সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশৰ নতুন সুৰক্ষা কৱচ: অমিত শ্বাহে মুকলি কৰিলে এ.আই.-চালিত ৰাষ্ট্ৰীয় আই.ই.ডি. ডাটাবেচ

নতুন দিল্লী/মানেছাৰ: দেশৰ আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে এক অত্যাধুনিক ৰাষ্ট্ৰীয় ডিজিটেল প্লেটফৰ্ম মুকলি কৰিছে। দেশজুৰি হোৱা সকলো ধৰণৰ ‘ইম্প্ৰভাইজড এক্সপ্ল’চিভ ডিভাইচ’ (IED) বা হাতে-সজা বিস্ফোৰকৰ তথ্য তালিকাভুক্ত আৰু বিশ্লেষণ কৰিব পৰা এই তন্ত্ৰটোক গৃহমন্ত্ৰীগৰাকীয়ে “সন্ত্ৰাসবাদৰ বিৰুদ্ধে পৰৱৰ্তী প্ৰজন্মৰ সুৰক্ষা কৱচ” বুলি অভিহিত কৰিছে। তেওঁৰ মতে, এই ব্যৱস্থাই বোমা বিস্ফোৰণৰ দৰে ঘটনা প্ৰতিৰোধ কৰাত এক ব্যাপক সহায়ক হিচাপে কাম কৰিব।

 

কি এই NIDMS?

নেশ্যনেল ছিকিউৰিটি গাৰ্ড (NSG)ৰ দ্বাৰা বিকশিত এই বিশেষ তন্ত্ৰটোৰ নাম হৈছে নেশ্যনেল আই.ই.ডি. ডাটা মেনেজমেণ্ট চিষ্টেম (NIDMS)। আই.ই.ডি. বিস্ফোৰণৰ সৈতে জড়িত প্ৰতিটো তথ্য পদ্ধতিগতভাৱে সংগ্ৰহ কৰা, সেইবোৰ একত্ৰিত কৰা আৰু প্ৰয়োজন সাপেক্ষে বিভিন্ন সংস্থাক যোগান ধৰাৰ উদ্দেশ্যেৰে ইয়াক এক সুৰক্ষিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজিটেল ভাণ্ডাৰ হিচাপে গঢ়ি তোলা হৈছে। এই প্লেটফৰ্মটো নিৰ্মাণৰ ক্ষেত্ৰত গান্ধীনগৰৰ ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয় (RRU), আই.আই.টি. দিল্লী, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA) আৰু ইণ্ডিয়ান চাইবাৰ ক্ৰাইম ক’ৰ্ডিনেচন চেণ্টাৰে (I4C) কাৰিকৰী সহায় আগবঢ়াইছে। বিশেষভাৱে মন কৰিবলগীয়া যে, বোমা বিস্ফোৰণৰ ধৰণ আৰু ইয়াৰ আঁৰত থকা বিশেষ বৈশিষ্টসমূহ চিনাক্ত কৰিবলৈ ইয়াত কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু মেচিন লাৰ্নিং সঁজুলি ব্যৱহাৰ কৰা হৈছে।

 

‘এক দেশ, এক তথ্য ভাণ্ডাৰ’

গৃহমন্ত্ৰী অমিত শ্বাহে মানেছাৰস্থিত এন.এছ.জি. কেম্পৰ সৈতে ভাৰ্চুৱেলী সংযোগ স্থাপন কৰি এই প্লেটফৰ্মটো উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে NIDMS হ’ব দেশৰ বাবে এক ডাঙৰ “সম্পদ”, যিয়ে ৰাজ্যিক আৰক্ষী বাহিনী, সন্ত্ৰাসবাদ বিৰোধী শাখা (ATS) আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক যিকোনো সময়তে প্ৰয়োজনীয় তথ্য লাভ কৰাত সহায় কৰিব। ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ বোমা বিস্ফোৰণৰ আঁৰত থকা অপৰাধীৰ কাৰ্যপন্থা আৰু নতুন প্ৰৱণতাসমূহ বিশ্লেষণ কৰাটো সহজ হৈ পৰিব।

গৃহমন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰে যে এই প্লেটফৰ্মটোৱে আই.ই.ডি. বিস্ফোৰণৰ বাবে “এক দেশ এক তথ্য ভাণ্ডাৰ” হিচাপে কাম কৰিব। ইয়াৰ ফলত ফৰেনচিক প্ৰমাণৰ মান উন্নত হ’ব, যাৰ ফলত আদালতত গোচৰ চলোৱা আৰু দোষীক শাস্তি দিয়াৰ প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ হ’ব। লগতে বিভিন্ন নিৰাপত্তা সংস্থাসমূহৰ মাজত সমন্বয় বৃদ্ধিতো ই গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। উল্লেখ্য যে আই.ই.ডি. বিস্ফোৰণ এতিয়াও দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ আছে। যোৱা কেইবছৰমানত এনে বিস্ফোৰণত হাজাৰ হাজাৰ নিৰীহ অসামৰিক লোক আৰু নিৰাপত্তাকৰ্মীৰ মৃত্যু হোৱাৰ লগতে অলেখ লোক গুৰুতৰভাৱে ঘুণীয়া হৈছে।

 

উৎস- সংবাদ সংস্থা 

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x