নতুন দিল্লী: ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কত কিছু স্থিৰতা অহাৰ লক্ষণ দেখা পোৱাৰ মাজতেই হিমালয়ৰ এক পুৰণি বিবাদে পুনৰ মূৰ দাঙি উঠিছে। ইছলামবাদৰ পৰা উপহাৰস্বৰূপে পোৱা ভূখণ্ড ‘চাক্সগাম উপত্যকা’ৰ ওপৰত বেইজিঙে এতিয়া নতুনকৈ নিজৰ দাবী সাব্যস্ত কৰিছে। আচলতে এই বিবাদ কেৱল এটুকুৰা পৰিত্যক্ত পাহাৰীয়া মাটিৰ বাবে নহয়, বৰঞ্চ ইয়াৰ আঁৰত আছে ভাৰতৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বান।
এই চাক্সগাম উপত্যকাটো পাকিস্তান অধিকৃত কাশ্মীৰৰ হুনজা-গিলগিট এলেকাত অৱস্থিত। ই এক এনেকুৱা অৱস্থান য’ত ভাৰত, পাকিস্তান আৰু চীন — এই তিনিখন দেশৰ সীমাই স্পৰ্শ কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, — এই উপত্যকাটো আমাৰ চিয়াচেন গ্লেচিয়াৰৰ ঠিক উত্তৰ দিশত আৰু লাডাখক চীনৰ সৈতে সংযোগ কৰা কাৰাকোৰাম গিৰিপথৰ অতি ওচৰত। জনসংখ্যা কম হ’লেও সামৰিক দিশৰ পৰা ইয়াৰ গুৰুত্ব অপৰিসীম।
ইতিহাস চালে দেখা যায় যে এই উপত্যকাটো আগতে জম্মু-কাশ্মীৰ ৰাজ্যৰ অংশ আছিল। কিন্তু ১৯৪৭ চনৰ যুদ্ধৰ সময়ত পাকিস্তানে এই অঞ্চলটো অবৈধভাৱে দখল কৰে। ইয়াৰ পিছত ১৯৬৩ চনত পাকিস্তানে এক আচৰিত কাম কৰিলে; তেওঁলোকে ভাৰতৰ এই ভূখণ্ডৰ প্ৰায় ৫,১৮০ বৰ্গ কিলোমিটাৰ মাটি চীনক হাতবদল কৰি দিলে। ভাৰতে সেই দিনাৰ পৰাই এই চুক্তিক অবৈধ বুলি কৈ আহিছে।
প্ৰশ্ন হয়,— চীনে এতিয়াই কিয় এই দাবী তুলিছে? আচলতে চীনে এতিয়া সেই দুৰ্গম অঞ্চলত দ্ৰুত গতিত ৰাস্তা-ঘাট আৰু দলঙৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছে। চীন-পাকিস্তান অৰ্থনৈতিক কৰিড’ৰৰ (CPEC) কাম এতিয়া চিয়াচেনত থকা ভাৰতীয় চকীসমূহৰ অতি ওচৰ পাইছেহি। চাক্সগামৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰিলে চীনৰ বাবে পাকিস্তানলৈ যোৱা পথ চুটি হ’ব আৰু ভাৰতৰ উত্তৰ সীমান্তত দুয়োখন দেশে মিলি একেলগে চাপ সৃষ্টি কৰিব পাৰিব।
ভাৰতৰ বাবে এইটো এটা ডাঙৰ সামৰিক প্ৰত্যাহ্বান। যদি কাৰাকোৰামৰ দক্ষিণত চীনৰ স্থায়ী উপস্থিতি বৃদ্ধি পায়, তেন্তে ভাৰতৰ বাবে চিয়াচেন আৰু লাডাখৰ নিৰাপত্তা নিশ্চিত কৰাটো কঠিন হৈ পৰিব। ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে স্পষ্টকৈ জনাই দিছে যে চাক্সগাম উপত্যকা ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু ইয়াত চলোৱা যিকোনো চীনা নিৰ্মাণ কাৰ্য অসাৰ।
চমুকৈ ক’বলৈ গ’লে, চাক্সগাম বিবাদে দেখুৱাই দিছে যে হিমালয়ত এতিয়াও পৰিস্থিতি শান্ত হোৱা নাই। বেইজিঙে এফালে শান্তিৰ কথা কয় যদিও আনফালে মাটিত নিজৰ আধিপত্য বিস্তাৰ কৰি আছে। ঐতিহাসিক ভুল আৰু বৰ্তমানৰ ক্ষমতাৰ ৰাজনীতিয়ে এই উপত্যকাটোক এতিয়া এক অতি স্পৰ্শকাতৰ ৰাজনৈতিক এলেকা কৰি ৰাখিছে।
উৎস- সংবাদ সংস্থা

