তেহৰান: ইৰাণৰ শোচনীয় অৰ্থনীতিক লৈ ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে মঙলবাৰে তেহৰানৰ গ্ৰেণ্ড বজাৰত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, অৱশেষত নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ কৰি প্ৰতিবাদকাৰীসকলক খেদি পঠিয়ায় আৰু বজাৰখন বন্ধ হৈ পৰাৰ উপক্ৰম হয় ।
শতিকাজুৰি ইৰাণৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক জীৱনৰ কেন্দ্ৰবিন্দু হৈ থকা এই গ্ৰেণ্ড বজাৰৰ প্ৰতিবাদে দেশখনত বিক্ষোভ অব্যাহত থকাৰ সম্ভাৱনাৰ কথা ইংগিত কৰে । মঙলবাৰে ইৰাণৰ মুদ্ৰা ‘ৰিয়াল’ৰ মূল্য সৰ্বকালৰ সৰ্বনিম্ন স্তৰলৈ হ্ৰাস পায়। বিদেশত থকা কৰ্মীসকলৰ মতে, প্ৰতিবাদক কেন্দ্ৰ কৰি হোৱা হিংসাত্মক ঘটনাত ইতিমধ্যে কমেও ৩৫ জন লোকৰ মৃত্যু হৈছে আৰু কৰ্তৃপক্ষই ১,২০০ ৰো অধিক লোকক আটক কৰিছে।
ইফালে, পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। কিয়নো ইৰাণৰ কেন্দ্ৰীয় বেংকে আমদানিকাৰী আৰু উৎপাদকসকলক ডলাৰৰ বিপৰীতে দি থকা ৰাজসাহায্যযুক্ত বিনিময় হাৰ যথেষ্ট হ্ৰাস কৰিছে। ইয়াৰ ফলত ব্যৱসায়ীসকলে সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বোজা পোনপটীয়াকৈ গ্ৰাহকৰ ওপৰত জাপি দিব। আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞাৰ বাবে ইৰাণৰ জনসাধাৰণৰ জীৱনৰ সঞ্চয় ইতিমধ্যে বছৰ বছৰ ধৰি কমি আহিছে।
ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশকিয়ানে মঙলবাৰে ইংগিত দিয়ে যে এই সংকট দ্ৰুতগতিত চৰকাৰী বিষয়াৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব পাৰে। এক টেলিভিছন ভাষণত পেজেশকিয়ানে কয়, “চৰকাৰে অকলে এই সকলোবোৰ চম্ভালিব বুলি আমি আশা কৰা উচিত নহয়।”
অনলাইনত প্ৰচাৰিত ভিডিঅ’ আৰু প্ৰত্যক্ষদৰ্শীৰ বৰ্ণনা অনুসৰি, গ্ৰেণ্ড বজাৰৰ একা-বেঁকা অলি-গলিবোৰত প্ৰতিবাদকাৰীসকলে নিৰাপত্তা বাহিনীৰ সন্মুখত বহি পৰে আৰু ওচৰৰ দোকান-পোহাৰবোৰ বন্ধ হৈ যায়। ইয়াৰ পূৰ্বে এজন ব্যক্তি নিৰাপত্তা বাহিনীৰ সন্মুখত অকলে বহি থকা এখন ফটো ভাইৰেল হোৱাৰ পিছত অন্যান্য প্ৰতিবাদৰ স্থানতো মানুহে আৰক্ষীৰ সন্মুখত বহি প্ৰতিবাদ কৰা দেখা গৈছে।
কৰ্তৃপক্ষই পিছত প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ ব্যৱহাৰ কৰে। যোৱা ২৮ ডিচেম্বৰত প্ৰতিবাদ আৰম্ভ হোৱাৰ পৰাই এনে ঘটনা প্ৰায়েই সংঘটিত হৈ পৰা পৰিলক্ষিত হৈছিল যদিও ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে এই ঘটনাৰ কথা তাৎক্ষণিকভাৱে স্বীকাৰ কৰা নাই।
উৎস- সংবাদ সংস্থা

