কলম্বিয়াক লৈ স্থিতি সলনি ট্ৰাম্পৰ: পেট্ৰ’ক হোৱাইট হাউছলৈ নিমন্ত্ৰণ

বিশেষ প্ৰতিবেদন– কলম্বিয়াক সামৰিক অভিযানৰ ভাবুকি দিয়াৰ মাত্ৰ কেইদিনমান পিছতেই, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বুধবাৰে জনায় যে দুই নেতাৰ মাজত হোৱা এক টেলিফ’নিক বাৰ্তালাপৰ পিছত কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ৰ হোৱাইট হাউচ ভ্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। যোৱা দেওবাৰে ট্ৰাম্পে কলম্বিয়া চৰকাৰৰ বিৰুদ্ধে আমেৰিকাৰ সামৰিক অভিযানৰ ধাৰণাটো তেওঁৰ বাবে “ভাল খবৰ” বুলি কোৱাৰ পিছত এয়া আছিল দুই নেতাৰ মাজত প্ৰথমটো বাৰ্তালাপ। এই ভাবুকিৰ পূৰ্বে ট্ৰাম্পৰ নিৰ্দেশত চুবুৰীয়া দেশ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযান চলাই তেওঁক ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰৰ গোচৰৰ সন্মুখীন কৰিবলৈ আমেৰিকালৈ লৈ যোৱা হৈছিল।

ট্ৰাম্পে ছচিয়েল মিডিয়াত এইদৰে লিখে, “কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ৰ সৈতে কথা পাতি মই অতি গৌৰৱান্বিত। তেওঁ ড্ৰাগছ পৰিস্থিতি আৰু আমাৰ মাজত থকা অন্যান্য মতানৈক্যৰ বিষয়ে বুজাবলৈ ফোন কৰিছিল। মই তেওঁৰ ফোন আৰু কথা কোৱাৰ ধৰণক আদৰণি জনাইছোঁ আৰু নিকট ভৱিষ্যতে তেওঁক লগ পাবলৈ আশা কৰিছোঁ।” ।

ট্ৰাম্পে লগতে কয় যে কলম্বিয়াৰ প্ৰথমগৰাকী বাওঁপন্থী ৰাষ্ট্ৰপতি পেট্ৰ’ৰ সৈতে ৱাশ্বিংটনত এক বৈঠকৰ বাবে “ব্যৱস্থা কৰা হৈছে”, যদিও বৈঠকৰ কোনো নিৰ্দিষ্ট দিন তেওঁ উল্লেখ কৰা নাই।

কলম্বিয়াৰ সাৰ্বভৌমত্ব উদযাপনৰ উদ্দেশ্যে বগোতাত আয়োজিত এক সমাৱেশত সমৰ্থকসকলক সম্বোধন কৰি পেট্ৰ’ৱে কয়, “তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ পিছত এইবাৰেই আমি প্ৰথমবাৰৰ বাবে ফোনত কথা পাতিছোঁ।” । তেওঁ লগতে কয় যে তেওঁ দুই দেশৰ মাজত পুনৰ আলোচনা আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছে।

২০২৫ চনৰ জানুৱাৰীত ট্ৰাম্প হোৱাইট হাউচলৈ ঘূৰি অহাৰ পিছৰে পৰা ট্ৰাম্প আৰু পেট্ৰ’ৰ মাজৰ সম্পৰ্ক অতি শীতল হৈ আছিল। কোনো প্ৰমাণ নোহোৱাকৈয়ে ট্ৰাম্পে বাৰে বাৰে পেট্ৰ’ চৰকাৰক আমেৰিকালৈ ড্ৰাগছ সৰবৰাহ কৰাত সহায় কৰা বুলি অভিযোগ কৰি আহিছে আৰু যোৱা অক্টোবৰত কলম্বিয়াৰ নেতাগৰাকীৰ ওপৰত নিষেধাজ্ঞাও আৰোপ কৰিছিল।

যোৱা দেওবাৰে ট্ৰাম্পে পেট্ৰ’ক “এজন অসুস্থ মানুহ, যিয়ে ক’কেইন তৈয়াৰ কৰি আমেৰিকাত বিক্ৰী কৰি ভাল পায়” বুলি অভিহিত কৰিছিল। ইফালে, যোৱা ছেপ্টেম্বৰত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ পিছত পেট্ৰ’ৱে এক পেলেষ্টাইন সমৰ্থক প্ৰতিবাদত অংশ লৈ আমেৰিকান সৈন্যসকলক “ট্ৰাম্পৰ নিৰ্দেশ অমান্য কৰিবলৈ” আহ্বান জনোৱাৰ পিছত আমেৰিকাই তেওঁৰ ভিছা বাতিল কৰিছিল।

গাজাত ইজৰাইলৰ যুদ্ধৰ তীব্ৰ বিৰোধিতা কৰি অহা পেট্ৰ’ৱে ট্ৰাম্পক গাজাত “গণহত্যাৰ সহযোগী” বুলি অভিযুক্ত কৰিছিল আৰু কেৰিবিয়ান সাগৰত ড্ৰাগছ কঢ়িওৱাৰ সন্দেহত চলোৱা আমেৰিকান মিছাইল আক্ৰমণৰ বিৰুদ্ধে “ফৌজদাৰী কাৰ্যবিধি” চলোৱাৰো আহ্বান জনাইছিল।

উল্লেখনীয় যে ছেপ্টেম্বৰ মাহৰ পৰা ট্ৰাম্প প্ৰশাসনে সন্দেহযুক্ত ড্ৰাগছবাহী নাওবোৰৰ বিৰুদ্ধে ৩০ তকৈও অধিক আক্ৰমণ চলাইছে, য’ত এতিয়ালৈকে অন্ততঃ ১১০ জন লোক নিহত হৈছে।

উৎস- সংবাদ সংস্থা

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x