৰেই চলি থাকে, তেন্তে আগন্তুক কেইটামান দশকত চীনত কাম কৰিব পৰা ডেকা তেজৰ অভাৱ ঘটিব আৰু বৃদ্ধ লোকৰ সংখ্যা বহুগুণে বাঢ়ি যাব। এসময়ত বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হিচাপে পৰিচিত চীন এতিয়া এক ‘জনগাঁথনিক মৰুভূমি’ৰ দিশে আগুৱাই গৈছে। বয়োজ্যেষ্ঠ লোকক সহায় কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ নতুন প্ৰজন্ম নথকাটোৱে দেশখনৰ সামাজিক আৰু অৰ্থনৈতিক ভৱিষ্যতলৈ এক ডাঙৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে।

চীনত কমি অহা জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ চৰকাৰে এতিয়া নতুন নতুন পন্থা অৱলম্বন কৰিছে। দেশখনৰ কৰ্তৃপক্ষই এতিয়া প্ৰতিটো সন্তানৰ বিপৰীতে ৩,৬০০ ইউৱানৰ নগদ সাহায্য আগবঢ়োৱাৰ লগতে শিশু যত্ন বা চাইল্ড্-কেয়াৰ সেৱাৰ বাবে কৰ ৰেহাইৰ সুবিধাও দিছে। ইয়াৰ উপৰি মাতৃকালীন ছুটী আৰু শিশুৰ যত্ন লোৱাৰ বাবে চৰকাৰী সহযোগিতা আৰু অধিক বৃদ্ধি কৰা হৈছে। আনকি জনসংখ্যা বৃদ্ধিৰ বাবে ২০২৫ চনত চৰকাৰে গৰ্ভনিৰোধক সামগ্ৰীসমূহক কিছুমান বিশেষ কৰ ৰেহাইৰ তালিকাৰ পৰাও আঁতৰাই দিছে, যাতে মানুহে এইবোৰ সহজে ব্যৱহাৰ কৰিব নোৱাৰে।

 

উৎস- সংবাদ সংস্থা

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x