বিশেষ প্ৰতিবেদন-আমেৰিকাৰ সামৰিক বাহিনীয়ে ভেনিজুৱেলাত অভিযান চলাই ক্ষমতাচ্যুত নেতা নিকোলাছ মাডুৰোক বন্দী কৰাৰ পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ৰ মাজত উত্তেজনা তীব্ৰতৰ হৈ পৰিছে। পেট্ৰ’ৱে ৰিপাব্লিকান নেতাজনক প্ৰত্যাহ্বান জনাই এক বিবৃতিত কয়, “আহি মোক লৈ যোৱাহি, মই তোমাৰ বাবে অপেক্ষা কৰি আছোঁ।” ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কলম্বিয়াৰ বিৰুদ্ধেও অনুৰূপ ব্যৱস্থা গ্ৰহণৰ ভাবুকি দি দক্ষিণ আমেৰিকাৰ দেশখন “অতি অসুস্থ” বুলি কোৱাৰ পিছতেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে।
কলম্বিয়াৰ নেতাজনক লক্ষ্য কৰি ট্ৰাম্পে কয়, “কলম্বিয়া এজন অসুস্থ মানুহৰ দ্বাৰা পৰিচালিত হৈছে যিয়ে ক’কেইন তৈয়াৰ কৰি আমেৰিকাত বিক্ৰী কৰি ভাল পায়।” আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, “পেট্ৰ’ৰ ক’কেইনৰ কল-কাৰখানা আছে আৰু তেওঁ এই কাম বেছিদিন কৰিব নোৱাৰিব।”
ইয়াৰ প্ৰত্যুত্তৰত ‘এক্স’ত কৰা এটা পোষ্টত গুস্তাভো পেট্ৰ’ৱে লিখিছে, “মিষ্টাৰ ৰুবিঅ’ৰ (Mr. Rubio) কথা ক’বলৈ গ’লে, তেওঁ কৈছে যে কলম্বিয়াৰ কৰ্তৃপক্ষই সহযোগিতা কৰিব বিচাৰে কিন্তু ৰাষ্ট্ৰপতিয়ে নিবিচাৰে; মই তেওঁক কলম্বিয়াৰ সংবিধান পঢ়িবলৈ অনুৰোধ জনাইছোঁ কাৰণ তেওঁৰ তথ্য সম্পূৰ্ণ ভুল। এয়া মাফিয়াৰ সৈতে পাৰিবাৰিক বা ব্যৱসায়িকভাৱে জড়িত কলম্বিয়াৰ ৰাজনীতিবিদসকলৰ স্বাৰ্থৰ ফচল, যিসকলে বিচাৰে যে আমেৰিকা আৰু কলম্বিয়াৰ সম্পৰ্ক ভাঙি যাওক যাতে বিশ্বত মাদক দ্ৰব্যৰ ব্যৱসায় বিস্ফোৰক হাৰত বৃদ্ধি পায়।”
কলম্বিয়া বিশ্বৰ সৰ্ববৃহৎ ক’কেইন উৎপাদনকাৰী দেশ হ’লেও ২০২২ চনত নিৰ্বাচিত হোৱা ৰাষ্ট্ৰপতি পেট্ৰ’ অবৈধ ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ কোনো প্ৰমাণ ট্ৰাম্পৰ দাবীৰ বিপৰীতে পোৱা হোৱা নাই। কলম্বিয়া, ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুঁজত আমেৰিকাৰ অংশীদাৰ আছিল যদিও যোৱা বছৰ ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত দুই দেশৰ সম্পৰ্ক নাটকীয়ভাৱে সলনি হৈছে।
ইফালে, ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে বগোটাৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা পেট্ৰ’ৱে কয়, “মই শপত লৈছিলোঁ যে পুনৰ কেতিয়াও অস্ত্ৰ স্পৰ্শ নকৰোঁ… কিন্তু দেশৰ বাবে মই পুনৰ অস্ত্ৰ তুলি ল’ম… আহি মোক লৈ যোৱাহি। মই ইয়াতেই তোমাৰ বাবে অপেক্ষা কৰি আছোঁ। মোক ভাবুকি নিদিবা, তুমি বিচাৰিলে মই ইয়াতেই ৰৈ থাকিম।”
যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত কলম্বিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আমেৰিকান সৈন্যসকলক অবৈধ নিৰ্দেশ অমান্য কৰিবলৈ আহ্বান জনোৱাৰ পিছত আমেৰিকাই পেট্ৰ’ৰ ভিছা বাতিল কৰিছিল। ‘দ্য গাৰ্ডিয়ান’ৰ বাতৰি অনুসৰি, ট্ৰাম্প প্রশাসনে কলম্বিয়াৰ নেতাগৰাকীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি অক্টোবৰ মাহত পেট্ৰ’, তেওঁৰ পত্নী আৰু কেইবাজনো ঘনিষ্ঠ সহযোগীৰ ওপৰত আৰ্থিক নিষেধাজ্ঞা আৰোপ কৰিছিল।
উল্লেখযোগ্য যে, আমেৰিকাৰ সামৰিক বাহিনীৰ হাতত বন্দী হোৱাৰ কেইমাহমান পূৰ্বে ৬৩ বছৰীয়া ভেনিজুৱেলাৰ নেতাগৰাকীয়েও ৰাষ্ট্ৰপতি ট্ৰাম্পক এক অগ্নিবৰ্ষী ভাষণেৰে প্ৰত্যাহ্বান জনাইছিল। আগষ্ট মাহৰ এক ভাষণত নিকোলাছ মাডুৰোৱে কৈছিল, “আহি মোক লৈ যোৱাহি। মই মিৰাফ্লোৰেছত তেওঁৰ বাবে অপেক্ষা কৰিম। পলম নকৰিবা, কাপুৰুষ।”
উৎস- সংবাদ সংস্থা

