ক্ৰমে শান্ত হৈছে ইৰাণৰ প্ৰতিবাদ: আমেৰিকাই কৈছে- এতিয়াও সকলো বিকল্প পথ খোলা আছে

বিশেষ প্ৰতিবেদন- ইৰাণত বিগত কেইবাদিনো ধৰি চলি থকা প্ৰতিবাদ এতিয়া স্তিমিত হৈ পৰিছে। ইণ্টাৰনেট সেৱা কৰ্তনৰ সুযোগ লৈ চৰকাৰে চলোৱা নিৰ্মম দমন নীতিৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ পাছত দেশখনত এতিয়া এক অস্বস্তিকৰ পৰিৱেশ বিৰাজ কৰিছে। পৰ্যবেক্ষকসকলে শুকুৰবাৰে জনোৱা মতে, ইছলামিক ৰিপাব্লিকৰ ধৰ্মীয় শাসন ব্যৱস্থাৰ বিৰুদ্ধে গঢ় লৈ উঠা এয়া আছিল শেহতীয়া বছৰবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰতিবাদ।

আনহাতে, আমেৰিকাৰ ফালৰ পৰা সামৰিক আক্ৰমণৰ তাৎক্ষণিক ভাবুকি বৰ্তমানলৈ কিছু হ্ৰাস পোৱা যেন লাগিছে। এজন চৌদি বিষয়াই জনোৱা মতে, উপসাগৰীয় মিত্ৰশক্তিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ইৰাণৰ নেতৃত্বক এটা ‘সুযোগ’ দিবলৈ সৈমান কৰিবলৈ সক্ষম হৈছে।

দেশখনৰ শোচনীয় অৰ্থনৈতিক পৰিস্থিতিৰ বাবে সৃষ্টি হোৱা জনঅসন্তোষে যোৱা ২৮ ডিচেম্বৰত তেহৰানৰ বজাৰ বন্ধৰ জৰিয়তে প্ৰতিবাদৰ ৰূপ লৈছিল। কিন্তু ৮ জানুৱাৰীৰ পৰা জনসাধাৰণ ৰাজপথলৈ ওলাই অহাত ই এক গণ আন্দোলনত পৰিণত হয় আৰু ১৯৭৯ চনৰ বিপ্লৱৰ পৰা চলি অহা ধৰ্মীয় শাসন ব্যৱস্থাৰ অৱসানৰ দাবী উত্থাপন হয়।

কঠোৰ হাতেৰে বিদ্ৰোহ দমন কৰাৰ পিছত কৰ্তৃপক্ষই এসপ্তাহ ধৰি ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰাখে। সমাজকৰ্মীসকলে ইয়াক চৰকাৰী অত্যাচাৰৰ প্ৰকৃত ছবি লুকুৱাৰ কৌশল বুলি অভিহিত কৰিছে। প্ৰতিবাদৰ ওপৰত নজৰ ৰাখি থকা আমেৰিকা ভিত্তিক ‘ইনষ্টিটিউট ফৰ দ্য ষ্টাডী অৱ ৱাৰ’-এ মন্তব্য কৰিছে, “দমন নীতিয়ে সাময়িকভাৱে প্ৰতিবাদ স্তব্ধ কৰিছে সঁচা, কিন্তু নিৰাপত্তা বাহিনীৰ এই ব্যাপক নিয়োগ দীৰ্ঘদিনলৈ চলাই নিয়াটো সম্ভৱ নহয়। ফলত প্ৰতিবাদ পুনৰ মূৰ দাঙি উঠাৰ সম্ভাৱনা আছে।”

নৰৱে স্থিত মানৱ অধিকাৰ সংগঠন ‘ইৰাণ হিউমেন ৰাইটছ’ (IHR)-ৰ তথ্য অনুসৰি, নিৰাপত্তা বাহিনীৰ গুলীত কমেও ৩,৪২৮ জন প্ৰতিবাদকাৰী নিহত হোৱা বুলি নিশ্চিত কৰা হৈছে। অৱশ্যে সংগঠনটোৱে সতৰ্ক কৰি দিছে যে প্ৰকৃত মৃত্যুৰ সংখ্যা ইয়াতকৈ বহু বেছি হ’ব পাৰে। গোটটোৰ সঞ্চালক মাহমুদ আমিৰী-মোগাদ্দামে কৈছে যে উচ্চতম নেতা আয়াতোল্লা আলী খামেনেইৰ নেতৃত্বাধীন চৰকাৰে “আমাৰ সময়ৰ অন্যতম জঘন্য অপৰাধ” সংঘটিত কৰিছে।

যদিও ৱাশ্বিংটনে বৰ্তমানলৈ আক্ৰমণাত্মক স্থিতিৰ পৰা কিছু পিছ হুহুকিছে, তথাপিও হোৱাইট হাউছে বৃহস্পতিবাৰে স্পষ্ট কৰি দিয়ে যে ৰাষ্ট্ৰপতিৰ বাবে “সকলো বিকল্প এতিয়াও খোলা আছে।” হোৱাইট হাউছৰ প্ৰেছ ছেক্ৰেটাৰী কেৰ’লিন লেভিটে জনায়, “ৰাষ্ট্ৰপতিয়ে অৱগত যে ৮০০ জন লোকৰ যি ফাঁচীৰ নিৰ্দেশ নিৰ্ধাৰিত আছিল আৰু কালি কাৰ্যকৰী হোৱাৰ কথা আছিল, সেয়া স্থগিত ৰখা হৈছে।”

উৎস- সংবাদ সংস্থা 

 

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x