নতুন দিল্লী: বিশ্বৰ প্ৰযুক্তিৰ মানচিত্ৰত ভাৰতৰ স্থান এতিয়া আৰু অধিক শক্তিশালী হ’বলৈ গৈ আছে। অহা মাহৰ ভিতৰতে ভাৰত আমেৰিকাৰ নেতৃত্বত গঠন হোৱা এক অতি শক্তিশালী আৰু কৌশলগত গোট ‘পেক্স ছিলিকা’ৰ (Pax Silica) পূৰ্ণকালীন সদস্য হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ উঠিছে। নতুন দিল্লীত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতে এই সম্পৰ্কে ইংগিত দি কয় যে ইয়াৰ জৰিয়তে ভাৰত আৰু আমেৰিকাৰ মাজত অত্যাধুনিক প্ৰযুক্তি, যোগান শৃংখলাৰ সুৰক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) ভিত্তিক অৰ্থনীতিৰ এক নতুন যুগৰ সূচনা হ’ব।
পেক্স ছিলিকা কি, সেইটো জনাটো অতি প্ৰয়োজনীয়। আচলতে এয়া আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা দপ্তৰে আৰম্ভ কৰা এক বহুপাক্ষিক পদক্ষেপ। ইয়াৰ মূল কাম হৈছে সমগ্ৰ বিশ্বতে এক সুৰক্ষিত আৰু বিশ্বাসযোগ্য প্ৰযুক্তিগত পৰিৱেশ গঢ়ি তোলা। ইয়াত কেৱল ইণ্টাৰনেট বা চফটৱেৰেই নহয়, বৰঞ্চ শক্তি সুৰক্ষা, দৰকাৰী খনিজ সম্পদ, ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি অতি উন্নত এআই (AI) মডেললৈকে সকলোবোৰ সামৰি লোৱা হৈছে। এই গোটটোৰ প্ৰধান লক্ষ্য হ’ল নতুন প্ৰযুক্তিবোৰ যাতে কেৱল উন্নতেই নহয়, বৰঞ্চ সুৰক্ষিত আৰু ভৱিষ্যতৰ বাবে নিৰ্ভৰযোগ্যও হয়, তাক সুনিশ্চিত কৰা ।
পেক্স ছিলিকা গঠনৰ আঁৰত এক ডাঙৰ কৌশল লুকাই আছে। বৰ্তমান বিশ্বৰ প্ৰযুক্তিৰ বজাৰত কিছুমান বিশেষ দেশৰ যি একচেতীয় আধিপত্য আছে, তাক ভাঙি দিয়াই ইয়াৰ উদ্দেশ্য। বিশেষকৈ যোগান শৃংখলাত যাতে কোনো একক দেশৰ ওপৰত অত্যধিক নিৰ্ভৰ কৰিবলগীয়া নহয়, তাৰ ওপৰত এই গোটে গুৰুত্ব দিয়ে। ইয়াৰ দ্বাৰা আন কোনো দেশে যাতে অৰ্থনৈতিক বা ৰাজনৈতিক চাপ দিব নোৱাৰে, সেইটো নিশ্চিত কৰা হ’ব। লগতে, দেশবোৰৰ মাজত যাতে গোপন তথ্য বা উন্নত প্ৰযুক্তি চুৰি নহয়, তাৰ বাবেও ইয়াত কঠোৰ নিয়ম থাকিব।
ইতিমধ্যে জাপান, দক্ষিণ কোৰিয়া, যুক্তৰাজ্য, ইজৰাইল আৰু অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দেশসমূহ এই গোটৰ সন্মিলনত একত্ৰিত হৈছে। আনকি টাইৱান আৰু ইউৰোপীয় ইউনিয়নেও ইয়াত সহযোগ কৰিছে। এতিয়া ভাৰত যদি এই গোটত সোমাই পৰে, তেন্তে বিশ্বৰ ভৱিষ্যত প্ৰযুক্তিৰ নীতি-নিয়ম কেনে হ’ব, সেইটো নিৰ্ধাৰণ কৰাত ভাৰতৰ হাতলৈ এক ডাঙৰ ক্ষমতা আহিব। ভাৰতে বৰ্তমান নিজাববীয়াকৈ ছেমিকণ্ডাক্টৰ বা চিপ নিৰ্মাণ কৰিবলৈ যি চেষ্টা চলাইছে, সেই চেষ্টাক এই সদস্যপদে এক নতুন গতি দিব। লগতে আমাৰ দৰে দেশৰ বাবে যিবোৰ দুষ্প্ৰাপ্য খনিজ সম্পদৰ দৰকাৰ, সেইবোৰ পাবলৈও সহজ হ’ব। আটাইতকৈ ডাঙৰ কথাটো হ’ল বিশ্বজুৰি এআই (AI) কেনেকৈ ব্যৱহাৰ হ’ব তাৰ মানদণ্ড ঠিক কৰাৰ ক্ষেত্ৰত ভাৰত এতিয়া এজন অন্যতম পৰিচালক হিচাপে থিয় দিব পাৰিব। ইয়াৰ ফলত আমেৰিকা আৰু অন্যান্য উন্নত দেশৰ সৈতে আমাৰ বন্ধুত্ব এতিয়া কেৱল ব্যৱসায়িক হৈ নাথাকি এক গভীৰ কৌশলগত সম্পৰ্কত পৰিণত হ’ব।
উৎস- সংবাদ সংস্থা

