বাংগালুৰু-কৰ্ণাটক আৰু কেৰালাৰ সম্পৰ্কত চলি থকা অৰিয়াঅৰিৰ মাজতে নতুনকৈ আন এক বিবাদে মূৰ দাঙি উঠিছে। কৰ্ণাটক চৰকাৰে ‘মালায়ালম ভাষা বিধেয়ক, ২০২৫’ৰ তীব্ৰ বিৰোধিতা কৰিছে, যিখন বিধেয়কত কেৰালাৰ প্ৰতিখন বিদ্যালয়তে মালায়ালম ভাষাক প্ৰথম ভাষা হিচাপে বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ লোৱা হৈছে।
এই সন্দৰ্ভত কৰ্ণাটকৰ এটা সঁজাতী দলে কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক সাক্ষাৎ কৰি বিধেয়কখনত অনুমোদন নিদি একেবাৰে খাৰিজ কৰিবলৈ দাবী জনাইছে।
কৰ্ণাটক চৰকাৰৰ স্পষ্ট মত— এই বিধেয়কখন ‘অসাংবিধানিক’। ই কেৰালাত বাস কৰা কন্নড় ভাষী সংখ্যালঘুসকলৰ, বিশেষকৈ সীমান্তৱৰ্তী জিলা কাচাৰগোড়ত বাস কৰা লোকসকলৰ, স্বাৰ্থত আঘাত সানিব।
বুধবাৰে কাচাৰগোড়ত কৰ্ণাটক চৰকাৰৰ হৈ ‘কৰ্ণাটক সীমান্ত অঞ্চল উন্নয়ন প্ৰাধিকৰণ’-ৰ এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰে আৰু বিধেয়কখনৰ বিৰোধিতাৰে এখন স্মাৰকপত্ৰ প্ৰদান কৰে। উল্লেখ্য যে, ২০১৭ চনতো অনুৰূপ এখন বিধেয়ক কেৰালা চৰকাৰে আনিছিল যদিও ৰাষ্ট্ৰপতিয়ে সেয়া নাকচ কৰিছিল।
‘কাচাৰগোড়ক ৰেহাই দিয়ক’
ৰাজ্যপাললৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা হৈছে, “কেৰালা বিধানসভাই শেহতীয়াকৈ ‘মালায়ালম ভাষা বিধেয়ক, ২০২৫’ গৃহীত কৰি আপোনাৰ সন্মতিৰ বাবে প্ৰেৰণ কৰিছে। এই বিধেয়কখন ২০১৭ চনৰ বাতিল হোৱা বিধেয়কখনৰ সৈতে একেই।”
প্ৰতিনিধি দলটোৰ নেতৃত্বত থকা প্ৰাধিকৰণৰ সচিব প্ৰকাশ মাট্টিহাল্লিয়ে কয়, “আমি বিচাৰো কাচাৰগোড়ক এই বিধেয়কৰ আওতাৰ পৰা মুক্ত ৰখা হওক, কাৰণ তাত ৭০ শতাংশতকৈও অধিক লোকে কন্নড় ভাষা কয়। সংবিধানৰ অনুচ্ছেদ ৩৫০ আৰু ৩৫০(ক) অনুসৰি, ভাষিক সংখ্যালঘুৰ অধিকাৰ ৰক্ষা কৰাটো চৰকাৰৰ সাংবিধানিক দায়িত্ব। এই বিধেয়কখনে সেই অধিকাৰ খৰ্ব কৰিছে।”
তেওঁ জানিবলৈ দিয়া মতে, ৰাজ্যপাল আৰ্লেকাৰে তেওঁলোকৰ আবেদন গুৰুত্বসহকাৰে বিবেচনা কৰাৰ আশ্বাস দিছে।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বেংগালুৰুৰ কোগিলু লেআউটত হোৱা উচ্ছেদ অভিযানক লৈ দুয়োখন ৰাজ্যৰ মাজত বাক-যুদ্ধ চলি আছিল। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে উক্ত ঘটনাক “বুলডজাৰৰ শাসনৰ বৰ্বৰ স্বাভাৱিকীকৰণ” বুলি সমালোচনা কৰিছিল। সেই উত্তপ্ত পৰিস্থিতি মাৰ নাযাওঁতেই ভাষাক লৈ সৃষ্টি হোৱা বিবাদে পৰিস্থিতি অধিক জটিল কৰি তুলিছে।
বিধেয়কখনৰ ত্ৰুটি আঙুলিয়াই দি কৰ্ণাটক চৰকাৰে কয়, “ধাৰা ২(৬) অনুসৰি কেৰালাৰ সকলো চৰকাৰী আৰু সাহায্যপ্ৰাপ্ত বিদ্যালয়ত দশম শ্ৰেণীলৈকে মালায়ালম বাধ্যতামূলক কৰা হৈছে। কিন্তু কাচাৰগোড়ৰ দৰে কন্নড় ভাষী অঞ্চলত ছাত্ৰ-ছাত্ৰীয়ে কন্নড়ক প্ৰথম ভাষা আৰু আন এটা ভাষাক দ্বিতীয় ভাষা হিচাপে অধ্যয়ন কৰি আহিছে। এতিয়া এই বিধেয়কে তেওঁলোকক বিপদত পেলাব।”
উৎস- সংবাদ সংস্থা

