লণ্ডন, ৯ জানুৱাৰী: শীতল যুদ্ধৰ চৰম উত্তেজনাৰ সময়তো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে পাৰমাণৱিক অস্ত্ৰৰ প্ৰতিযোগিতা নিয়ন্ত্ৰণত ৰাখিবলৈ কেবাখনো চুক্তি কৰিছিল। ১৯৬৯ চনৰ পৰা ১৯৯১ চনত ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পাছলৈকে এই দেশ দুখনে পাৰস্পৰিক আলোচনাৰ জৰিয়তে পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰৰ এক নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰি আহিছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে।
বৰ্তমান আমেৰিকা আৰু ৰাছিয়াৰ মাজত থকা একমাত্ৰ তথা অন্তিমখন পাৰমাণৱিক চুক্তি ‘নিউ ষ্টাৰ্ট’ৰ ম্যাদ অহা ৫ ফেব্ৰুৱাৰীত উকলিব। হাতত মাত্ৰ কেইটামান সপ্তাহ বাকী থকা অৱস্থাত ইয়াৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব, সেয়া এতিয়াও চৰম অনিশ্চয়তাত। ইউক্ৰেইনৰ যুদ্ধক লৈ ব্যস্ত হৈ থকা বাবে পৰৱৰ্তী চুক্তি সন্দৰ্ভত দুই দেশৰ মাজত কোনো ধৰণৰ আলোচনা হোৱা নাই।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যোৱা ছেপ্টেম্বৰ মাহতে এক প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁৰ মতে, দুয়োখন দেশে আৰু ১২ মাহৰ বাবে বৰ্তমানৰ সীমা (১৫৫০ টা ৱাৰহেড) মানি চলিবলৈ সন্মত হোৱা উচিত। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এতিয়ালৈকে এই প্ৰস্তাৱৰ কোনো আনুষ্ঠানিক উত্তৰ দিয়া নাই।
পুটিনৰ এই প্ৰস্তাৱ গ্ৰহণ কৰা উচিত নে অনুচিত, তাক লৈ পশ্চিমীয়া নিৰাপত্তা বিশ্লেষকসকলৰ মাজত মতভেদ দেখা গৈছে। একাংশৰ মতে, এই প্ৰস্তাৱ মানি ল’লে ভৱিষ্যতৰ পথ নিৰ্ণয় কৰিবলৈ কিছু সময় পোৱা যাব আৰু অস্ত্ৰ নিয়ন্ত্ৰণ ব্যৱস্থা বৰ্তাই ৰখাৰ ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছা প্ৰকাশ পাব। আনহাতে, ইয়াৰ বিপৰীত মত পোষণ কৰাসকলৰ ধাৰণা যে, চুক্তিৰ ম্যাদ বৃদ্ধি কৰিলে ৰাছিয়াই ইয়াৰ সুযোগ লৈ চুক্তিৰ আওতাৰ বাহিৰত থকা ‘বুৰেভেষ্টনিক’ ক্ৰুজ মিছাইল আৰু ‘প’ছাইডন’ টৰ্পেডোৰ দৰে মাৰাত্মক অস্ত্ৰৰ বিকাশ অব্যাহত ৰাখিব পাৰিব।
চীনৰ প্ৰসংগ আৰু আমেৰিকাৰ স্থিতি
আমেৰিকাৰ প্ৰাক্তন প্ৰতিৰক্ষা পৰিকল্পনাকাৰী গ্ৰেগ ৱিভাৰে আটলান্টিক কাউন্সিলৰ এক প্ৰতিবেদনত এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ দিশ উনুকিয়াইছে। তেওঁৰ মতে, ২০২৩ চনৰ পৰাই ৰাছিয়াই পাৰস্পৰিক নিৰীক্ষণৰ অনুমতি দিয়া নাই। এনে নিৰীক্ষণে ৱাশ্বিংটনক নিশ্চিত কৰিলেহেঁতেন যে মস্কোৱে প্ৰকৃততে চুক্তিখন মানি চলি আছে নে নাই।
ৱিভাৰে লগতে সতৰ্ক কৰি দিছে যে পুটিনৰ প্ৰস্তাৱত সন্মত হ’লে চীনেও এটা ভুল সংকেত পাব পাৰে। চীনৰ দ্ৰুত বৰ্ধিত পাৰমাণৱিক ভঁৰালৰ বিপৰীতে আমেৰিকাই যে নিজৰ কৌশলগত পাৰমাণৱিক শক্তি বৃদ্ধি কৰিব বিচৰা নাই, চীনে সেয়া ধৰি ল’ব পাৰে।
উৎস- সংবাদ সংস্থা
