বিশেষ প্ৰতিবেদন- ইলন মাস্কৰ মালিকানাধীন ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’-এ (পূৰ্বৰ টুইটাৰ) ইয়াৰ বিল্ট-ইন এ আই চ্যাটবট ‘গ্ৰ’ক’ ব্যৱহাৰ কৰি অবৈধ সমল প্ৰস্তুত নকৰিবলৈ ব্যৱহাৰকাৰীসকলক সকীয়াই দিছে। ইয়াৰ কেইদিনমান পূৰ্বে ভাৰত চৰকাৰে গ্ৰ’কৰ অপব্যৱহাৰ সম্পৰ্কীয় কাৰিকৰী তথ্য বিচাৰি এক্সলৈ জাননী প্ৰেৰণ কৰিছিল।
দেওবাৰে, ৪ জানুৱাৰীত এক্সৰ সুৰক্ষা দলে এটা পোষ্টত কয়, “যিজনে গ্ৰ’ক ব্যৱহাৰ কৰি অবৈধ সমল তৈয়াৰ কৰিব, তেওঁ একেধৰণৰ পৰিণাম ভোগ কৰিব লাগিব যিটো কোনোবাই অবৈধ সমল আপলোড কৰিলে ভোগ কৰিব লাগে।”
ইলন মাস্কৰ এআই ষ্টাৰ্টআপ xAI-ৰ নীতি অনুসৰি শিশুৰ যৌন নিৰ্যাতনমূলক সমল (CSAM) বা তেনে ধৰণৰ যিকোনো অবৈধ কাৰ্যকলাপ কঠোৰভাৱে নিষিদ্ধ।
যোৱা এসপ্তাহত এক্সৰ কেইবাজনো ব্যৱহাৰকাৰীয়ে মহিলাসকলৰ ফটো গ্ৰ’কক টেগ কৰি তেওঁলোকৰ আপত্তিকৰ ফটো বা নগ্ন ফটো তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিছিল। গ্ৰ’ক এ আই-এ এই অনুৰোধসমূহ পালন কৰি চেলিব্ৰিটি আৰু সাধাৰণ মহিলাৰ লগতে আনকি শিশুৰো সন্মতিবিহীন যৌন চিত্ৰ প্ৰস্তুত কৰিছিল।
এক্সৰ সুৰক্ষা দলে জনাইছে যে তেওঁলোকে এনে অবৈধ সমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে, যাৰ ভিতৰত আছে সমল আঁতৰোৱা, একাউণ্ট স্থায়ীভাৱে বন্ধ কৰা আৰু প্ৰয়োজন সাপেক্ষে স্থানীয় চৰকাৰ তথা আইন বলবৎকাৰী সংস্থাৰ সৈতে কাম কৰা।
গ্ৰ’ক পূৰ্বেও কেইবাবাৰো বিতৰ্কত সোমাই পৰিছে। যোৱা বছৰ ভাৰতত ইয়াৰ ‘আনহিন্জড’ (unhinged) মোডৰ বাবে হুলস্থুলৰ সৃষ্টি হৈছিল, যেতিয়া চ্যাটবটটোৱে হিন্দী গালি-গালাজ আৰু নাৰীবিদ্বেষী শব্দ ব্যৱহাৰ কৰিছিল। ই ইয়াৰ পূৰ্বে হিটলাৰৰ প্ৰশংসা কৰা বা বিভিন্ন ষড়যন্ত্ৰমূলক তথ্য বিয়পোৱাৰ বাবেও অভিযুক্ত হৈছিল। কিন্তু গ্ৰ’কৰ দ্বাৰা বৃহৎ পৰিসৰত ছবি প্ৰস্তুত কৰাৰ ক্ষমতাৰ অপব্যৱহাৰ হোৱাৰ এয়া প্ৰথমটো ঘটনা।
মহিলাসকলৰ আপত্তিকৰ ছবি আৰু ভিডিঅ’ প্ৰস্তুত কৰিবলৈ গ্ৰ’কৰ এই অপব্যৱহাৰক গুৰুত্বসহকাৰে লৈ ভাৰতৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ‘এক্স’লৈ এক নিৰ্দেশনা প্ৰেৰণ কৰিছে। মন্ত্ৰালয়ে অভিযোগ কৰিছে যে প্লেটফৰ্মটোৱে দেশৰ আইন মানি চলা নাই আৰু উপযুক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে।
তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ‘এক্স’ক ৭২ ঘণ্টাৰ ভিতৰত এক বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। এই প্ৰতিবেদনত গ্ৰ’ক এ আই সম্পৰ্কীয় কাৰিকৰী আৰু সাংগঠনিক ব্যৱস্থা, ভাৰতৰ মুখ্য কমপ্লায়েন্স অফিচাৰৰ ভূমিকা আৰু দোষী ব্যৱহাৰকাৰী তথা একাউণ্টৰ বিৰুদ্ধে লোৱা ব্যৱস্থাৰ তথ্য থাকিব লাগিব।
প্ৰযুক্তি মন্ত্ৰালয়ে কোম্পানীটোক গ্ৰ’ক এআইৰ (Grok AI) প্ৰম্পট-প্ৰচেছিং (নিৰ্দেশ পৰিচালনা), আউটপুট জেনেৰেচন (ফলাফল প্ৰস্তুতকৰণ), আৰু ছবি পৰিচালনা তথা সুৰক্ষা ব্যৱস্থাৰ এক সামগ্ৰিক কাৰিকৰী, প্ৰক্ৰিয়াগত আৰু শাসন-স্তৰীয় পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ উদ্দেশ্য হৈছে ইয়াটো নিশ্চিত কৰা যাতে এপ্লিকেচনটোৱে নগ্নতা, যৌনতাকৰণ, স্পষ্ট যৌন সমল বা অন্য কোনো বেআইনী সামগ্ৰী প্ৰস্তুত, প্ৰচাৰ বা সহজ কৰি নুতুলে।
তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ এই হস্তক্ষেপৰ কেইদিনমান পূৰ্বে শিৱসেনা (ইউবিটি) সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ এখন পত্ৰ লিখিছিল। পত্ৰখনত তেওঁ মহিলাসকলৰ এনে ধৰণৰ (আপত্তিকৰ) ছবি প্ৰস্তুত কৰিবলৈ গ্ৰ’কৰ অপব্যৱহাৰ হোৱা বিষয়টো উল্লেখ কৰিছিল।
উৎস- সংবাদ সংস্থা

