ইৰাণৰ সৈতে আলোচনা বাতিল কৰি প্ৰতিবাদকাৰী সকলক উচতনি দিলে আমেৰিকাই

তেহৰাণ- ইৰাণত চলি থকা প্ৰবল প্ৰতিবাদৰ মাজতে মঙলবাৰে পুনৰ এবাৰ দেশখনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰ হুংকাৰ দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি তেওঁ বাৰ্তা দিলে যে— “সাহায্য আহি আছে”। ইয়াৰ ঠিক এদিন পূৰ্বেই তেওঁ দাবী কৰিছিল যে দেশখনত চলি থকা অস্থিৰতা আৰু কঠোৰ দমন নীতিৰ মাজতে ইৰাণৰ চৰকাৰী বিষয়াই আলোচনাৰ বাবে ৱাশ্বিংটনৰ সৈতে যোগাযোগ কৰিছে।

ছ’চিয়েল মিডিয়াত দিয়া এটা প’ষ্টত ট্ৰাম্পে লিখে, “ইৰাণৰ দেশপ্ৰেমিকসকল, প্ৰতিবাদ চলাই যোৱা— তোমালোকৰ প্ৰতিষ্ঠানসমূহ দখল কৰা। হত্যাকাৰী আৰু নিৰ্যাতনকাৰীসকলৰ নাম টুকি ৰাখা। তেওঁলোকে ইয়াৰ ডাঙৰ মূল্য ভৰিব লাগিব।” লগতে তেওঁ কয়, “প্ৰতিবাদকাৰীৰ ওপৰত নিৰৰ্থক হত্যাযজ্ঞ বন্ধ নোহোৱালৈকে মই ইৰাণৰ বিষয়াসকলৰ সৈতে হ’বলগীয়া সকলো বৈঠক বাতিল কৰিছোঁ। সাহায্য আহি আছে”। কিন্তু কি ধৰণৰ ‘সাহায্য’ তেওঁ আগবঢ়াব, সেয়া স্পষ্ট কৰা নাই।

তাৰ পূৰ্বে সোমবাৰে আন এটা প’ষ্টত ট্ৰাম্পে ইৰাণৰ সৈতে বাণিজ্য কৰা দেশসমূহৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপৰ কথা ঘোষণা কৰিছিল। তেওঁ স্পষ্টকৈ কৈছিল, “তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ যি দেশেই ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ সৈতে ব্যৱসায় কৰিব, তেওঁলোকে আমেৰিকাৰ সৈতে কৰা সকলো ব্যৱসায়ত ২৫ শতাংশ শুল্ক ভৰিব লাগিব। এই নিৰ্দেশ চূড়ান্ত।”

উল্লেখ্য যে চীন, তুৰস্ক, ইউ.এ.ই আৰু ইৰাক হৈছে ইৰাণৰ প্ৰধান বাণিজ্যিক অংশীদাৰ। ইয়াৰ ভিতৰত তুৰস্ক আৰু ইউ.এ.ই আমেৰিকাৰো ঘনিষ্ঠ মিত্ৰ। ২০২৫ চনৰ জুনত ১২-দিনীয়া যুদ্ধৰ সময়ত ইজৰাইলৰ সৈতে লগ লাগি ইৰাণত বোমাবৰ্ষণ কৰা ট্ৰাম্পে ইয়াৰ পূৰ্বেও ভাবুকি দিছিল যে প্ৰতিবাদকাৰীক হত্যা কৰিলে ইৰাণত পুনৰ আক্ৰমণ চলোৱা হ’ব।

২ জানুৱাৰীত তেওঁ কৈছিল, “যদি ইৰানে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক গুলীয়ায় আৰু হিংসাত্মকভাৱে হত্যা কৰে— যিটো তেওঁলোকৰ পুৰণি অভ্যাস— তেন্তে আমেৰিকা তেওঁলোকক উদ্ধাৰ কৰিবলৈ আহিব। আমি আক্ৰমণৰ বাবে সম্পূৰ্ণ সাজু হৈ আছোঁ।”

ট্ৰাম্পৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত ইৰাণৰ উচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানিয়ে কৈছিল যে ইৰাণৰ ঘৰুৱা বিষয়ত আমেৰিকাৰ হস্তক্ষেপে সমগ্ৰ অঞ্চলটোত অস্থিৰতাৰ সৃষ্টি কৰিব।

মুদ্ৰাৰ মূল্য হ্ৰাস আৰু চৰম মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে ব্যৱসায়ীসকলে আৰম্ভ কৰা এই প্ৰতিবাদ এতিয়া সমগ্ৰ ইৰাণতে বিয়পি পৰিছে। প্ৰশাসনে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে আৰু প্ৰতিবাদকাৰীসকলক “ধ্বংসকাৰী আৰু সন্ত্ৰাসবাদী” আখ্যা দি তেওঁলোকৰ ওপৰত দমন চলাইছে। চৰকাৰী সংবাদ মাধ্যমৰ মতে এই ধ্বংসযজ্ঞকাৰীৰ হাতত বহু নিৰাপত্তা কৰ্মীৰ মৃত্যু হৈছে। আনহাতে, নৰৱেত থকা ‘ইৰাণ হিউমেন ৰাইটছ’ নামৰ সংগঠনটোৰ দাবী— এই প্ৰতিবাদত এতিয়ালৈকে কমেও ৭৩৪ জন লোক নিহত হৈছে।

ইফালে, ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘচিয়ে ‘আল জাজিৰা’ক দিয়া এক সাক্ষাৎকাৰত কয় যে চৰকাৰে প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা চলাই আছে। তেওঁৰ মতে, কেৱল “সন্ত্ৰাসবাদী কাৰ্যকলাপ”ৰ সন্মুখীন হ’লেহে ইণ্টাৰনেট বন্ধ কৰা হৈছে। ট্ৰাম্পৰ ভাবুকিৰ উত্তৰত তেওঁ কয়, “আমি যিকোনো পৰিস্থিতিৰ বাবে সাজু আৰু আশা কৰোঁ ৱাশ্বিংটনে এটা বুদ্ধিমানৰ সিদ্ধান্ত ল’ব। তেওঁলোকে কি বিকল্প বাছে সেয়া ডাঙৰ কথা নহয়, আমি তাৰ বাবে সাজু।”

উৎস- সংবাদ সংস্থা 

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x