গুৱাহাটী : সমগ্ৰ অসমবাসীক শোকত পেলাই আজি বিদায় মাগিলে অসমীয়া সমাজ-জীৱনৰ এগৰাকী অন্যতম মহীৰূহ প্ৰদীপ বৰুৱাই। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰা ৮৮ বছৰীয়া বৰুৱা যোৱা কিছু দিন ধৰি বয়সজনিত কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁৰ বিয়োগত অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ জগতত এক বিৰাট শূন্যতাৰ সৃষ্টি হৈছে।
ড. ভবেন্দ্ৰ নাথ শইকীয়াৰ সৈতে মিলি যি ‘প্ৰান্তিক’ৰ যাত্ৰা আৰম্ভ হৈছিল, সেই যাত্ৰাক তেওঁ সুদীৰ্ঘ ৪৪ বছৰ ধৰি অত্যন্ত নিষ্ঠা আৰু মৰ্যাদাৰে পৰিচালনা কৰি আহিছিল।
এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে প্ৰদীপ বৰুৱাই তেওঁৰ সুদীৰ্ঘ কৰ্মজীৱনত সাহিত্য আৰু সাংবাদিকতালৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে কেইবাটাও সন্মানীয় বঁটা লাভ কৰিছিল। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখনীয় আছিল ‘বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা’। তেওঁৰ দূৰদৰ্শী সম্পাদনা শৈলী, বৌদ্ধিক আলোচনাৰ প্ৰতি থকা দায়বদ্ধতা আৰু মানদণ্ডসম্পন্ন সাংবাদিকতাৰ প্ৰতি অটল নিষ্ঠাই তেওঁক সাহিত্য আৰু সংবাদ জগতত এক গভীৰ সন্মান আৰু মৰ্যাদা প্ৰদান কৰিছিল। ২০২৪ চনত তেওঁক একেলগে ২০২১ আৰু ২০২২ বৰ্ষৰ ৰজনী কান্ত বৰুৱা আৰু প্ৰতিভা বৰুৱা সোঁৱৰণী সাংবাদিকতা জীৱনজোৰা সাধনা বঁটাৰে বিভূষিত কৰা হয় ।

