ভেনিজুৱেলাৰ পৰা ৫০ নিযুত বেৰেল তেলৰ দাবী ট্ৰাম্পৰ

বিশেষ প্ৰতিবেদন: যোৱা ৩ জানুৱাৰীত আমেৰিকাই দক্ষিণ আমেৰিকাৰ তেলসমৃদ্ধ দেশ ভেনিজুৱেলাত সামৰিক অভিযান চলাই ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক আটক কৰাৰ পাছত দেশখনৰ ৰাজনৈতিক ভৱিষ্যতক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক ডাঙৰ দাবী উত্থাপন কৰিছে। ট্ৰাম্পৰ মতে, ভেনিজুৱেলাৰ বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰে আমেৰিকালৈ ৩০ৰ পৰা ৫০ নিযুত বেৰেল তেল প্ৰেৰণ কৰিব।

মঙলবাৰে ছ’চিয়েল মিডিয়াত দিয়া এটা প’ষ্টত ট্ৰাম্পে লিখে— “মই জনাই সুখী যে ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন কৰ্তৃপক্ষই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৩০ৰ পৰা ৫০ নিযুত বেৰেল উচ্চ মানৰ খাৰুৱা তেল হস্তান্তৰ কৰিব।”

উল্লেখ্য যে, আমেৰিকাৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি, মাদুৰোক আটক কৰা নিশাৰ অভিযানত ৩২ জন কিউবান নাগৰিককে ধৰি কমেও ৭৫ জন লোক নিহত হৈছিল। এই ঘটনাৰ পিছতে ট্ৰাম্পে ঘোষণা কৰিছিল যে আমেৰিকাই এতিয়া ভেনিজুৱেলাৰ শাসনভাৰ “চলাব” আৰু আমেৰিকাৰ তেল কোম্পানীসমূহে দেশখনত পুনৰ বিনিয়োগ আৰম্ভ কৰিব। অৱশ্যে পৰৱৰ্তী সময়ত আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই স্পষ্টীকৰণ দি কয় যে আমেৰিকাই ভেনিজুৱেলাক পোনপটীয়াকৈ “শাসন” কৰিব বিচৰা নাই, বৰঞ্চ অৰ্থনৈতিক নিষেধাজ্ঞা আৰু সাগৰীয় পথত অৱৰোধৰ জৰিয়তে পৰিৱৰ্তন আনিব বিচাৰিছে। বৰ্তমান ভেনিজুৱেলালৈ যোৱা আৰু তাৰ পৰা ওলাই অহা তেল টেংকাৰবোৰৰ ওপৰত এই অৱৰোধ বলবৎ আছে।

মঙলবাৰৰ প’ষ্টটোত ট্ৰাম্পে উল্লেখ কৰে যে ভেনিজুৱেলাৰ পৰা অহা এই তেল বজাৰ দৰত বিক্ৰী কৰা হ’ব আৰু ইয়াৰ পৰা পোৱা ধনৰাশি তেওঁৰ তত্ত্বাৱধানত থাকিব। এই ধন ভেনেজুৱেলা আৰু আমেৰিকাৰ জনসাধাৰণৰ হিতৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি তেওঁ দাবী কৰে। কিন্তু ভেনিজুৱেলাই ইয়াৰ বিনিময়ত কি পাব বা কেতিয়া এই তেল পঠোৱা হ’ব, সেই বিষয়ে ট্ৰাম্পে সবিশেষ একো জনোৱা নাই।

 

ভেনিজুৱেলাৰ প্ৰতিক্ৰিয়া

ইপিনে, এএফপিৰ বাতৰি অনুসৰি, ভেনেজুৱেলাৰ অন্তৱৰ্তীকালীন নেত্ৰী ডেলচি ৰডৰিগজে স্পষ্ট কৰি দিছে যে কোনো বিদেশী শক্তিয়ে তেওঁৰ দেশ শাসন কৰা নাই। ট্ৰাম্পৰ সৈতে সহযোগিতাৰ ক্ষেত্ৰত ৰডৰিগজে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে।

আমেৰিকাৰ আক্ৰমণৰ তিনি দিন পিছত ৰডৰিগজে কৈছিল, “আমাৰ দেশত ভেনিজুৱেলা চৰকাৰৰহে শাসন চলিছে। ভেনিজুৱেলাক কোনো বিদেশী এজেণ্টে শাসন কৰা নাই।”

আনহাতে, ট্ৰাম্পে দাবী কৰিছে যে ৱাশ্বিংটনহে বৰ্তমান কেৰিবিয়ান দেশখনৰ “দায়িত্বত” আছে। অৱশ্যে তেওঁ কৈছে যে যদি ৰডৰিগজে তেওঁৰ দাবী মানি লৈ তেলৰ ভাণ্ডাৰ ব্যৱহাৰৰ অনুমতি দিয়ে, তেন্তে তেওঁ ৰডৰিগজৰ সৈতে কাম কৰিবলৈ সাজু। তেল পৰিবহণৰ বাবে ইতিমধ্যে আমেৰিকাৰ শক্তি সচিব ক্ৰিছ ৰাইটক নিৰ্দেশ দিয়া বুলিও ট্ৰাম্পে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, বিশ্বৰ সৰ্ববৃহৎ প্ৰমাণিত তেলৰ ভাণ্ডাৰ থকা ভেনিজুৱেলাই বৰ্তমান দৈনিক এক নিযুত বেৰেলতকৈও কম তেল উৎপাদন কৰে। বৰ্তমানৰ বজাৰ দৰত ট্ৰাম্পে দাবী কৰা ৫০ নিযুত বেৰেল তেলৰ মূল্য প্ৰায় ৩ বিলিয়ন ডলাৰ (৩০০ কোটি ডলাৰ) হ’ব।

‘নাৰ্কো-টেৰৰিজম’ৰ অভিযোগত বন্দী মাদুৰো

ইয়াৰ পূৰ্বে ৰডৰিগজে কৈছিল যে মাদুৰোৱেই দেশখনৰ একমাত্ৰ বৈধ ৰাষ্ট্ৰপতি। বৰ্তমান মাদুৰো আমেৰিকাৰ জিম্মাত আছে আৰু তেওঁৰ বিৰুদ্ধে “নাৰ্কো-টেৰৰিজম” বা মাদক দ্ৰব্য সৰবৰাহ আৰু সন্ত্ৰাসবাদৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে।

৫ জানুৱাৰীত ভেনেজুৱেলাৰ উচ্চতম ন্যায়ালয়ে ৰডৰিগজক অন্তৱৰ্তীকালীন নেত্ৰী হিচাপে নিযুক্তি দিয়ে। ইয়াৰ পাছতে তেওঁ আমেৰিকাৰ সৈতে সহযোগিতাৰ ইংগিত দি কৈছিল যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় আইনৰ গণ্ডীৰ ভিতৰত থাকি আমেৰিকাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী।

স্মৰ্তব্য যে, ৪ জানুৱাৰীত ট্ৰাম্পে ৰডৰিগজক সকীয়াই দি কৈছিল, “যদি তেওঁ সঠিক কাম নকৰে, তেন্তে তেওঁ ইয়াৰ বাবে ডাঙৰ মূল্য ভৰিব লাগিব, যিটো হয়তো মাদুৰোতকৈও ভয়ংকৰ হ’ব।”

উৎস– সংবাদ সংস্থা 

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x