ৱাছিংটন: উত্তৰ আটলাণ্টিক চুক্তি সংগঠন চমুকৈ ‘নাটো’ৰ বিৰুদ্ধে পুনৰবাৰ বিষোদগাৰ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। এক শেহতীয়া বিবৃতিত ট্ৰাম্পে স্পষ্টকৈ কয় যে ভৱিষ্যতে যদি আমেৰিকা কোনো বিপদত পৰে, তেন্তে এই সামৰিক মিত্ৰজোঁটে ৱাছিংটনৰ কাষত থিয় দিবনে নাই, তাক লৈ তেওঁৰ যথেষ্ট সন্দেহ আছে।
ট্ৰাম্পৰ মতে, আমেৰিকাৰ অংশগ্ৰহণ অবিহনে চীন বা ৰাছিয়াৰ দৰে শক্তিশালী দেশৰ মনত নাটোৰ প্ৰতি কোনো ভয় বা সন্মান নাই। নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছচিয়েল’ত তেওঁ এই বিষয়টো উত্থাপন কৰি ইউৰোপীয় দেশসমূহক তীব্ৰ কটাক্ষ কৰে।
‘নাটোৰ বিত্তীয় বোজা আমেৰিকাই কিয় বহন কৰিব?’
নাটোৰ সদস্য দেশসমূহক লক্ষ্য কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁ ক্ষমতালৈ অহাৰ পূৰ্বে বেছিভাগ দেশেই মিত্ৰজোঁটৰ নিয়মীয়া খৰচৰ ধন পৰিশোধ কৰা নাছিল। তেওঁ কয়, “নাটোৰ অনুৰাগীসকলে মনত ৰখা ভাল যে মই অহাৰ আগতে তেওঁলোকৰ জিডিপি মাত্ৰ ২ শতাংশ আছিল। আমেৰিকাই মূৰ্খৰ দৰে তেওঁলোকৰ বিলসমূহ পৰিশোধ কৰি আছিল। কিন্তু মোৰ হেঁচাত এতিয়া তেওঁলোকৰ জিডিপি ৫ শতাংশলৈ বৃদ্ধি পাইছে আৰু তেওঁলোকে ধন পৰিশোধ কৰিবলৈ বাধ্য হৈছে।”
ট্ৰাম্পে আনকি দাবী কৰে যে তেওঁৰ ব্যক্তিগত হস্তক্ষেপৰ বাবেই এতিয়ালৈকে ইউক্ৰেইন সম্পূৰ্ণৰূপে ৰাছিয়াৰ দখললৈ যোৱা নাই।
নোবেল শান্তি বঁটা লাভ নকৰাক লৈ অসন্তুষ্টি
কেৱল নাটোক সমালোচনা কৰাই নহয়, ২০২৫ চনৰ নোবেল শান্তি বঁটা লাভ নকৰাক লৈও ক্ষোভ উজাৰিছে ট্ৰাম্পে। তেওঁ দাবী কৰে যে তেওঁ একক প্ৰচেষ্টাৰে আঠখনকৈ যুদ্ধৰ সমাপ্তি ঘটাইছিল। নৰৱে’ চৰকাৰক কটাক্ষ কৰি তেওঁ কয়, “নাটোৰ সদস্য দেশ হোৱা সত্ত্বেও নৰৱে’ই মোক নোবেল বঁটা নিদি মূৰ্খামি কৰিলে।”
অৱশ্যে ইমানৰ পিছতো ট্ৰাম্পে কয় যে নাটোৱে আমেৰিকাক সহায় নকৰিলেও আমেৰিকা সদায় মিত্ৰজোঁটৰ কাষত থাকিব। তেওঁৰ মতে, চীন আৰু ৰাছিয়াই কেৱল তেওঁৰ নেতৃত্বত পুনৰ শক্তিশালী হোৱা আমেৰিকাকহে ভয় কৰে।
উৎস- সংবাদ সংস্থা

