বিষ্ণুপুৰৰ বিস্ফোৰণৰ তদন্তৰ দায়িত্ব এন আই এক অৰ্পণ মণিপুৰ চৰকাৰৰ

 

ইম্ফল: মণিপুৰৰ বিষ্ণুপুৰ জিলাত শেহতীয়াকৈ সংঘটিত দুটাকৈ বোমা বিস্ফোৰণৰ তদন্তৰ ভাৰ ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা বা ‘এন আই এ’ ৰ হাতত অৰ্পণ কৰিছে। মঙলবাৰে চৰকাৰী বিষয়াসকলে সদৰী কৰে এই কথা।

উল্লেখ্য যে, যোৱা সোমবাৰে ইম্প্ৰভাইজড এক্সপ্ল’চিভ ডিভাইচ (আই ই ডি) ব্যৱহাৰ কৰি ঘটোৱা এই বিস্ফোৰণত এগৰাকী মহিলাসহ দুজন লোক আহত হৈছিল।

জিলাখনৰ এজন শীৰ্ষ বিষয়াই জনোৱা মতে, ঘটনাৰ পাছতে আৰক্ষীৰ মহাপৰিদৰ্শকৰ নেতৃত্বত এটা উচ্চপদস্থ আৰক্ষীৰ দলে পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয়। বিষ্ণুপুৰ আৰু চূড়াচান্দপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত এই বিস্ফোৰণ ঘটিছিল। অপৰাধীক বিচাৰি বৰ্তমান অঞ্চলটোত তীব্ৰ তালাচী অভিযান অব্যাহত ৰখা হৈছে।

আনহাতে, ২০২৩ চনৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়ত জনশূন্য হৈ পৰা স্পৰ্শকাতৰ গাওঁসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।

সোমবাৰে ফৌগাকচাও ইখাই থানাৰ অন্তৰ্গত এনগাউকন গাঁৱৰ এটা পৰিতক্ত বাসগৃহত প্ৰথমটো বিস্ফোৰণ ঘটে। ঘৰটোৰ গৰাকী বৰ্তমান পৰিয়ালসহ কেইবুল লামজাওৰ এটা সাহায্য শিবিৰত আশ্ৰয় লৈ আছে।

প্ৰথমটো বিস্ফোৰণৰ স্থানৰ পৰা প্ৰায় ২০০ মিটাৰ নিলগত দ্বিতীয়টো আই ই ডি বিস্ফোৰণ ঘটে। আৰক্ষীৰ তথ্য অনুসৰি, এই ঘটনাত চুইবাম ছানাটোম্বা সিং (৫২) আৰু নংথবাম ইন্দুবালা দেৱী (৩৭) নামৰ দুজন লোক সামান্য আঘাতপ্ৰাপ্ত হয়। বিস্ফোৰণৰ পাছতে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ক্ষুব্ধ জনতাই নিৰাপত্তা বাহিনীৰ এটা অস্থায়ী বাংকাৰ ভাঙি পেলায়। কেন্দ্ৰীয় তথা ৰাজ্যিক নিৰাপত্তা সংস্থাই কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত স্থানীয় লোকসকল জাঙুৰ খাই উঠে।

 

নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে 

চৰকাৰী মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, উগ্ৰপন্থীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। সীমান্তৱৰ্তী আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰন্তৰ তালাচী চলোৱাৰ লগতে আধিপত্য বজায় ৰাখিবলৈ অভিযান চলাই থকা হৈছে।

“অবৈধ সামগ্ৰী আৰু সন্দেহজনক লোকৰ চলাচল ৰোধ কৰিবলৈ আমি ইম্ফল উপত্যকা আৰু পাহাৰীয়া অঞ্চলত ১১৪ টা নাকা বা চেকপইণ্ট বহুৱাইছোঁ। ইয়াৰ উপৰিও দুটা প্ৰধান ঘাইপথেৰে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা বাহনবোৰৰ নিৰাপত্তাৰ বাবে এস্ক’ৰ্টৰ ব্যৱস্থা কৰা হৈছে,” বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে।

 

উৎস- সংবাদ সংস্থা 

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Scroll to Top
0
Would love your thoughts, please comment.x
()
x