ৱাছিংটন- ইৰাণৰ আগতীয়া আক্ৰমণৰ ভাবুকিৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে কাটাৰৰ এক গুৰুত্বপূৰ্ণ আমেৰিকাৰ সামৰিক ঘাটিৰ কিছুমান কৰ্মীক বুধবাৰে সন্ধিয়াৰ পৰা স্থানান্তৰিত হ’বলৈ পৰামৰ্শ দিয়া হৈছে বুলি এজন আমেৰিকান বিষয়াই জানিবলৈ দিছে।
নাম প্ৰকাশ নকৰাৰ চৰ্তত জ্যেষ্ঠ বিষয়াজনে কয় যে এই পদক্ষেপটো কেৱল এটা সতৰ্কতামূলক ব্যৱস্থা। তেওঁ স্থানান্তৰটো ঐচ্ছিক নে বাধ্যতামূলক, ইয়াৰ দ্বাৰা প্ৰভাৱিত সৈন্য বা অসামৰিক কৰ্মীৰ সংখ্যা কিমান, বা তেওঁলোকক ক’লৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে সেই বিষয়ে কোনো বিতং তথ্য দিবলৈ অস্বীকাৰ কৰে। তেওঁ কেৱল ‘অপাৰেশ্যনেল ছিকিউৰিটি’ বা কাৰ্যকৰী নিৰাপত্তাৰ প্ৰয়োজনৰ কথা উল্লেখ কৰে।
ইয়াৰ প্ৰতিক্ৰিয়াত কাটাৰে বুধবাৰে জনায়,— “বৰ্তমানৰ আঞ্চলিক উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি এনে পদক্ষেপ অস্বাভাৱিক নহয়।”
আন এটা খবৰ অনুসৰি, কাটাৰৰ মিডিয়াই প্ৰকাশ কৰিছে যে ব্ৰিটেইনেও আমেৰিকাৰ দৰেই একে ধৰণৰ পদক্ষেপ লৈ দোহাৰ ওচৰৰ বিমান ঘাটিৰ পৰা কিছু কৰ্মীক প্ৰত্যাহাৰ কৰিছে। ই পশ্চিম এছিয়াত থকা ঘাটিসমূহত আমেৰিকাই লোৱা একেধৰণৰ ব্যৱস্থাকে প্ৰতিফলিত কৰে।
উৎস- সংবাদ সংস্থা

