বিশেষ প্ৰতিবেদন: আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ভাবুকি প্ৰদান কৰাৰ সময়তে ভাৰতৰ আগশাৰীৰ উদ্যোগ প্ৰতিষ্ঠান ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেডে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰ হিচাপে পৰিচিত ৰিলায়েঞ্চৰ জামনগৰ শোধনাগাৰে ২০২৬ চনৰ জানুৱাৰী মাহত ৰাছিয়াৰ পৰা কোনো ধৰণৰ খাৰুৱা তেল আমদানি নকৰে বুলি ঘোষণা কৰিছে।
কোম্পানীটোৱে এক বিবৃতিত সদৰী কৰা মতে, কেৱল জানুৱাৰী মাহতে নহয়, যোৱা তিনি সপ্তাহ ধৰি তেওঁলোকৰ শোধনাগাৰলৈ ৰাছিয়াৰ পৰা কোনো তেলৰ কাৰ্গ অহা নাই। উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ২০ নৱেম্বৰত (২০২৫) ৰিলায়েঞ্চে তেওঁলোকৰ ৰপ্তানিমুখী গোট বা ‘বিশেষ অৰ্থনৈতিক মণ্ডল’ৰ (SEZ) বাবে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰা বুলি ঘোষণা কৰিছিল।
শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমত ৰাছিয়াৰ তেল কঢ়িয়াই অনা জাহাজ জামনগৰৰ দিশে আগবাঢ়ি অহা বুলি বাতৰি প্ৰকাশ পাইছিল। এই বাতৰিৰ প্ৰতিক্ৰিয়া স্বৰূপেই ৰিলায়েঞ্চে এই স্পষ্টীকৰণ দিছে।
ট্ৰাম্পৰ ভাবুকি আৰু ৰাছিয়াৰ তেল
ৰিলায়েঞ্চৰ এই সিদ্ধান্তৰ আঁৰত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰভাৱ থকা বুলি ধাৰণা কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যোৱা ৪ জানুৱাৰীত মন্তব্য কৰিছিল যে ভাৰতে তেওঁক “সন্তুষ্ট কৰিবলৈ” আৰু আমেৰিকাৰ সৈতে বাণিজ্য চুক্তিৰ স্বাৰ্থত ৰাছিয়াৰ পৰা তেল ক্ৰয় কমাই দিছে। লগতে তেওঁ সতৰ্ক কৰি দিছিল যে যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰাখে, তেন্তে অতি শীঘ্ৰেই ভাৰতৰ ওপৰত অধিক শুল্ক বা ‘টেৰিফ’ জাপি দিয়া হ’ব। মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে ২০২৫ চনৰ আগষ্ট মাহত ৰাছিয়াৰ তেল ক্ৰয়ৰ অজুহাতত ট্ৰাম্পে ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত ২৫ শতাংশ জৰিমনা শুল্ক আৰোপ কৰিছিল।
ৰিলায়েঞ্চৰ লগতে ভাৰতৰ আনটো ব্যক্তিগত খণ্ডৰ শোধনাগাৰ ‘নায়ৰা এনাৰ্জী’য়েও ৰাছিয়াৰ তেল আমদানি হ্ৰাস কৰিছে। নায়ৰা এনাৰ্জীত ৰাছিয়াৰ চৰকাৰী কোম্পানী ‘ৰছনেফট’ৰ মালিকানা থকাৰ বাবে ইউৰোপীয়ান ইউনিয়ন আৰু ব্ৰিটেইনে প্ৰতিষ্ঠানটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল, যাৰ ফলত তেওঁলোকেও আমদানি কমাবলৈ বাধ্য হয়।
চৰকাৰী তথ্যই কি কয়?
ইফালে চৰকাৰৰ শেহতীয়া পৰিসংখ্যাই কিন্তু অন্য এক ছবিহে দাঙি ধৰিছে। তথ্য অনুসৰি, ২০২৫ চনৰ নৱেম্বৰ মাহত ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি হ্ৰাস কৰাৰ পৰিৱৰ্তে বৃদ্ধিহে কৰিছিল। সেই মাহত ভাৰতে ৭.৭ নিযুত টন তেল আমদানি কৰিছিল, যিটো যোৱা ছমাহৰ ভিতৰত সৰ্বাধিক আছিল। আৰু সেই সময়ত ভাৰতৰ মুঠ তেল আমদানিৰ ৩৫.১ শতাংশই ৰাছিয়াৰ পৰা আহিছিল।
এনে পৰিস্থিতিত, ট্ৰাম্পৰ ভাবুকি আৰু চৰকাৰী তথ্যৰ বিপৰীতে দেশৰ সৰ্ববৃহৎ ব্যক্তিগত শোধনাগাৰটোৱে লোৱা এই সিদ্ধান্ত যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
উৎস- সংবাদ সংস্থা
