ইডিৰ অভিযানত বাধা প্ৰদান মমতা বেনাৰ্জীৰ 

কলকাতা: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় সংস্থা এনফ’ৰ্চমেন্ট ডাইৰেক্টৰতে (ইডি)। বৃহস্পতিবাৰে কলকাতাৰ ৰাজনৈতিক পৰামৰ্শদাতা সংস্থা ‘ইণ্ডিয়ান পলিটিকেল একচন কমিটি’ (আই-পেক)-ৰ কাৰ্যালয়ত ইডিয়ে চলোৱা অভিযানৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে দুটা স্থানৰ পৰা নথিপত্ৰ আৰু তথ্য-প্ৰমাণ বলপূৰ্বকভাৱে আঁতৰাই নিয়াৰ অভিযোগ উঠিছে।

আনহাতে, অভিযান চলি থকাৰ সময়তে আই-পেকৰ কাৰ্যালয় আৰু সংস্থাটোৰ সহ-প্ৰতিষ্ঠাপক প্ৰতীক জৈনৰ বাসগৃহত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকী। তেওঁ এই অভিযানক “দলীয় তথ্য চুৰি কৰাৰ এক ৰাজনৈতিক অভিসন্ধি” বুলি অভিহিত কৰে। মমতাই অভিযোগ কৰে যে কেন্দ্ৰীয় সংস্থাটোৱে দলৰ ৰণনীতিৰ নথি আৰু প্ৰাৰ্থী তালিকাৰ সৈতে সম্পৰ্কিত অতি গুৰুত্বপূৰ্ণ তথ্য লৈ গৈছে।

সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি বেনাৰ্জীয়ে কয়, “সিহঁত (বিজেপি) গণতন্ত্ৰৰ হত্যাকাৰী। সিহঁতে এয়া কেনেকৈ কৰিব পাৰে? ইডিৰ এই অভিযানৰ প্ৰত্যুত্তৰত আমি যদি বংগত থকা বিজেপিৰ দলীয় কাৰ্যালয়বোৰত তালাচী চলাওঁ, তেন্তে পৰিস্থিতি কি হ’ব?”

ঘটনাৰ বিৱৰণী অনুসৰি, মমতা বেনাৰ্জী দুপৰীয়া প্ৰায় ১২:৪৪ বজাত প্ৰতীক জৈনৰ দক্ষিণ কলকাতাৰ বাসগৃহত উপস্থিত হয় আৰু তাৰ পাছত ছল্ট লেকত থকা আই-পেকৰ কাৰ্যালয়লৈ যায়। তেওঁ বিয়লি প্ৰায় ৪:২০ বজাত কাৰ্যালয়টোৰ পৰা ওলাই আহে। বিশেষ মন কৰিবলগীয়া কথাটো হ’ল— জৈনৰ বাসগৃহৰ পৰা ওলাই অহাৰ সময়ত মুখ্যমন্ত্ৰীৰ হাতত এটা ফাইল দেখা গৈছিল, যিটো সোমোৱাৰ সময়ত তেওঁৰ লগত নাছিল।

এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰি ইডিয়ে কয় যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ সহযোগীসকলে “বলপূৰ্বকভাৱে নথিপত্ৰ আৰু ইলেক্ট্ৰনিক প্ৰমাণসমূহ কাঢ়ি লৈ গৈছে”। ইডিয়ে দাবী কৰে, “মমতা বেনাৰ্জীয়ে বহুতো গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু ইলেক্ট্ৰনিক সঁজুলি লগত লৈ যায়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ কনভয় আই-পেকৰ কাৰ্যালয়লৈ যায়, য’ৰ পৰা বেনাৰ্জী, তেওঁৰ সহযোগী তথা ৰাজ্যিক আৰক্ষীয়ে বলপূৰ্বকভাৱে আন কিছুমান প্ৰমাণ আৰু নথিপত্ৰ আঁতৰাই নিয়ে।” সংস্থাটোৰ মতে, মুখ্যমন্ত্ৰীৰ এনে কাৰ্যই ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত চলি থকা তদন্তত বাধাৰ সৃষ্টি কৰিছে।

ইডিয়ে স্পষ্ট কৰি দিয়ে যে কয়লা সৰবৰাহকাৰী চক্ৰ আৰু হাৱালা ধনৰ লেনদেনৰ সন্দৰ্ভতহে এই তালাচী চলোৱা হৈছিল আৰু ই কোনো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নাছিল। ইফালে, তদন্তত বাধা প্ৰদান কৰা বুলি অভিযোগ তুলি ইডিয়ে ন্যায়িক হস্তক্ষেপ বিচাৰি কলকাতা উচ্চ ন্যায়ালয়ৰো কাষ চাপিছে।

 

ইডিৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ 

আনহাতে, ইডিৰ বিষয়াসকলৰ বিৰুদ্ধে চেক্সপিয়েৰ সৰনী থানাত দুখনকৈ এজাহাৰ দাখিল কৰা হৈছে। অভিযানৰ পূৰ্বে স্থানীয় আৰক্ষীক অৱগত নকৰা বাবে আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰাৰ বিপৰীতে, নথিপত্ৰ চুৰি হোৱা বুলি অভিযোগ তুলি আনটো গোচৰ তৰিছে প্ৰতীক জৈনৰ পত্নীয়ে।

মমতা বেনাৰ্জীয়ে এই সমগ্ৰ ঘটনাৰ আঁৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ থকা বুলি পোনপটীয়া অভিযোগ কৰে। তেওঁ কয়, “তেওঁলোকে বলপূৰ্বকভাৱে বংগক ধ্বংস কৰিব বিচাৰিছে। কিন্তু বংগৰ মানুহে কেতিয়াও বিজেপিৰ ওচৰত মূৰ নোদোঁৱায়।” তেওঁ অমিত শ্বাহক “দুষ্ট প্ৰকৃতিৰ গৃহমন্ত্ৰী” বুলি কটাক্ষ কৰি প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ গৃহমন্ত্ৰীক নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, ২০২১ চনৰ বিধানসভা নিৰ্বাচন আৰু পৰৱৰ্তী নিৰ্বাচনসমূহত তৃণমূল কংগ্ৰেছৰ ৰণনীতি প্ৰস্তুত কৰাত আই-পেকে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ইডিৰ এই অভিযানৰ বিৰুদ্ধে তৃণমূল সমৰ্থকসকলে আই-পেকৰ কাৰ্যালয়ৰ বাহিৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

 

উৎস- সংবাদ সংস্থা 

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x